নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেডিয়েট্রিক আইচিইউ সাজু কৰাৰ নির্দেশ প্রতিখন চিকিৎসালয়ক

ক’ৰোনাৰ তৃতীয় ঢ়ৌৰ শংকা

নিয়মীয়া বাৰ্তা ২৪ জুনঃ ৰাজ্যত ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৰ সংক্রমণ কিছু স্তিমিত হোৱাৰ সময়তে তৃতীয় ঢ়ৌৰ সম্ভাৱনাক লৈ সৃষ্টি হৈছে তীব্র আশংকা৷ ইতিমধ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে তৃতীয় ঢ়ৌৰ বাবে প্রতিখন ৰাজ্যক আগতীয়াকৈ সাজু হ’বলৈ নির্দেশ দিয়াৰ লগতে ইয়াৰ বাবে প্রয়োজনীয় চিকিৎসা আন্তঃগাঁথনি সাজু কৰি তুলিবলৈও পৰামর্শ দিছে৷ মন কৰিবলগীয়া যে ক’ৰোনাৰ তৃতীয় ঢ়ৌৱে সর্বাধিক ১৮ বছৰৰ তলৰ বয়সৰ ল’ৰা–ছোৱালীক আক্রান্ত কৰাৰ সম্ভাৱনাৰ কথা ইতিমধ্যে প্রকাশ কৰিছে বিশেষজ্ঞসকলে৷ এনে অৱস্থাত ১৮ বছৰৰ তলৰ কিশোৰ–কিশোৰী তথা শিশুসকলক লৈ বিশেষভাৱে চিন্তিত হৈ পৰিছে অভিভাৱকসকল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত ইতিমধ্যে সদৰী কৰিছে যে অভিভাৱক তথা জ্যেষ্ঠসকলৰ অসাৱধানতাই তৃতীয় ঢ়ৌৰ সংক্রমণ বৃদ্ধি কৰিব পাৰে৷ সেয়েহে এই দিশত সকলোৱে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰিব লাগিব৷

মুখ্যমন্ত্রীয়ে অৱশ্যে ক’ৰোনাৰ তৃতীয় ঢ়ৌক লৈ চিন্তিত হোৱাৰ প্রয়োজন নাই বুলিও আঙুলিয়াই দিছে৷ কিয়নো ক’ৰোনাই গুৰুতৰভাৱে আক্রান্ত কৰিছে সেইসকল লোকক, যিসকল লোক ডায়েবেটিছ, হূদৰোগ, কিডনী সমস্যা আদিত ভুগি আছে৷ ১৮ বছৰৰ তলৰ শিশুসকল এই ধৰণৰ ৰোগত যিহেতু আক্রান্ত নহয়, শিশুসকল সংক্রমিত হ’লেও বিশেষ চিন্তা কৰিবলগীয়া নাই৷ মুখ্যমন্ত্রীৰ এনে আশ্বাসৰ সমান্তৰালকৈ স্বাস্থ্য বিভাগে তৃতীয় ঢ়ৌৰ সম্ভাৱনাক লৈ সাজু কৰি তুলিছে চিকিৎসালয়ৰ আন্তঃগাঁথনি৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই প্রকাশ কৰা মতে তৃতীয় ঢ়ৌৰ সম্ভাৱনাক আগত ৰাখিয়েই মে’ মাহৰ পৰাই প্রতিখন চিকিৎসালয়ত প্রয়োজনীয় চিকিৎসা ব্যৱস্থা সাজু কৰাৰ কাম আৰম্ভ হৈছে৷

ইতিমধ্যে ৰাজ্যত ৭খন চিকিৎসা মহাবিদ্যালয় হাস্পতালত একোটাকৈ পেডিয়েট্রিক ইণ্টেনছিভ কেয়াৰ ইউনিট (পি আই চি ইউ) নির্মাণৰ কাম আৰম্ভ হৈছে৷ সমান্তৰালভাৱে প্রতিখন জিলাৰ চিকিৎসালয়ত ১০খন বিছনাৰ একোটাকৈ পি আই চি ইউ নির্মাণৰ বাবেও কাম আৰম্ভ হৈছে৷ চলিত মাহৰ ভিতৰতেই প্রতিখন চিকিৎসালয়ত শিশুৰ বাবে পি আই চি ইউ সাজু হৈ উঠিব৷ স্বাস্থ্য বিভাগৰ কার্যসূচীত অনুৰাগ গোৱেলে এই সন্দর্ভত প্রকাশ কৰা মতে ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ ১৮ বছৰ তলৰ বহু শিশু ক’ৰোনাত আক্রান্ত হৈছে৷ আয়ুক্ত সচিবগৰাকীয়ে ইয়াকো উল্লেখ কৰিছে যে দ্বিতীয় ঢ়ৌত আক্রান্ত হোৱাসকলৰ ১০ শতাংশই হ’ল ১৮ বছৰৰ অনূর্ধ্বৰ৷ এই দিশটোৰ প্রতি লক্ষ্য ৰাখি গুৰুতৰভাৱে আক্রান্ত হোৱা শিশুক যাতে জিলা হাস্পতালসমূহতে উন্নত চিকিৎসা প্রদান কৰিব পৰা যায়, তাৰ বাবে জুন মাহৰ শেষ ভাগতে সাজু হৈ উঠিব ১০খন বিছনাৰ একোটা পি আই চি ইউ৷

মন কৰিবলগীয়া যে শেহতীয়াকৈ এন এইচ এমে কেইবাখনো জিলাত ঘৰে ঘৰে গৈ চলোৱা সামূহিক নিৰীক্ষণত ১৮ বছৰৰ তলৰ বহু শিশু ক’ৰোনাত আক্রান্ত হোৱাটো চিনাক্ত কৰিছিল৷ এন এইচ এমে পোৱা এনে তথ্যৰ ভিত্তিতেই স্বাস্থ্য বিভাগক তৃতীয় ঢ়ৌৰ বাবে সাজু হ’বলৈ পৰামর্শ দিছে৷ তৃতীয় ঢ়ৌক লৈ চলি থকা এনে আশংকাৰ মাজতে ক’ৰোনাৰ ডেল্টা প্লাছৰ সংক্রমণক লৈও আৰম্ভ হৈছে আন এক আশংকা৷ এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰীয়াই ডেল্টা প্লাছৰ ৰূপ পৰিৱর্তন হৈ ক’ৰোনাৰ নতুন প্রজাতিৰ সৃষ্টি কৰাৰ লগতে এই ডেল্টা প্লাছে আগন্তুক সময়ছোৱাত মাৰাত্মক পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলিও মন্তব্য কৰিছে৷ সম্ভাব্য এনে শংকাক লৈও স্বাস্থ্য বিভাগে বিশেষ প্রস্তুতি চলোৱাৰ লগতে ভেকচিন প্রদানৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্রতো সর্বাধিক গুৰুত্ব দিছে৷ মুখ্যতঃ তৃতীয় ঢ়ৌৰ আগমনক লৈ স্বাস্থ্য বিভাগে নির্মাণ চলাই থকা পি আই চি ইউ চলিত মাহতেই সাজু হৈ উঠিলে এইক্ষেত্রত কিছু সকাহ পাব বুলি ধাৰণা কৰা হৈছে৷

You might also like