পিএমজিকেৱাইৰ চতুর্থ পর্যায়ত মোদী কেবিনেটৰ অনুমোদন
নৱেম্বৰলৈ ৮০ কোটি লোকলৈ বিনামূলীয়া খাদ্য যোগান
নিয়মীয়া বাৰ্তা ২৪ জুনঃ প্রধানমন্ত্রী গৰীব কল্যাণ যোজনাৰ চতুর্থ পর্যায়ৰ অধীনত খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীক অতিৰিক্ত খাদ্যসামগ্রী অতিৰিক্ত পাঁচ মাহৰ বাবে বিনামূলীয়াকৈ যোগান ধৰাৰ অনুমোদন জনাইছে কেন্দ্রীয় কেবিনেটে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি কেন্দ্রীয় কেবিনেটে পি এম জি কে ৱাইৰ অধীনত হিতাধিকাৰীক অতিৰিক্ত পাঁচ মাহ অহা জুলাইৰ পৰা নৱেম্বৰলৈকে বিনামূলীয়া খাদ্যসামগ্রী যোগান ধৰাৰ সিদ্ধান্তত অনুমোদন জনায়৷ এই পাঁচ মাহত চৰকাৰে প্রতিজন সদস্যৰ বাবে ৫ কিলোগ্রাম বিনামূলীয়া খাদ্যসামগ্রী যোগান ধৰিব৷ ইয়াৰ বাবে মাহিলি ব্যয় হ’ব ৮১.৩৫ কোটি টকা৷ অর্থাৎ ৫ মাহত খাদ্য ৰাজসাহায্যসহ ব্যয় হ’ব ৬৪,০৩১ কোটি টকা৷ উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড–১৯ পৰিস্থিতিক লৈ কিছুদিন পূর্বে দেশবাসীক সম্বোধন কৰাৰ সময়ত দেশৰ ৮০ কোটি লোকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰা হ’ব বুলি ঘোষণা কৰিছিল৷ সেই ঘোষণাৰ পিছতেই কেন্দ্রীয় কেবিনেটে পি এম জি কে ৱাইৰ অধীনত হিতাধিকাৰীক অতিৰিক্ত পাঁচ মাহলৈ বিনামূলীয়া খাদ্যসামগ্রী যোগান ধৰাৰ অনুমোদন জনায়৷ কেন্দ্রীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্রালয়ে হিতাধিকাৰীক বিনামূলীয়া আটা, চাউল যোগান ধৰিব৷