ঋণ পৰিশোধ কৰিব নোৱাৰি পুৰণিগুদামত মহিলাৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ নগাঁও জিলাৰ চামগুৰি থানাৰ অধীনৰ পুৰণিগুদামৰ মূঢ়ানি গাঁৱৰ এগৰাকী মহিলাই বিত্তীয় প্রতিষ্ঠানৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে আত্মহত্যা কৰে৷ গাঁওখনৰ মিনু মজিন্দাৰ নামৰ মহিলাগৰাকীয়ে এটা বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ লৈছিল৷
এই ঋণ লোৱা টকা কাষৰীয়া এগৰাকী মহিলাক ধাৰলৈ দিছিল৷ তেওঁ মহিলাগৰাকীৰ ধনখিনি পৰিশোধ কৰা নাছিল৷ যাৰ বাবে বিত্তীয় প্রতিষ্ঠানৰ ঋণ ঘূৰাই দিব নোৱাৰি আত্মহত্যা কৰে মহিলাগৰাকীয়ে৷ বিত্তীয় প্রতিষ্ঠানৰ কর্মচাৰীয়ে ঋণৰ কিস্তি বিচাৰি হাৰাশাস্তি কৰাৰ বাবে মহিলাগৰাকীয়ে এই পন্থা বাছি ল’ব লগা হয়৷
ইফালে পুৰণিগুদাম নলবৰা গাঁৱৰ বিভাত বৰা(বুল)নামৰ আন এজন লোকে আজি আত্মহত্যা কৰে৷ কালি বিভাত বৰা নামৰ লোকজনক আবকাৰী বিভাগে মদ বিক্রী কৰাৰ সন্দেহত ধৰি নিছিল যদিও নিশালৈ এৰি দিয়ে৷ স্থানীয় সূত্রই প্রকাশ কৰা মতে বিভাত বৰা নামৰ লোকজনে মদৰ ব্যৱসায় কৰা নাছিল৷ সৰু–সুৰা কাম কৰি সুকলমে পৰিয়াল পোহপাল দিয়া এই সৰবৰহী লোকজনৰ মৃত্যুত নলবৰা গাঁৱত শোকৰ ছছা পৰিছে৷