ভাৰতৰ ডেল্টা প্রকৰণ আমেৰিকাৰ প্রত্যাহ্বান
ক’ভিড মহামাৰীৰ সংক্রমণক লৈ ডাঃ ফাউচিৰ পুনৰ সতর্কবাণী
নিয়মীয়া বাৰ্তা ২৪ জুনঃ ক’ৰোনা ভাইৰাছ মহামাৰীৰ ভাৰতত ধৰা পৰা ডেল্টা প্রকৰণে আমেৰিকাৰ বাবে পুনৰ ভয়াৱহ পৰিস্থিতি কঢ়িয়াই আনিব পাৰে৷ আমেৰিকাই ক’ভিড–১৯ মহামাৰীৰ মোকাবিলা কৰাৰ ক্ষেত্রত যি যুঁজ চলাই আছে, ডেল্টা প্রকৰণে তাত সৃষ্টি কৰিব পাৰে তীব্র প্রত্যাহ্বান৷ বিশেষকৈ আমেৰিকাৰ সীমান্তত পৰিস্থিতি অধিক কঠোৰ কৰি নুতুলিলে ডেল্টা প্রকৰণৰ সংক্রমণে পুনৰ সংহাৰ সৃষ্টি কৰিব পাৰে দেশখনত৷ এই আশংকা ব্যক্ত কৰিছে আমেৰিকাৰ সংক্রামক ৰোগ বিশেষজ্ঞ ডাঃ এন্থনী ফাউচিয়ে৷ ফাউচি হৈছে হোৱাইট হাউছৰ চিকিৎসা পৰামর্শদাতা৷
ডেল্টা প্রকৰণৰ সংক্রমণৰ হাৰ অতি বেছি বুলি উল্লেখ কৰিছে বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে৷ মূল ক’ভিড–১৯ প্রকৰণৰ তুলনাত ডেল্টা প্রকৰণে দ্রুত হাৰত সামাজিক সংক্রমণ ঘটাব পাৰে৷ অর্থাৎ যদি এই নতুন প্রকৰণৰ সংক্রমণে আমেৰিকাত সামাজিক সংক্রমণৰ ৰূপ ধাৰণ কৰে, তেন্তে পূর্বতকৈও জটিল হৈ পৰিব পৰিস্থিতি৷ গতিকে ডাঃ ফাউচিয়ে বাইডেন প্রশাসনক এইক্ষেত্রত বিশেষ নজৰ দিবলৈ আহ্বান জনাইছে৷
বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানীয়ে ইতিমধ্যে ক’ভিড–১৯ৰ ডেল্টা প্রকৰণে গোলকীয় ৰূপ ধাৰণ কৰিবলৈ সক্ষম হোৱা বুলি সতর্কবাণী কৰিছে৷ অকল সেয়াই নহয়, সংস্থাটোৰ তৰফৰ পৰা মহামাৰীৰ এই নতুন প্রকৰণৰ মোকাবিলা কৰিবলৈ সকলো দেশকে কঠোৰ প্রট’কল মানি চলিবলৈ আহ্বান জনোৱা হৈছে৷ স্মর্তব্য যে ফাইজাৰ আৰু বায়’এনটেকৰ ভেকচিন ডেল্টা প্রকৰণৰ সংক্রমণ প্রতিৰোধ কৰাৰ ক্ষেত্রত সক্ষম বুলি ফাউচিয়ে ঘোষণা কৰিছে৷ গতিকে নতুন প্রকৰণৰ ভাইৰাছৰ সামাজিক সংক্রমণ প্রতিৰোধ কৰিবলৈ হ’লে সকলো লোককে ভেকচিন প্রদান কৰাৰ প্রয়োজন আছে বুলিও বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে ঘোষণা কৰিছে৷