নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিয়া–মেহুল–নীৰৱ ১৮,১৭০ কোটিৰ সম্পত্তি বাজেয়াপ্ত

নিয়মীয়া বাৰ্তা ২৪ জুনঃ দেশৰ বেংকৰ হাজাৰ হাজাৰ কোটি টকা ঋণ তথা প্রৱঞ্চনাৰ জৰিয়তে সৰকোৱা লিকাৰ বেৰন বিজয় মালিয়া আৰু পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদী–মেহুল ছকচিৰ ১৮ হাজাৰ ১৭০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে এনফ’চমেণ্ট সঞ্চালকালয় (ই ডি)য়ে৷ সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ইতিমধ্যে কেন্দ্রীয় চৰকাৰ তথা ৰাষ্ট্রয়ত্ত বেংকক এই বাজেয়াপ্ত সম্পত্তিৰ ৯,৩৭১.১৭ কোটি টকা হস্তান্তৰ কৰা হৈছে৷ ই ডিৰ তৰফৰ পৰা আজি এগৰাকী জ্যেষ্ঠ বিষয়ববীয়াই ছ’চিয়েল মিডিয়া টুইটাৰযোগে সদৰী কৰিছে এই তথ্য৷ উল্লেখনীয় যে চি বি আয়ে তিনিওজন পলাতক অর্থনৈতিক অপৰাধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতে এনফ’চমেণ্ট সঞ্চালকালয়ে ক্ষিপ্রতাৰে যাৱতীয় ব্যৱস্থা গ্রহণ কৰি এই ধন বাজেয়াপ্ত কৰিবলৈ সক্ষম হৈছে৷ বর্তমান ব্রিটেইনত আছে বিজয় মালিয়া আৰু নীৰৱ মোদী৷

You might also like