নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোদাবৰীৰ তীৰত উদ্ধাৰ ১৫ ছেণ্টিমিটাৰ দৈর্ঘ্যৰ বিশালকায় শামুক

নিয়মীয়া বাৰ্তা ১ জুনঃ অন্ধ্রপ্রদেশৰ উপ্পাদা গাঁৱত গোদাবৰী নদীৰ তীৰলৈ ঢ়ৌৱে উটুৱাই অনা বিশাল শামুক এটা বিক্রী হৈছে ১৮ হাজাৰ টকাত৷ ‘ছাইৰিংছ আৰুৱানছ’ প্রজাতিৰ এই শামুকটো অতি দুষ্প্রাপ্য বুলি উল্লেখ কৰিছে জীৱ বিজ্ঞানীসকলে৷ এ এন আইৰ প্রতিবেদন অনুসৰি সমুদ্রৰ এই দুষ্প্রাপ্য শামুকটো নিলামৰ ব্যৱস্থা কৰা হয়৷ লগে লগে এজন ক্রেতাই ১৮ হাজাৰ টকাৰে ইয়াক ক্রয় কৰে৷ বিশ্বৰ ভিতৰতে স্থল আৰু জলত বিচৰণ কৰা বৃহত্তম এই শামুকটো ১৮ কিলোগ্রাম পর্যন্ত ওজনৰ হ’ব পাৰে৷ গোদাবৰীৰ তীৰত উদ্ধাৰ হোৱা এই শামুকটো দীঘলে ১৫ ছেণ্টিমিটাৰ বুলি উল্লেখ কৰিছে এগৰাকী জীৱ বিজ্ঞানীয়ে৷ ই ৭০ ছেণ্টিমিটাৰ পর্যন্ত দৈর্ঘ্যৰ হ’ব পাৰে বুলি বিজ্ঞানীসকলে মন্তব্য কৰিছে৷

You might also like