নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত বৰষুণত পচিছে ক্রিকেট মেটঃ লাখ লাখ টকাৰ জীমৰ সামগ্রী নষ্ট

নিয়মীয়া বাৰ্তা ২ জুলাইঃ ধেমাজি ষ্টেডিয়ামত বৰষুণত পচিচে ক্রিকেটৰ লাখটকীয়া সামগ্রী৷ এচিএ তথা অসম ক্রিকেট এছ’চিয়েচনে চলিত বর্ষত ধেমাজি অনুষ্ঠিত কৰা ১৯ বছৰ অনূর্ধ্বৰ মাণ্ডলিক পর্যায়ৰ বাছনি ক্রিকেট টুনামেণ্টৰ বাবে ধেমাজি ক্রিকেট এছ’চিয়েচনক দিয়া মেট আৰু টার্পলিন বিগত তিনি–চাৰি মাহ ধৰি অনাদৃত হৈ পৰি থকাত বৰষুণৰ পানী পৰি ডুব গৈ নষ্ট হৈছে৷

এচিএৰ লগতে স্থানীয় দুটা অনুষ্ঠানৰ পৰা গ্রাউণ্ড ঢকাৰ বাবে অনা দুখন বৃহৎ তির্পাল খেলপথাৰৰ বননিত মুকলি আকাশৰ তলত পৰি থকাত তির্পালকেইখনো নষ্ট হয়৷ ফলত উক্ত অনুষ্ঠান দুটাই নষ্ট হোৱা টার্পলিনকেইখন ঘূৰাই ল’বলৈ অস্বীকাৰ কৰি নতুনকৈ কিনি দিয়াৰ বাবে দাবী কৰা বুলি জানিব পৰা গৈছে৷ একেদৰে পিটচ ৰোলাটোও বৰষুণত তিতি নষ্ট হ’ব ধৰিছে৷ বিশিষ্ট নাগৰিক ঘনকৃষ্ণ বৰগোহঁাই সভাপতি আৰু ধেমাজি মহাবিদ্যালয়ৰ অধ্যাপক দিগন্ত হাজৰিকা সম্পাদক হিচাপে থকা জিলাখনত এচিএৰ পঞ্জীয়নভুক্ত এটা ক্রিকেট এছ’চিয়েচন থকাৰ পিছতো এনেদৰে ক্রিকেটৰ মূল্যৱান সম্পত্তি খেলপথাৰৰ মুকলি আকাশৰ তলত অনাদৃতহৈ নষ্ট হোৱা কার্যত সচেতন ক্রীডানুৰাগীয়ে আশ্বর্য প্রকাশ কৰিছে৷

আর্থিকভাৱে সবল জিলাখনত ক্রিকেটৰ এটা এছ’চিয়েচন থকাৰ পিছতো মুকলি আকাশৰ তলত বৰষুণৰ পানীত ডুব গৈ ক্রিকেটৰ সম্পত্তি নষ্ট হ’বলৈ দিয়া কার্যই খেলুৱৈকো সচকিত কৰি তুলিছে৷ তদুপৰি ধেমাজি ক্রিকেট এছ’চিয়েচনক খেলুৱৈ ফিটনেছৰ বাবে এচিএ প্রদান কৰা কেইবালাখটকীয়া জীম ছেটটো বিগত আঠ বছৰেব্যৱহাৰ নকৰাকৈ পৰি থকাত জীমৰ সা–সঁজুলিসমূহ সম্প্রতি ব্যৱহাৰৰ অনুপযোগী হৈছে৷

ক্রিকেটৰ এনেবোৰ ৰাজহুৱা মূল্যৱান সামগ্রীৰ সুবিধা লাভৰ পৰা খেলুৱৈসকলে কাৰ গাফিলতি বাবে বঞ্চিত হ’ব লগা হৈছে ই এক লাখটকীয়া প্রশ্ণহৈ পৰিছে৷ লক্ষণীয়ভাৱে ৰাজ্যৰ প্রায়সংখ্যক জিলা এছ’চিয়েচনে এচিএৰ পৰা ‘বলিং মেচিন’ লাভ কৰিবলৈ সক্ষম হ’ল যদিও আজিকোপতি ধেমাজি জিলাই বলিঙৰ গুৰুত্বপূর্ণ মেচিনটো লাভ কৰাৰ পৰা বঞ্চিত হৈ ৰ’ল৷

You might also like