নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলজিয়ামৰ প্রত্যাহ্বানলৈ সাজু ইটালী

নিয়মীয়া বাৰ্তা ২ জুলাইঃ অঘটনেৰে ভৰা ইউৰো কাপৰ আজি মিউনিখত হ’বলগীয়া দ্বিতীয়খন কোৱার্টাৰ ফাইনেলত বেলজিয়ামৰ বিপক্ষে অৱতীর্ণ হ’ব ইটালী৷ আজিৰ এই মেচখনত বিশ্বৰ শীর্ষস্থানীয় দল বেলজিয়ামৰ সকলো প্রত্যাহ্বান গ্রহণ কৰিবলৈ সম্পূর্ণৰূপে সাজু হৈছে ইটালী৷

বিগত ৩১খন মেচত পৰাজয়ৰ মুখ নেদেখা ইটালীয়ে আজি বেলজিয়ামক পৰাস্ত কৰি প্রতিযোগিতাখনৰ ছেমিফাইনেলত প্রৱেশ কৰাৰ লক্ষ্য লৈছে৷ ২০১৮ চনৰ ছেপ্ঢেম্বৰত অন্তিমটো পৰাজয়ৰ মুখ দেখা ইটালীয়ে কাইলৈ বেলজিয়ামৰ বিপক্ষে অগ্নিপৰীক্ষাৰ সন্মুখীন হ’ব বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে৷ তুৰস্ক, ছুইজাৰলেণ্ড, ৱেলছ আৰু অষ্ট্রিয়াৰ বিপক্ষে জয়লাভ কৰি কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰা ইটালী এইবাৰ মুখামুখি হ’ব বিশ্বৰ শীর্ষস্থানীয় দলৰ বিৰুদ্ধে৷ বেলজিয়াম দলটোত ৰমেলু লুকাকু, কেভিন ডি ব্রুনো, ইডেন হাজার্ডৰ দৰে ফুটবলাৰ আছে৷ গতিকে মেচখনত ইটালীয়ে কঠিন পৰীক্ষাৰ সন্মুখীন হোৱাটো নিশ্চিত৷

আজিৰ এই মেচখনক লৈ অধীৰ অপেক্ষাৰে বাট চাই আছে ফুটবলপ্রেমীয়ে৷ আজিৰ মেচখন সন্দর্ভত ইটালীৰ মুখ্য প্রশিক্ষক ৰবের্টো মানচিনিয়ে কয় যে আজিৰ মেচখনত শক্তিশালী বেলজিয়ামক লৈ ইটালী দলটো কোনোধৰণৰ চিন্তাত পৰা নাই৷

বিগত মেচসমূহত দলৰ প্রদর্শনক লৈ তেওঁ সন্তুষ্ট আৰু কাইলৈৰ মেচখনতো ইটালীয়ে নিজৰ ছন্দ অনুসৰি খেলি প্রতিযোগিতাখনৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিব পাৰিব বুলি তেওঁ আত্মবিশ্বাসী৷

ইফালে, ছেইণ্ট পিটার্ছবার্গত হ’বলগীয়া আজিৰ প্রথমখন কোৱার্টাৰ ফাইনেলত মুখামুখি হ’ব ছুইজাৰলেণ্ড আৰু স্পেইন৷ বিশ্ব চেম্পিয়ন ফ্রান্সক বিদায়ৰ পথ দেখুওৱা ছুইজাৰলেণ্ডৰ প্রতিযোগিতাখনৰ অন্তিম চাৰিত প্রৱেশেই মূল লক্ষ্য৷ আজিৰ মেচখনত স্পেইনৰ সকলো ধৰণৰ প্রত্যাহ্বান ওফৰাবলৈ সাজু আছে ছুইজাৰলেণ্ড৷

You might also like