মুক্ত মেছি: বার্চিলোনাৰে চুক্তিৰ ম্যাদ শেষ
নিয়মীয়া বাৰ্তা, ২ জুলাইঃ এফালে ইউৰো কাপ, আনফালে কোপা আমেৰিকা৷ ইয়াৰ মাজতে বিশ্ব ফুটবলত পুনৰ চর্চালৈ আহিছে আর্জেণ্টিনাৰ ছুপাৰ ষ্টাৰ লি’নেল মেছি৷ কিয়নো, মেছি এতিয়া বিশ্বৰ যিকোনো দলৰ বাবে মুক্ত৷ বুধবাৰে নিশা বার্চিলোনাৰ সৈতে আনুষ্ঠানিকভাৱে চুক্তিৰ ম্যাদ অন্ত পৰিল আর্জেণ্টিনাৰ তাৰকাগৰাকীৰ৷ পূর্বৰ সভাপতি যোছেফ বার্টোমিউৰ সৈতে সৃষ্টি হোৱা সংঘাতৰ বাবে ২০১৯–২০ বর্ষত বার্চিলোনা ত্যাগ কৰিব বিচৰা মেছিক অহা ছিজনত পুনৰ বার্চিলোনাত দেখিবলৈ পোৱা যাবনে, তাক লৈ ফুটবলপ্রেমীৰ মাজত চলিছে ব্যাপক চর্চা৷
বার্চিলোনাৰ হৈ একেৰাহে ১৭টা ছিজন খেলি ৩৫টা গুৰুত্বপূর্ণ খিতাপ জয় কৰা ছুপাৰষ্টাৰ মেছিক নিজৰ দলত পাবলৈ পি এছ জি, ৰিয়েল মাদ্রিদ আৰু মানচেষ্টাৰ ইউনাইটেডে চেষ্টা চলাই আছে যদিও শেষ মুহূর্তত বার্চিলোনাই তেওঁৰ চুক্তিৰ ম্যাদ বৃদ্ধি কৰাটো একপ্রকাৰ নিশ্চিত৷ কিয়নো, শেহতীয়াকৈ দলৰ সভাপতি হিচাপে দায়িত্ব গ্রহণ কৰা জুৱান লাপোর্টা মেছিৰ অত্যন্ত ঘনিষ্ঠ আৰু যিকোনো প্রকাৰে তেওঁ আর্জেণ্টিনাৰ তাৰকাগৰাকীক বার্চিলোনাত ৰাখিবলৈ চেষ্টা চলাব৷ উল্লেখ্য যে মেছিয়ে বার্চিলোনাত কেৰিয়াৰ আৰম্ভণি কৰাৰ সময়তো লাপোর্টা দলটোৰ সভাপতিৰ দায়িত্বত আছিল৷
অৱশ্যে বার্চিলোনাই এইপর্যন্ত আনুষ্ঠানিকভাৱে মেছিৰ চুক্তি সন্দর্ভত কোনো কথা প্রকাশ কৰা নাই৷ ২০০৬ চনত বার্চিলোনা ছিনিয়ৰ দলৰ হৈ অভিষেক ঘটোৱা মেছিয়ে বিগত প্রায় ডেৰটা দশকত দলটোৰ হৈ ৭৭৮খন মেচত ৬৭২টা গ’ল কৰিবলৈ সক্ষম হৈছে৷ স্পেনিছ লীগত মেছিয়ে দলটোৰ হৈ অভিলেখসংখ্যক ৪৭৪টা গ’ল কৰিছিল৷