অনুসন্ধানকাৰী কমিটীত অইলৰ এম ডি কিয়? ছুপ্রিম ক’ৰ্টৰ ভর্ৎসনা
নিয়মীয়া বাৰ্তা ২ জুলাইঃ সমগ্র দেশ জোকাৰি যোৱা বাঘজান কাণ্ডক লৈ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণ (এন জি টি)ৰ ভূমিকাক তীব্র ভর্ৎসনা কৰিছে ক্ষুব্ধ উচ্চতম ন্যায়ালয়ে৷ অইল ইণ্ডিয়া লিমিটেড বিধ্বংসী বাঘজান কাণ্ডৰ মূল অভিযুক্ত হোৱাৰ পাছতো তৈল প্রতিষ্ঠানটোৰ পৰিচালন সঞ্চালকজনক কেনেকৈ ছজনীয়া অনুসন্ধানকাৰী কমিটীখনত সদস্য হিচাপে অন্তর্ভুক্ত কৰা হ’ল, সেই ক্ষেত্রত উচ্চতম ন্যায়ালয়ে আজি বিস্ময় প্রকাশ কৰে৷ লগতে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে গঠন কৰা এই ছজনীয়া অনুসন্ধানকাৰী কমিটীখন ভংগ কৰি দিয়ে৷
উল্লেখ্য যে যোৱা ১৯ ফেব্রুৱাৰীত ন্যায়াধীশ এ কে গোৱেলৰ নেতৃত্বাধীন ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে বাঘজান কাণ্ডৰ আঁৰত থকা পক্ষসমূহক চিহ্ণিত কৰাৰ বাবে এখন ছয়জনীয়া অনুসন্ধানকাৰী কমিটী গঠন কৰিছিল৷ অনুসন্ধানকাৰী কমিটীখনত অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালককো সদস্য হিচাপে মনোনীত কৰিছিল ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে৷ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে গঠন কৰি দিয়া অনুসন্ধানকাৰী কমিটীখনৰ বৈধতাক প্রত্যাহ্বান জনাই পৰিৱেশ কর্মী বনানী কক্কৰে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ বনানী কক্কৰে দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ ডি ৱাই চন্দ্রচূড আৰু এম আৰ শ্বাহেৰে গঠিত খণ্ড বিচাৰপীঠে আজি ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে গঠন কৰা অনুসন্ধাকাৰী কমিটীখন ভংগ কৰি দিয়াৰ লগতে ১৯ ফেব্রুৱাৰীত প্রদান কৰা নির্দেশনাতো স্থগিতাদেশ জাৰি কৰে৷
খণ্ড বিচাৰপীঠখনৰ বক্তব্য– ‘বিধ্বংসী বাঘজান কাণ্ডক লৈ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে গ্রহণ কৰা ভূমিকাত আমি সম্পূর্ণ হতাশ হৈ পৰিছেছা৷ এয়া ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণহে৷ পৰিৱেশ সংক্রান্ত বিষয়ত ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ এনে অসংবেদনশীল ভূমিকা মুঠেই কাম্য নহয়৷’ উচ্চতম ন্যায়লয়ে আনকি সমগ্র বিষয়টোত কেন্দ্রীয় বন আৰু পৰিবেশ মন্ত্রালয়, পেট্ৰ’লিয়াম মন্ত্রালয়, অসম চৰকাৰৰ লগতে অইল ইণ্ডিয়া লিমিটেড কর্তৃপক্ষলৈকো জাননী জাৰি কৰে৷ বাঘজান কাণ্ডৰ দোষীসকলক চিহ্ণিত কৰাৰ বাবে পৰৱর্তী সময়ত উপযুক্ত এখন কমিটী গঠন কৰা হ’ব বুলিও খণ্ড বিচাৰপীঠে আজি স্পষ্ট কৰি দিয়ে৷
প্রশংসক্রমে উল্লেখ কৰিব পাৰি যে বাঘজান কাণ্ডক লৈ ইয়াৰ পূর্বে গঠন কৰা বিশেষজ্ঞ কমিটীয়ে যোৱা বছৰ অক্টোবৰ মাহত এখন প্রাৰম্ভিক প্রতিবেদনো দাখিল কৰিছিল৷ ইয়াৰ পাছতো ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালকক লৈ আন এক অনুসন্ধানকাৰী কমিটী কিয় গঠন কৰিল, তাক লৈ আজি পোনপটীয়াকৈ প্রশ্ণ উত্থাপন কৰিছে ন্যায়াধীশ এম আৰ শ্বাহে৷ খণ্ড বিচাৰপীঠে ইয়াৰ পাছত স্পষ্টকৈ জনাই দিয়ে যে বাঘজান কাণ্ডৰ সকলো দিশ চালি–জাৰি চাবলৈ উচ্চতম ন্যায়ালয়ৰ এজন প্রাক্তন ন্যায়াধীশৰ নেতৃত্বত সুকীয়াকৈ এখন কমিটী গঠন কৰিব৷
লক্ষণীয়ভাৱে এই শুনানিৰ পাছত আবেদনকাৰী বনানী কক্কৰে উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়৷ তেওঁৰ অভিযোগ– বাঘজান কাণ্ডৰ এবছৰ পাৰ হৈ যোৱাৰ পাছতো জৈৱ–বৈচিত্র্যময় অঞ্চলটোৰ পুনৰুদ্ধাৰৰ বাবে এতিয়ালৈকে কোনো পদক্ষেপেই গ্রহণ কৰা নহ’ল৷ সেই পৰিপ্রেক্ষিতত উচ্চতম ন্যায়ালয়ে আজি গ্রহণ কৰা পদক্ষেপ যথেষ্ট ইতিবাচক বুলি তেওঁ মত ব্যক্ত কৰে৷ আশ্চর্যজনকভাৱে তথা কোনো অজ্ঞাত কাৰণত বিগত বর্ষৰ ৯ জুনত সংঘটিত বাঘজান কাণ্ডক লৈ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ ভূমিকা যথেষ্ট সন্দেহজনক আছিল বুলিও বনানী কক্কৰে আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷