নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভদ্রতাৰ সীমা চেৰোৱা ৰিপুণ বৰাক নিজৰ অতীত বিশ্লেষণৰ আহ্বান

নিয়মীয়া বাৰ্তা ২ জুলাইঃ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই প্রাক্তন বিটিচিপ্রধান তথা বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীক পলাতক বুলি কৰা মন্তব্যত জাঙুৰ খাই উঠিছে বি পি এফ দল৷ এই সন্দর্ভত বি পি এফৰ সাধাৰণ সম্পাদক তথা মুখপাত্র প্রবীণ বড়োৱে তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে ৰিপুণ বৰাই যেনেধৰণৰ শব্দ প্রয়োগ কৰিছে, উচিত হোৱা নাই৷ ভদ্র সমাজত তেনেদৰে কথা ক’ব নালাগে৷ হাগ্রামা মহিলাৰী পলাতক হয় নে নহয়, সেই বিষয়ে আৰক্ষীয়ে, চৰকাৰ–প্রশাসনেহে ক’ব পাৰে৷ ৰিপুণ বৰাই হাগ্রামা মহিলাৰীক পলাতক বুলি কৈ ভদ্রতাৰ সীমা চেৰাই গৈছে৷ প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীক নিজৰ অতীত বিশ্লেষণ কৰি চাবলৈও তেওঁ আহ্বান জনায়৷

মহাজোঁটৰে বি পি এফ নথকাৰ বিষয়ে পুনৰ স্পষ্ট কৰি দি বড়োৱে কয় যে মহাজোঁট কৰাৰ লক্ষ্য আছিল চৰকাৰ কৰা৷ কিন্তু চৰকাৰ যিহেতু কৰিব নোৱাৰিলে, এতিয়া মহাজোঁটক তুলি–টালি ৰখাৰ কোনো যুক্তি নাই৷ ইপিনে, বি পি এফৰ বিধায়ক দুর্গাদাস বড়োৱে এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি কয় যে হাগ্রামা মহিলাৰীৰ নেতৃত্বত বি পি এফৰ প্রতিনিধি দল এটাই কেইদিনমান পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰিছে৷ নিয়া–চি বি আয়ে বিচাৰি থকা মানুহে কেতিয়াও মুখ্যমন্ত্রীক লগ কৰিবলৈ নাহে আৰু আহিব নোৱাৰে৷ মুখ্যমন্ত্রীয়েও তেনে ব্যক্তিক সাক্ষাৎ নিদিয়ে৷

অৱশ্যে বিটিচি অঞ্চলত বি পি এফৰ নেতা–কর্মীৰ ওপৰত আৰক্ষীৰ আতিশয্য, ভাবুকি আদি চলি থকাৰ কথা উল্লেখ কৰি বিধায়ক বড়োৱে কয় যে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে আৰম্ভণিৰে পৰাই বি পি এফৰ নেতা–কর্মীক হাৰাশাস্তি কৰাৰ চেষ্টা চলাই আহিছে৷ তাৰ অংশ হিচাপে তিলটোকে তালটো কৰি প্রমোদ বড়োৱে হকে–বিহকে চৰকাৰক ৰিপ’ট দি আছে বুলি জানো৷ বিটিচি অঞ্চলত বহু ডেকাল’ৰা আৰক্ষীৰ হাৰাশাস্তিত অতিষ্ঠ হৈ পুনৰ জংঘললৈ যোৱা আৰম্ভ কৰিছে৷ সিদিনা মুখ্যমন্ত্রীক সাক্ষাৎ কৰাৰ সময়ত এই সকলো কথা মুখ্যমন্ত্রীকো অৱগত কৰা হৈছে, যাতে অঞ্চলটো নতুনকৈ অশান্ত হৈ নুঠে৷ কিন্তু হাগ্রামা মহিলাৰী নিয়া–চি বি আইৰ ভয়ত পলাই ফুৰাটো সত্য নহয়৷

You might also like