নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীয়ে উচ্ছেদ কৰিলে মিজো আৰক্ষীৰ শিবিৰ

নিয়মীয়া বাৰ্তা ২ জুলাইঃ দুদিন ধৰি চলি থকা তয়াময়া যুদ্ধত পাছত বৃহস্পতিবাৰে মিজোৰামৰ বেদখল উচ্ছেদ কৰে অসম আৰক্ষীয়ে৷ উল্লেখ্য যে হাইলাকান্দিৰ অসম–মিজোৰাম সীমান্তত যোৱা দুদিন ধৰি বিৰাজ কৰিছিল যুদ্ধসদৃশ পৰিস্থিতি৷ মিজোৰাম আৰক্ষীৰ সহযোগত একাংশ বেদখলকাৰীয়ে ধাৰাবাহিকভাৱে আগ্রাসন চলাই অহাৰ পাছত আজি আৰক্ষীয়ে অসমৰ ভূমিত স্থাপন কৰা অবৈধ শিবিৰসমূহ উচ্ছেদ কৰে৷ যোৱা ২৭ জুনত হাইলাকান্দিৰ বন সংমণ্ডল বিষয়াই আৰক্ষীক অৱগত কৰে যে দালাইখাল ইটলাং সীমান্তৱর্তী অসমৰ বনাঞ্চলত মিজো দুর্বৃত্তই প্রৱেশ কৰি অবৈধ শিবিৰ স্থাপন কৰি আছে৷

ইয়াৰ পাছতে জিলা প্রশাসন, বন বিভাগ আৰু অসম আৰক্ষীৰ এটা দল উক্ত অঞ্চলত উপস্থিত হয়৷ ইতিমধ্যে তাত মিজোৰামৰ লোকে কেইবাটাও অস্থায়ী শিবিৰ স্থাপন কৰিছিল৷ ২৯ জুনৰ পুৱাই আৰক্ষীয়ে শিবিৰসমূহ ভাঙি দিয়ে৷ কিন্তু আগ্রাসনকাৰী মিজো দুর্বৃত্তৰ দলটোৱে ফেঁপেৰি পাতি ধৰে৷ পৰৱর্তী ৩০ জুনৰ আবেলি দুর্বৃত্তৰ দলটোক আৰক্ষীয়ে খেদি পঠিয়াবলৈ সক্ষম হয় যদিও হাইলাকান্দি, শিলচৰৰ সীমান্তৱর্তী ভাইৰেংটি, ট্রাই জাংছন আদি অঞ্চলৰ পৰা অসমৰ লোকক ভাবুকি দি থাকে৷

তাৰ পাছত বৃহস্পতিবাৰে পুৱা মিজোৰামৰ ভাইৰেংটিৰ মহকুমা আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত আন এদল দুর্বৃত্ত অসমৰ বনাঞ্চলত প্রৱেশ কৰে৷ তেওঁলোকে পুনৰ অসমৰ ভূমিত কেইবাটাও শিবিৰ স্থাপন কৰে৷ এই খবৰ পোৱাৰ পাছতে অসম আৰক্ষীৰ এটা দল ততালিকে ঘটনাস্থলীত উপস্থিত হয়৷ কিছু সময়ৰ উত্তেজনাপূর্ণ পৰিস্থিতিৰ পাছত আজি বিয়লি অসম আৰক্ষীয়ে মিজোৰাম আৰক্ষীৰ নেতৃত্বত যোৱা দুর্বৃত্তৰ দলটোক অসমৰ ভূমিৰ পৰা খেদি পঠিয়ায়৷ প্রণিধানযোগ্য যে হাইলাকান্দিৰ অসম–মিজোৰাম সীমান্তত দীর্ঘদিন ধৰি অশান্তজর্জৰ পৰিস্থিতি সৃষ্টি হৈ আহিছে৷ মিজোৰামৰ ক্রমাগত আক্রাসনে অসমৰ চাৰিসীমা ক্রমাৎ সংকুটিত কৰি আনিছে৷ তাৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ সীমা সুৰক্ষিত কৰিবৰ বাবে সকলো ধৰণৰ পদক্ষেপ লোৱা হ’ব বুলি ঘোষণা কৰিছিল৷ ইয়াৰ পাছতে আজি হাইলাকান্দিত বহিঃৰাজ্যৰ আগ্রাসনকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্রহণ কৰে৷

You might also like