নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইনষ্টাগ্রামৰ ধনাঢ্য ১৯সংখ্যক স্থানত কোহলি; শীর্ষত ক্রিষ্টিয়ানো ৰ’নাল্ডোঃ এটা পোষ্ট কৰিলে লাভ কৰে ৫ কোটি টকা

নিয়মীয়া বাৰ্তা ৩ জুলাইঃ ছ’চিয়েল মিডিয়া ইনষ্টাগ্রামত ব্যক্তিগত আলোকচিত্র আৰু ভিডিঅ’ প্রচাৰ কৰি এগৰাকী চেলিব্রিটীয়ে কিমান ধন উপার্জন কৰিব পাৰে৷ হ’পাৰএইচকিউৱে ‘ইনষ্টাগ্রাম ধনাঢ্য তালিকা ২০২১’ প্রকাশ কৰাৰ পাছতেই ফুটবলৰ পৰা ক্রিকেটলৈ, সাংস্কৃতিক জগতৰ এগৰাকী চেলিব্রিটীয়ে কিমান ধন উপার্জন কৰে, সেয়া পোহৰলৈ আহিছে৷

ইনষ্টাগ্রাম ধনাঢ্য তালিকা ২০২১ৰ শীর্ষ ২০ৰ ভিতৰত স্থান লাভ কৰিছে একমাত্র ভাৰতীয় চেলিব্রিটী তথা টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷ বিৰাট কোহলিয়ে এই তালিকাত ১৯সংখ্যক আসন লাভ কৰিছে৷ তালিকা মতে, ক্রিকেটাৰ কোহলিয়ে প্রতিটো ইনষ্টাগ্রামৰ পোষ্টত প্রায় ৫ কোটি টকা উপার্জন কৰে৷ কোহলিৰ বিশ্বজুৰি ১৩২ নিযুত অনুৰাগী আছে৷ বিগত বর্ষত এই তালিকাত ২৩সংখ্যক স্থানত থকা কোহলি চলিত বর্ষত চাৰিটা স্থান আগুৱাই ১৯সংখ্যক স্থান লাভ কৰিছে৷ শীর্ষ ২০ৰ শীর্ষস্থানত আছে ছুপাৰ ষ্টাৰ ফুটবলাৰ তথা পর্তুগীজ তাৰকা ক্রিষ্টিয়ানো ৰ’নাল্ডো৷ ফুটবলাৰ ৰ’নাল্ডোৱে প্রতিটো ইনষ্টাগ্রাম পোষ্টৰ বিনিময়ত লাভ কৰে ১১.৯ কোটি টকা৷

ক্রিষ্টিয়ানো ৰ’নাল্ডো হৈছে পৃথিৱীৰ সবাতোকৈ বেছি ছ’চিয়েল মিডিয়া প্লেটফর্মত অনুৰাগী থকা ব্যক্তি৷ তেওঁৰ ইনষ্টাগ্রাম, টুইটাৰ আৰু ফেচবুক মিলি ৫০০ নিযুত অনুৰাগী আছে৷ ফুটবলাৰ ৰ’নাল্ডোৰ পাছতে দ্বিতীয় স্থানত আছে হলীউড ছুপাৰ ষ্টাৰ তথা ডব্লিউ ডব্লিউ ই কিংবদন্তি ডুৱাইন জনছন৷ তেওঁ প্রতিটো ইনষ্টাগ্রাম পোষ্টৰ বাবে লাভ কৰে ১১ কোটি টকা৷ তৃতীয় স্থানত আছে পপ গায়িকা এৰিয়ানা গ্রাণ্ডে৷ তেওঁ লাভ কৰে প্রতিটো পোষ্টৰ বিনিময়ত ১.৫২ নিযুত মার্কিন ডলাৰ, চতুর্থ স্থানত কাইলি জেনাৰ, পঞ্চম স্থানত চেলেনা গ’মেজ, ষষ্ঠ স্থানত টিম কাৰড’চিয়ান, সপ্তম স্থানত লি’নেল মেছি, অষ্টম স্থানত বিয়নছ ন’লেচ, নৱম স্থানত জাষ্টিন বাইৱাৰ, দশম স্থানত কেণ্ডেল জেনাৰ৷

উল্লেখ্য যে বলীউড তথা হলীউডৰ অভিনেত্রী প্রিয়ংকা চোপ্রাই ২৭সংখ্যক স্থান লাভ কৰিছে৷ তালিকা মতে প্রিয়ংকা চোপ্রাই ইনষ্টাগ্রামত প্রতিটো পোষ্টৰ বাবে তিনি কোটি টকা লাভ কৰে৷

You might also like