শিৱসাগৰ অভিমুখী পথত অখিল গগৈক বিপুল আদৰণি সমর্থকৰ
জাঁজীত সমদলকাৰীক আৰক্ষীৰ বাধা, কেইবাখনো বাহন জব্দ
নিয়মীয়া বাৰ্তা ৩ জুলাইঃ দিনকদিনে সংক্রমণৰ হাৰ ক্রমাৎ বৃদ্ধি পোৱা শিৱসাগৰত শুকুৰবাৰে বিধায়ক অখিল গগৈক আদৰাৰ ডপলক্ষে সাধাৰণ জনতাই মুকলিকৈ ক’ভিড প্রট’কলৰ লগতে সান্ধ্য আইন ভংগ কৰাৰ ভয়ংকৰ ঘটনাক লৈ শিৱসাগৰত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ কাৰামুক্ত হৈয়েই বিয়লি শিৱসাগৰত ডপস্থিত হোৱা বিধায়ক অখিল গগৈক ৰংঘৰৰ পদূলিৰ পৰাই শিৱসাগৰ সমষ্টিৰ ডন্নয়নৰ স্বার্থত বিধি পথালি দিয়া কোনোজনকে সহ্য কৰা নহ’ব বুলি মন্তব্য প্রদান কৰে৷ কাৰামুক্ত হৈ শিৱসাগৰ সমষ্টিত ভৰি থৈ শিৱসাগৰ সমষ্টিৰ ডন্নয়নৰ স্বার্থত ৰংঘৰৰ বাকৰিত এই কথা ঘোষণা কৰিলে সমষ্টিটোৰ নৱনির্বাচিত বিধায়ক অখিল গগৈয়ে৷
বৃহস্পতিবাৰে নিয়াৰ আদালতৰ পৰা অন্তিমটো গোচৰত দোষমুক্ত হৈ বিধায়কগৰাকীয়ে ক’ভিড–১৯ ৰোগ আৰু সান্ধ্য আইনৰ মাজত সমষ্টিত ডপস্থিত হোৱাৰ সময়ত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ বিধায়ক অখিল গগৈক আদৰিবলৈ ক’ভিড সান্ধ্য আইন বলবৎ থকাৰ মাজতো হাজাৰ হাজাৰ জনতাই স্বতঃস্ফূর্তভাৱে ৰাজপথলৈ ওলাই আহে৷ অখিল গগৈ জিন্দাবাদ, আমাৰ ককাই আহি আছে, শিৱসাগৰ সমষ্টিৰ উন্নয়ন হ’বই হ’ব শীর্ষক ধ্বনিৰ মাজেৰে ঐতিহাসিক ৰংঘৰৰ পদূলিত আজি বিয়লি ৪.৩০ বজাত ডপস্থিত হোৱা বিধায়কগৰাকীক এবাৰ স্বচক্ষে প্রত্যক্ষ কৰিবৰ বাবে ৰাইজ ওলাই আহে৷ পুৱাতেই গুৱাহাটীৰ বাসগৃহৰ পৰা যাত্রা আৰম্ভ কৰা ১০৮নং বিধায়কগৰাকীক আদৰিবৰ বাবেই শিৱসাগৰ জিলাৰ প্রৱেশ পথস্বৰূপ জাঁজী দলঙৰ পৰাই শুভাকাংক্ষী জনতা, ৰাইজৰ দল, কৃষক মুক্তিৰ মিছিল আৰম্ভ হয়৷ ক’ভিড প্রট’কল অনুসৰি বিয়লি ২ বজাৰ পৰা আৰম্ভ হোৱা সান্ধ্য আইন বলবৎ কৰিবৰ বাবে শিৱসাগৰ আৰক্ষীয়ে জাঁজীৰ পৰা শিৱসাগৰলৈকে ওৰে পথ এক নিশ্চিদ্র নিৰাপত্তাৰ বেহু গঢ়ি তোলে যদিও জনতাৰ পাৰ ভঙা উছাহত ক’ভিড প্রট’কল, সান্ধ্য আইনৰ কঠোৰ নীতি–নিয়ম ধুলিসাৎ হৈ যায়৷
ইয়াৰ পিছতে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ পদূলিত অখিল গগৈ কাৰাগাৰত থকা সময়ছোৱা শিৱসাগৰ সমষ্টিত নেতাগৰাকীৰ অনুপস্থিতিত প্রচাৰ অভিযানৰ গুৰুভাৰ কান্ধ পাতি লোৱা যৌথ সংগ্রামী মঞ্চকে ধৰি কেইবাটাও জাতি–জনগোষ্ঠীয় সংগঠনে নেতাগৰাকীক উষ্ম আদৰণি জনায়৷ সংগ্রামী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় কার্যকৰী সভাপতি দেৱজিত দত্তই আঁত ধৰা এই চমু আদৰণি অনুষ্ঠানটোতেই প্রায় কেইবাটাও সংগঠনে বিধায়ক অখিল গগৈক সম্ভাষণ জনায়৷ ইয়াৰ পিছতে অখিল গগৈয়ে ঐতিহাসিক ৰংঘৰৰ সন্মুখত সেৱা জনাই শিৱসাগৰ উন্নয়নৰ শপত লয়৷
পৌৰাণিক সমলেৰে বিশ্বৰ পর্যটন মানচিত্রত ডজলি থকা ইতিহাস প্রসিদ্ধ শিৱসাগৰক বিশ্বৰ পর্যটন ক্ষেত্রৰ মানচিত্রত স্থান দিবৰ বাবে আজিৰে পৰা এক নতুন সংগ্রামৰ পাতনি মেলিব বুলি ব্যক্ত কৰে৷ আহোম ঐতিহ্যৰ মূল বীজ ৰোপণ হৈ থকা জাতীয় কৃষ্টি সংসৃকতিক, সংৰক্ষণৰ বাবে ৰুদ্রসিংহ ক্ষেত্র নামেৰে এক বিশাল ক্ষেত্র শিৱসাগৰত স্থাপনৰ কথা ঘোষণা কৰে৷ যিকোনো দেশী–বিদেশী পর্যটক, শিক্ষাথ্য়ে অসমীয়া জাতি–জনগোষ্ঠী, সভ্যতা সংসৃকতিৰ এক আভাস যাতে জীৱন্ত ৰূপত প্রত্যক্ষ কৰিব পাৰে তাৰ বাবে এই বিশাল ৰুদ্রসিংহ ক্ষেত্র নির্মাণ কৰা হ’ব৷ সাধাৰণ ভোটাৰ ৰাইজে প্রাথ্গৰাকীক নেদেখাকৈয়ে কাৰাগাৰৰ ভিতৰত থকা অৱস্থাতেই বিপুল ভোটত জয়লাভ কৰোৱা ঘটনাক ঐতিহাসিক আখ্যা দিয়া অখিল গগৈয়ে শিৱসাগৰ সমষ্টিবাসীক শ্রদ্ধা আৰু কৃতজ্ঞতাৰে ওপচাই দিয়ে৷
অখিল গগৈয়ে শিৱসাগৰত স্থাপন হ’বলগীয়া সংগ্রহালয়ত অৰুণোদইৰ পৰা বর্তমানৰ অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ইমৰান শ্বাহৰ সৃষ্টিৰাজিলৈকে সংগ্রহ কৰি ৰখা হ’ব বুলি জানিবলৈ দিয়ে৷ আনহাতে শিৱসাগৰৰ গ্রামাঞ্চলৰ বাট–পথসমূহ অতি জৰাজীর্ণ বুলি অভিযোগ কৰা অখিল গগৈয়ে মুখ্যমন্ত্রীৰ সমষ্টিৰ সমান্তৰালে শিৱসাগৰ সমষ্টিৰ ডন্নয়ন সমানেই হ’ব লাগিব বুলি ৰাইজক প্রতিশ্রুতি প্রদান কৰে৷
আনহাতে শিৱসাগৰ বিধানসভা সমষ্টিৰ সদ্য নির্বাচিত বিধায়কজনে আজি সমষ্টিত ভৰি ৰখাৰ সময়তে ক’ভিড পৰিস্থিতিক কেন্দ্র কৰি শিৱসাগৰ জিলা প্রশাসন তথা আৰক্ষী প্রশাসনে নিজ দায়িত্ব আৰু স্থিতি স্পষ্ট কৰি দিয়ে৷ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনৰ লগতে বিশাল আৰক্ষী বাহিনীৰ ডপস্থিতিত দুখনকৈ আৰক্ষীৰ বাহনৰ পৰা মাইক যোগে ক’ভিড প্রট’কল, সান্ধ্য আইন ভংগ নকৰিবলৈ ৰাইজক বাৰম্বাৰ আহ্বান জনাই থকাৰ পিছতো জনসাধাৰণে এনেদৰে ব্যাপক ৰূপত সমাগম কৰাৰ ঘটনাই স্বাভাৱিকতেই ৰাইজৰ মাজত ক’ভিড সংশয়তাৰ বৃদ্ধি পাইছে৷
নগাঁৱত অখিল গগৈক উষ্ম আদৰণি
কাৰাবন্দিত্বৰ পৰা সদ্যমুক্তিপ্রাপ্ত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যোৱাৰ পথত নগাঁৱত বহুসংখ্যক লোকে উষ্ম আদৰণি জনায়৷ নগাঁও জিলাৰ ৰহা, কৃষ্ণাইখাট, বৰঘাট আদি বহুকেইটা স্থানত বিধায়ক গগৈক কৃষক মুক্তি সংগ্রাম সমিতি, ছাত্র মুক্তি সংগ্রাম সমিতি, ৰাইজৰ দল আৰু তেওঁৰ গুণমুগ্ধসকলে আদৰণি জনায়৷ কৃষক নেতাজনে কৃষ্ণাইখাটত সাংবাদিকৰ আগত কয়–‘অসমত যদিও বিজেপি চৰকাৰ আছে, কিন্তু মানুহ এই চৰকাৰৰ প্রতি আস্থাশীল নহয়৷ বিজেপি চৰকাৰখনৰ পৃষ্ঠপোষকতাতে জনগণৰ মৌলিক অধিকাৰসমূহ কাঢ়ি নিয়া হৈছে৷ মিকিৰ বামুণীৰ খেতিয়কসকলৰ মাটি কাঢ়ি লোৱা হৈছে৷ যদি অসমৰ মানুহৰ মাটি খেতিয়কৰ পৰা কাঢ়ি লৈ পুঁজিপতিক দিব পাৰে, তেন্তে সেই চৰকাৰ কেতিয়াও ৰাইজৰ চৰকাৰ হ’ব নোৱাৰে৷
কৃষ্ণাইখাটৰ কৃষকসকলকো মাটিৰ পট্টা প্রদান কৰা হোৱা নাই৷ এফালেদি জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ কথা কয়, আনপিনেদি অসমৰ থলুৱা কৃষকক ভূমিৰ অধিকাৰ নিদিয়ে৷’ অসমবাসীৰ আশা বিধানসভাৰ মজিয়াত উত্থাপন কৰি মন্তব্য কৰি কৃষক নেতা অখিল গগৈয়ে কয়– অসমৰ ৰাইজৰ দাবী সজোৰে অসমৰ বিধানসভাত প্রতিষ্ঠা কৰিম৷ লগতে কৃষকৰ সমস্যা সমাধান কৰি প্রকৃত অর্থত খেতিয়কৰ এখন অসম গঢ়ি তোলাৰ চেষ্টা কৰিম৷ য’ত বছৰেকত তিনিবাৰ খেতি কৰা হ’ব৷ প্রত্যেক কুইণ্টল ধানৰ উচিত মূল্য দিয়া হ’ব৷
টোলগেট সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত অখিল গগৈয়ে কয় যে কাৰাগাৰত থকা অৱস্থাতে চৰকাৰে নদীবান্ধ আৰু টোলগেটৰ কাম আৰম্ভ কৰিলে৷ এই সম্পর্কীয় বিষয়সমূহ প্রথমে বিধানসভাৰ মজিয়াত উত্থাপন কৰিম৷ যদি নামানে তেন্তে পুনৰ সংগ্রাম কৰিম৷ ইপিনে, শিৱসাগৰলৈ যাবলৈ পাই উৎফুল্লিত হোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে শিৱসাগৰবাসীৰ ওচৰত তেওঁ কৃতজ্ঞ৷ কাৰণ শিৱসাগৰবাসীয়ে তেওঁক বন্দিত্বৰ সময়তো নির্বাচিত কৰিলে, বিজয়ী কৰিলে৷ অসমৰ ইতিহাসত হয়তো এই ঘটনা প্রথম৷
উল্লেখ্য যে শুকুৰবাৰে অখিল গগৈক কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰা, ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সম্পাদক নীলমণি শইকীয়া, নগাঁও জিলা সমিতিৰ সম্পাদক জিতেন বৰা, ছাত্র মুক্তি সংগ্রাম সমিতিৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা মনোজ সিংহ ৰাজা, ছাত্র মুক্তি সংগ্রাম সমিতিৰ নেতা ৰূপম বৰা আদিয়ে আদৰণি জনায়৷