ৰে’লৰ আগত জঁপিয়াই মাতৃ কন্যাৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ সৰভোগত শুকুৰবাৰে নিশা এক শোকাৱহ ঘটনা সংঘটিত হয়৷ সৰভোগৰ ৰামপুৰ ৰে’ল গেটৰ সমীপত নিশা ৰে’লৰ আগত জঁপিয়াই কবিতা নাথ নামৰ এগৰাকী মহিলাই কন্যা হিমাশ্রী নাথ সহ আত্মহত্যা কৰে৷
জানিব পৰা মতে, আত্মহত্যা কৰা মহিলাগৰাকীৰ ঘৰ সৰভোগৰ নুনতোলা গাঁৱত৷ মহিলাগৰাকীৰ স্বামীয়ে মিস্ত্রীৰ কাম কৰিছিল৷ পাৰিবাৰিক কন্দলৰ বাবে এই আত্মহত্যাৰ ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷
মহিলাগৰাকীৰ সৈতে এটা ছমহীয়া শিশু আছিল যদিও ৰে’লৰ আলীৰ দাঁতিত পৰি ৰোৱাৰ বাবে শিশু ভার্গৱ নাথ দৈৱক্রমে মৃত্যুৰ পৰা হাত সাৰে৷
ইপিনে নিহত মহিলাগৰাকীৰ স্বামী ৰাজু নাথ ওৰফে ৰাজা নাথৰ এতিয়ালৈকে সন্ধান পোৱা নাই পৰিয়ালৰ লোকে৷ যোৱানিশা প্রায় ১.৪০ বজাত নামনিমুৱা কাঞ্চনজংঘা এক্সপ্রেছৰ চালকে সৰভোগৰ ৰামপুৰ গেটৰ কিছু নিলগত ৰে’লৰ আলীত দুটা মৃতদেহ পৰি থকা দেখি পাতিলাদহা ৰে’ল ষ্টেচনৰ ষ্টেচন মাষ্টাৰক অৱগত কৰিছিল বুলি জানিব পৰা গৈছে৷
তাৰ পাছতে বিজনীৰ জি আৰ পি বাহিনীক ঘটনা সম্পর্কত অৱগত কৰাৰ পাছত ৰে’ল আৰক্ষীয়ে আহি মৃতদেহ দুটা ঘটনাস্থলীৰ পৰা লৈ যায়৷
জানিব পৰা মতে আত্মহননৰ পথ বাছি লোৱা মহিলাগৰাকীৰ ওপৰত স্বামীয়ে নিতৌ অত্যাচাৰ চলাইছিল৷ লগতে তেওঁ বেংকৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব পৰা নাছিল৷ আনকি অর্থাভাৱত ভোগা মহিলাগৰাকীয়ে অসুস্থ কন্যাৰো চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাছিল৷ মাতৃ–কন্যাৰ আত্মহননৰ এই ঘটনাই সৰভোগত শোকৰ ছাঁ পেলাইছে৷