নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ বিজেপিশাসিত উত্তৰাখণ্ডৰ নতুন মুখ্যমন্ত্রী পুষ্কৰ সিং ধামী৷ কালি মুখ্যমন্ত্রী তিৰথ সিং ৰাৱটে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডালৈ পত্রযোগে পদত্যাগৰ প্রস্তাৱ আগবঢ়োৱাৰ পিছতেই আজি ৰাজ্যখনৰ বিজেপি বিধায়িনী দলে ৪৫ বছৰীয়া দুবাৰৰ বিধায়ক পুষ্কৰ সিং ধামীক নেতা হিচাপে মনোনীত কৰাৰ লগে লগে ৰাজ্যখনৰ একাদশ মুখ্যমন্ত্রী হিচাপে নিশ্চিত হয়৷
তাৎপর্যপূর্ণ যে দলৰ আভ্যন্তৰীণ কন্দলৰ বাবে যোৱা মার্চত মুখ্যমন্ত্রী ত্রিবেন্দ্র সিং ৰাৱটক আঁতৰাই সাংসদ তিৰথ সিং ৰাৱটক মুখ্যমন্ত্রী হিচাপে দায়িত্ব দিয়ে৷ ছমাহৰ ভিতৰত বিধায়িনী দললৈ নির্বাচিত হোৱা মুখ্যমন্ত্রী তিৰথ সিং ৰাৱটৰ বাবে বাধ্যতামূলক, কিন্তু ক’ৰোনা মহামাৰীৰ বাবে ৰাজ্যখনত উপ–নির্বাচন অনুষ্ঠিত হোৱাটো প্রায় অসম্ভৱ৷ এনে পৰিপ্রেক্ষিততেই তিৰথ সিং ৰাৱটে সাংবিধানিক সংকটৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰে৷ ইয়াৰ পিছতেই বিজেপিৰ নেতৃত্বই পুষ্কৰ সিং ধামীক নতুন মুখ্যমন্ত্রীৰূপে দায়িত্ব দিয়ে৷ লক্ষণীয় যে চাৰি মাহৰ ভিতৰত তিনিজন মুখ্যমন্ত্রী সলনি হ’ল৷