নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ অতি ভয়াৱহ ক্ষণত বিশ্ব

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ ভাৰতত প্রথমতে চিনাক্ত ক’ৰোনা ভাইৰাছৰ ডেল্টা প্রকৰণে ধাৰাবাহিকভাৱে বিৱর্তিত হৈ নতুন ৰূপ লৈছে৷ সম্প্রতি ক’ভিড–১৯ মহামাৰীৰ অতি ভয়াৱহ ক্ষণত বিশ্ব৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান ট্রেড’ছ আধানম গেব্রেয়েছাছৰ বিশ্ববাসীক এই সকীয়নি৷

ক’ভিড–১৯ পৰিস্থিতি সন্দর্ভত এখন সংবাদ মেলত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গেব্রেয়েছাছে ডেল্টা প্রকৰণে বিশ্বৰ বিভিন্ন দেশত সম্প্রতি দ্রুতগতিত সংক্রমণ বৃদ্ধি কৰি থকাত বিশ্ব ভয়াৱহ ক্ষণত উপনীত হৈছে বুলি কয়৷ তদুপৰি, দেশসমূহে টিকাকৰণৰ হাৰ নিম্নগামী কৰি ৰখাৰ লগতে হাস্পতালসমূহত ক’ৰোনা ৰোগীৰ ভয়াৱহতা বৃদ্ধি পাই থকা সন্দর্ভতো উদ্বিগ্ণতা প্রকাশ কৰে মুৰব্বীগৰাকীয়ে৷

মন কৰিবলগীয়া যে সংবাদ মেলত মুৰব্বীগৰাকীয়ে ক’ভিড–১৯ৰ ডেল্টা প্রকৰণ ভয়াৱহ বুলি মন্তব্য কৰি এই ডেল্টা প্রকৰণ বিৱর্তিত আৰু পৰিৱর্তিত হৈ আছে৷ সম্প্রতি ডেল্টা প্রকৰণত আক্রান্ত ৰোগীৰ সংখ্যা অতি কমেও ৯৮ দেশলৈ বিয়পি পৰিছে৷ এই দেশসমূহত শীঘ্রেই দ্রুত হাৰত ক’ভিড টিকাকৰণ সম্পন্ন কৰিব লাগে৷ মুৰব্বীগৰাকীয়ে বিশ্বৰ দেশসমূহক ডেল্টা প্রকৰণক লৈ সকীয়নি দি অহা ছেপ্টেম্বৰৰ ভিতৰত বিশ্বৰ মুঠ জনসংখ্যাৰ অতি কমেও ১০ শতাংশক টিকাকৰণ কৰিব লাগে বুলি আহ্বান জনাইছে৷ এনে কৰিলে স্বাস্থ্যকর্মীসকলক সুৰক্ষিত কৰি ৰখাৰ লগতে মহামাৰীৰ পৰা জনতাৰ জীৱন ৰক্ষা পৰিব৷

বিশ্বৰ ১০ শতাংশ লোকক ছেপ্টেম্বৰৰ ভিতৰত টিকাকৰণ কৰাটো এক প্রত্যাহ্বান যদিও ই সম্ভৱ হৈ উঠিব৷ কিয়নো ইতিমধ্যে তিনি বিলিয়ন ক’ভিড–১৯ ভেকচিন বিশ্বজুৰি বিতৰণ কৰা হৈছে বুলি কয় মুৰব্বীগৰাকীয়ে৷

You might also like