ক’ভিডত মৃত্যু ৰাজ্যৰ ৩৮ শিশুৰ
নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ ক’ভিডৰ তৃতীয় ঢৌৰ সম্ভাৱনাক লৈ প্রস্তুতি চলি থকাৰ সময়তে দ্বিতীয় ঢৌত আক্রান্ত হৈছে ৰাজ্যৰ ৩৪ হাজাৰ শিশু–কিশোৰ৷ মঙলবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈছে ২,৮৯০টা শিশু–কিশোৰ৷
মঙলবাৰে এই তথ্য প্রকাশ কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ দিছপুৰত এখন সংবাদ মেলত এই উদ্বেগজনক তথ্য প্রকাশ কৰি মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে ১৮ বছৰৰ তলৰ শিশু–কিশোৰক যিহেতু ভেকচিন দিয়া হোৱা নাই, গতিকে আক্রান্তৰ হাৰ কিছু বৃদ্ধি পাইছে৷ অৱশ্যে অধিক হাৰত আক্রান্ত হ’লেও ৯০ শতাংশ শিশু–কিশোৰ সুস্থ হৈ উঠিছে৷
মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে যোৱা ৩০ জুনলৈ ক’ৰোনাত আক্রান্ত হৈ মুঠ ৩৮টি শিশু–কিশোৰৰ মৃত্যু হৈছে৷ মৃত্যু হোৱা শিশুসকলৰ সৰহসংখ্যকেই অন্যান্য ৰোগৰ লগতে জন্মগত ৰোগত আক্রান্ত হৈ আছিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এতিয়াও চিকিৎসাধীন হৈ আছে ১৬৫টি শিশু–কিশোৰ৷
মন কৰিবলগীয়া যে ক’ৰোনাৰ তৃতীয় ঢৌৱে শিশু–কিশোৰক আক্রান্ত কৰাৰ সম্ভাৱনাক লৈয়ে ইতিমধ্যে জিলা চিকিৎসালয়সমূহ আৰু চিকিৎসা মহাবিদ্যালয়সমূহত পেডিয়েট্রিক আইচিইউ নির্মাণৰ প্রস্তুতি চলিছে৷
মঙলবাৰে স্বাস্থ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে যিকোনো সম্ভাৱনাক লৈয়ে স্বাস্থ্য বিভাগে পূর্ণ প্রস্তুতি চলাইছে৷ এই সময়ছোৱাত নিজৰ সন্তানক সুৰক্ষিত কৰি ৰাখিবলৈ পিতৃ–মাতৃ সাৱধান হোৱাটোহে প্রতিৰোধৰ মূল কাৰক হ’ব৷ প্রতিগৰাকীয়ে পিতৃ–মাতৃকে স্বাস্থ্যমন্ত্রীগৰাকীয়ে আহ্বান জনাই কয়, ১৮ৰ অনূর্ধ্বৰ শিশু–কিশোৰক যিহেতু ভেকচিন প্রদান কৰা হোৱা নাই, তেওঁলোকৰ সুৰক্ষাৰ স্বার্থতেই প্রতিগৰাকী অভিভাৱকে সাৱধানতা অৱলম্বন কৰিব লাগিব৷ জনসমাগমৰ পৰা নিজকে আঁতৰাই ৰাখক৷ জৰুৰী প্রয়োজন অবিহনে ঘৰৰ পৰা নোলাব৷ কিয়নো ক’ৰোনাত আক্রান্ত হোৱা সৰহসংখ্যক শিশু–কিশোৰ সংক্রমিত হৈছে নিজৰ পিতৃ–মাতৃৰ পৰা৷