নিজ কঠীয়াতলীত দুটি শিশুৰ সলিল সমাধি
নিয়মীয়া বাৰ্তা ৮ জুলাইঃ কঠীয়াতলী আৰক্ষী পহৰা চকীৰ সমীপৱর্তী নিজ কঠীয়াতলী গাঁৱত আজি পুৱাতে পথাৰৰ এটা দ গাঁতত একেটা পৰিয়ালৰ দুটিকৈ শিশুৰ মৃতদেহ ওপঙি থকা প্রত্যক্ষ কৰে পথাৰলৈ যোৱা লোকে৷ কঠীয়াতলী আৰক্ষীক ঘটনাটো অৱগত কৰাত কঠীয়াতলী আৰক্ষী পহৰা চকীৰ সহঃ পৰিদর্শক দামোদৰ শইকীয়া উপস্থিত হৈ শিশু দুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷
স্থানীয় ৰাইজৰ মতে অবুল হোছেইনে প্রায়েই মদ্যপান কৰি পত্নী ফৰিদা খাতুনক শাৰীৰিকভাৱে অপদস্থ কৰে৷ কালিও নিচাসক্ত হৈ সামান্য কাৰণতে মাৰপিট কৰাত পত্নী ঘৰৰ পৰা পলায়ন কৰে আৰু তেওঁলোকৰ শিশু দুটি আর্ফজা খাতুন (৫) আৰু ফৰিদুল ইছলাম (৩) ঘৰৰ পৰা পথাৰৰ ফালে ওলাই যোৱা চুবুৰীয়াই দেখা পাইছিল৷ আজি পুৱা শিশু দুটিৰ মৃতদেহ উদ্ধাৰ হোৱাত গাঁওখনত শোকৰ ছাঁ পৰিছে৷ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ ৰহস্য ভেদ হ’ব বুলি ৰাইজে ভাবিছে৷