বাংলাদেশত খর্বকায় গাইগৰু চাবলৈ দর্শক–পর্যটকৰ ভিৰ
নিয়মীয়া বাৰ্তা ৮ জুলাইঃ বাংলাদেশত এজনী গাইগৰুৰ উচ্চতা মাত্র ৫১ চেণ্টিমিটাৰ৷ বিশ্বৰ ভিতৰত এই গাইজনীয়েই আটাইতকৈ চাপৰ বুলি ইতিমধ্যে চর্চা চলিছে৷ দেশখনৰ হাজাৰ হাজাৰ লোকে ক’ভিড–১৯ৰ লকডাউন উলংঘা কৰি গাইজনী চাবলৈ ইয়াৰ গৰাকীৰ ঘৰত ভিৰ কৰিছে৷ ৰাণী নামৰ এই গাইজনীৰ উচ্চতা ছাগলীতকৈও কম৷ ইতিমধ্যে স্থানীয় সংবাদ মাধ্যমে এই কথা সবিস্তাৰে প্রকাশ কৰিছে৷
আনকি বহু পর্যটকৰ সমাগম ঘটিছে চাৰিগ্রাম নামৰ অঞ্চলটোত৷ ঢ়াকাৰ পৰা ২০ কিলোমিটাৰ দক্ষিণ–পশ্চিম স্থানত এক পামত ৰখা হৈছে গাইজনী৷ উল্লেখনীয় যে ইমান কম উচ্চতাৰ গাইগৰু কেতিয়াও দেখা নাই বুলি প্রত্যক্ষদর্শীসকলে ঘোষণা কৰিছে৷ সংবাদ সংস্থা এ এফ পিৰ প্রতিবেদন অনুসৰি গাইজনীৰ দৈর্ঘ্য ৬৬ চেণ্টিমিটাৰ আৰু ওজন ২৬ কিলোগ্রাম৷ এই গাইজনী কেৰালাৰ আটাইতকৈ চাপৰ মাণিকিয়ামতকৈও চাপৰ৷ গতিকে গাইজনী গিনিজ বুকত স্থান লাভ কৰিবলৈ সক্ষম হ’ব বুলি একাংশ লোকে ঘোষণা কৰিছে৷