নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা ‘ৰং’ত সম্প্রচাৰ হ’ব নতুন ধাৰাবাহিক ‘অঞ্জলি’

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’–এ দর্শকৰ বাবে সাজু কৰিছে এখন নতুন ধাৰাবাহিক ‘অঞ্জলি’৷ সদায় দর্শকৰ মনোৰঞ্জনৰ প্রতি দায়বদ্ধ হৈ থকা ‘ৰং’ চেনেলৰ এই ধাৰাবাহিকখনত দর্শকে দেখা পাব সামাজিক ৰীতি–নীতি আৰু ঘাত–প্রতিঘাতেৰে ভৰা এটা যৌথ পৰিয়ালৰ কাহিনী৷ প্রতিজ্ঞা, দহন, চামেলি মেমচাব, বৈদেহী, সপোন, আকাশৰ ঠিকনা বিচাৰি আদি ধাৰাবাহিকৰ লগতে ‘পৰিচয়’ ছবিখনৰ সফল পৰিচালক ৰাজীৱ বৰঠাকুৰৰ কাহিনী আৰু জিণ্টু ভট্টাচার্যৰ চিত্রনাট্য আৰু সংলাপেৰে ‘অঞ্জলি’য়ে দর্শকৰ মৰম বুটলিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷

এগৰাকী সহজ সৰল ছোৱালী অঞ্জলিক লৈ আগবাঢ়িছে ধাৰাবাহিকখনৰ কাহিনী৷ সপোন দেখি ভালপোৱা উচ্চাকাংক্ষী অঞ্জলিৰ প্রতি সৰুৰে পৰা এক অজান প্রেমে হূদয়ত ঠাই লৈছিল বন্ধু সাগৰৰ৷ মাতৃহীনা অঞ্জলিক দেউতাকে খুব আলাসত লালন পালন কৰিছিল অভাৱে জুৰুলা কৰা সত্ত্বেও৷ সময়ৰ সোঁতত আগবাঢ়ে অঞ্জলিৰ জীৱন৷ কিন্তু কি হয় অঞ্জলিৰ সপোনবোৰৰ? আৰু সাগৰে… সদায় অঞ্জলিক লগ দি থাকিবনে? অঞ্জলিক বিয়া কৰাবনে সাগৰে? বিয়াৰ পিছত দেউতাকৰ মৰমৰ দৰে শহুৰৰ ঘৰখনতো একেই মৰম সাদৰ পাবনে অঞ্জলিয়ে?? – এনে বহুবোৰ ঘটনা–পৰিঘটনাৰে আগবাঢ়িছে ‘অঞ্জলি’ৰ কাহিনী৷ ‘আয়ান হাজৰিকা’ৰ কথা, সুৰ আৰু কণ্ঠৰে ইতিমধ্যে অঞ্জলিৰ শীর্ষ গীতটিয়ে জনপ্রিয়তা অর্জন কৰিছে৷ অসমৰ বিভিন্ন লোকেচনত দৃশ্যগ্রহণ কৰা ধাৰাবাহিকখনৰ প্রতিটো দৃশ্য সুন্দৰভাৱে কেমেৰাৰে ধৰি ৰাখিছে অজিত বড়োৱে৷ ধাৰাবাহিকখনৰ চৰিত্রসমূহক সুন্দৰকৈ সজাই পৰাই দর্শকৰ মাজলৈ উলিয়াই দিয়াৰ দায়িত্ব পালন কৰিছে ৰূপসজ্জা বিভাগৰ মুকেশ পখীয়ে৷

ধাৰাবাহিকখনৰ আৱহ সংগীতৰ গধুৰ দায়িত্ব বহন কৰিছে ভগৱৎ প্রীতমে৷ অন্যহাতে ধুনীয়াকৈ লোকেচনত ছেটসমূহ সজাই চিত্রগ্রহণৰ বাবে সুবিধা কৰি দিছে ব্রজেন কোচে৷ ধ্রুৱ বৈশ্যই সহকাৰী পৰিচালনা কৰা ধাৰাবাহিকখনৰ সম্পাদনা হূষীকেশ দাসৰ আৰু সহযোগী অনন্ত শর্মা৷ প্রযোজনা নিয়ন্ত্রণৰ দায়িত্বত আছে সমৰ বর্মন আৰু ৰফিউল হুছেইন৷ ‘অঞ্জলি’ ধাৰাবাহিকখনৰ নাম ভূমিকাত অভিনয় কৰিছে ‘দুটি মনৰ জোনাক’ৰ জৰিয়তে যুৱ প্রজন্মৰ মাজত বিশেষ জনপ্রিয়তা অর্জন কৰা উপাসনা প্রিয়মে৷ ধাৰাবাহিকখনত বহুকেইজন জ্যেষ্ঠ অভিনেতা অভিনেত্রীৰ লগতে, নৱাগত শিল্পীকো দর্শকে দেখিবলৈ পাব৷

বিশিষ্ট অভিনেতা–ভিনেত্রীসক হ’ল ক্রমে অতুল পাচনি, মৃদুল বৰুৱা, আশা বৰদলৈ, বাবুল কাকতি, নৱদ্বীপ ডেকা, নিলীম দত্ত, ৰূম্পা শর্মা ভট্টাচার্য, নির্মালি নীলম, দেৱীকা প্রিয়ম, ৰাখী শইকীয়া, হিৰকজ্যোতি বৰদলৈ, পার্থিৱ ফুকন, দীপাংকৰ, প্রীতম, দীক্ষিতা বৰা, দীক্ষিতা হাজৰিকা, অচিন্ত্য কাশ্যপ, জেক কাশ্যপ, অজন্তা হাজৰিকা, অংগনা দাস, অদিতি বৰুৱা, আৰুচি বৰুৱা, অজান আকাশ কাশ্যপ, চানি কাকতি, ঋষি কাশ্যপ, ভবেন হাজৰিকা, জয়ন্ত চৌধুৰী, সিদ্ধার্থ শংকৰ নাথ, ভাস্কৰজিৎ শইকীয়া, ৰতন দাস, গীতাঞ্জলি শর্মা, পূৰৱী গোস্বামী, কল্পনা মহন্ত, দীপালী হাজৰিকা আৰু শিশুশিল্পীসকল হ’ল– ক্রমে আর্ণৱ আকাশ মহন্ত, স্বপ্ণনীল হাজৰিকা, কৃতার্থ মণি দাস, প্রত্যেয়ী বৰুৱা, হূদান শর্মা আদি৷ বিশিষ্ট অভিনেতা অভিনেত্রীৰ সমাহাৰ আৰু ৰাজীৱ বৰঠাকুৰৰ সুদক্ষ পৰিচালনাৰে অঞ্জলিয়ে দর্শকৰ মন জয় কৰি ৰংৰ জনপ্রিয়তাৰ ধাৰা নিশ্চয় অটুট ৰাখিব৷

১২ জুলাইৰ পৰা সম্প্রচাৰ হ’ব লগা ধাৰাবাহিকখন প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৮.৩০ বজাত আৰু ১০.৩০ বজাত সম্প্রচাৰিত হ’ব৷

You might also like