একাংশ ব্যক্তিয়ে মধ্যমপন্থা বিচাৰি আলফা–চৰকাৰৰে সম্পর্ক চলাই আছেঃ মুখ্যমন্ত্রী ড০ শর্মা
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ আলফা (স্বাধীন)ৰে আলোচনাৰ ক্ষেত্রত ভাল সময়ৰ অপেক্ষাত চৰকাৰ৷ শনিবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত সেই মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আলফা (স্বাধীন)ৰে আলোচনা প্রসংগত সাংবাদিকৰ প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আলফা (স্বাধীন)–এ আলোচনাৰ ক্ষেত্রত সার্বভৌমত্বৰ প্রসংগ উত্থাপন কৰি আহিছে৷ কিন্তু ভাৰত চৰকাৰ আৰু অসম চৰকাৰে দেশৰ সার্বভৌমত্ব ৰক্ষাৰ শপত লৈছে৷ এনে অৱস্থাত সার্বভৌমত্বৰ ওপৰত আলোচনা কৰিবলৈ গ’লে শপত ভংগ কৰা হ’ব৷ কিন্তু আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই বহুবাৰ সেই স্থিতি দোহাৰি আছে৷ এনে অৱস্থাত এই সমস্যাৰ কেনেদৰে সমাধান কৰিব পাৰি, তাৰ বাবে মধ্যমপন্থা এটা বিচাৰি উলিয়াব লাগিব৷ কিছু ব্যক্তি চৰকাৰ আৰু আলফাৰ লগত মধ্যমপন্থা বিচাৰি উলিওৱাৰ বাবে অনানুষ্ঠানিক সম্পর্ক চলাই আছে৷
অৱশ্যে শনিবাৰৰ এই মুহূর্তলৈ মধ্যমপন্থা আৱিষ্কাৰ হোৱা নাই৷ তেওঁলোকে পৰেশ বৰুৱাৰ চিন্তাধাৰা আৰু চৰকাৰৰ পৰা এটা ইতিবাচক সঁহাৰিৰে মধ্যমপন্থাৰ সন্ধান চলাই আছে৷ এইক্ষেত্রত চৰকাৰে ভাল সময়ৰ অপেক্ষাত আছে৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান অসমত আলফাৰ বিৰুদ্ধে কোনো অভিযান চলা নাই৷ কিন্তু ৰাজ্যখনত সশস্ত্র উগ্রপন্থী থাকিলে চৰকাৰে অভিযান চলাব৷ শান্তি আলোচনা আৰম্ভ হ’লেও কোনেও অস্ত্র–শস্ত্র লৈ ঘূৰিব নোৱাৰে৷