নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবাৰে ক’ভিডত আক্রান্ত ১,৫৭৯জন, মৃত্যু ১৬, আক্রান্তৰ হাৰ ১.৬২ শতাংশ

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ   যোৱা দিনকেইটাৰ তুলনাত দেওবাৰে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে৷ দেওবাৰৰ দিনটোত ৰাজ্যখনত আক্রান্তৰ হাৰ ১.৬২ শতাংশলৈ হ্রাস পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও ১৬জনলৈ নিম্নগামী হৈছে৷

ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে প্রকাশ কৰা অনুসৰি দেওবাৰৰ দিনটোত ৰাজ্যখনত ৯৭,২৫৭জন লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ ইয়াৰে ১,৫৭৯জনৰ দেহত পজিটিভ ধৰা পৰে৷ দিনটোত আক্রান্তৰ হাৰ ১.৬২ শতাংশ৷ দেওবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত যোৰহাটত ১৮৫জন, গোলাঘাটত ১৮০জন, কামৰূপ মহানগৰত ১৫০জন, শোণিতপুৰত ১০৩জন, বিশ্বনাথত ৮৬জন, লখিমপুৰত ৮৪জন, ডিব্রুগড়ত ৭৮জন, শিৱসাগৰত ৭৮জন লোক আক্রান্ত হৈছে৷

সেইদৰে দেওবাৰৰ দিনটোত ক’ভিডত আক্রান্ত হৈ মৃত্যুবৰণ কৰা ১৬জন লোকৰ ভিতৰত কামৰূপ–কোকৰাঝাৰৰ দুজনকৈ, বাক্সা–বিশ্বনাথ–বঙাইগাঁও কাৰ্বি আলং–নগাঁও–নলবাৰী আৰু তিনিচুকীয়াৰ এজনকৈ লোক৷

মন কৰিবলগীয়া এয়ে যে ৰাজ্যখনত সুস্থতাৰ হাৰ ৯৫.১০ শতাংশলৈ বৃদ্ধি পাইছে৷ আনহাতে সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত দেওবাৰে ২,৭৯৩জন লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত ১৯,৯৭২জন সক্রিয়া ক’ভিড ৰোগী আছে৷

You might also like