নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাটিগড়াৰ বিডিঅ’ ছুজা হুছেইনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ  দুর্নীতিৰ অভিযোগত কাছাৰ জিলাৰ কাটিগড়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া (বিডিঅ’) ছুজা হুছেইন মজুমদাৰক গ্রেপ্তাৰ কৰিছে কাটিগৰা আৰক্ষীয়ে৷ বিডিঅ’ ছুজা হুছেইন মজুমদাৰৰ বিৰুদ্ধে এমজিএনৰেগাৰ কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷ কালি নিশা হাইলাকান্দি জিলাৰ লালাৰ নিজ বাসগৃহৰ পৰা বিডিঅ’ মজুমদাৰক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ দুর্নীতি আৰু বিত্তীয় কেলেংকাৰিৰ অভিযোগৰ ভিত্তিত মজুমদাৰক গ্রেপ্তাৰ কৰি লৈ আহে কাটিগড়া আৰক্ষীয়ে৷

কাছাৰ জিলা পৰিষদৰ সভাপতি অমিতাভ ৰয়ে জানিবলৈ দিয়া মতে, কাটিগড়া খণ্ড উন্নয়নৰ অধীনত ২০২১–২২ বিত্তীয় বর্ষত ফুলবাৰী, তাৰিণীপুৰ আৰু দুধপুৰ–গণিৰ গাঁও পঞ্চায়তত এমজিএনৰেগাৰ তিনি কোটিতকৈ অধিক টকাৰ অনিয়ম পোহৰলৈ অহাৰ পাছত কাছাৰ জিলা পৰিষদৰ তৰফৰ পৰা এটা তদন্তকাৰী দল গঠন কৰি দিয়া হৈছিল৷ তদন্তকাৰী দলটোৱে এমজিএনৰেগাৰ কাম–কাজত বহুতো অনিয়মৰ তথ্য লাভ কৰে৷

তেওঁ কয়– চলিত বর্ষত কাটিগড়া খণ্ডৰ উন্নয়নৰ অধীনত ৭ কোটি ৪২ লাখ টকাৰ অনিয়ম সংঘটিত হৈছে৷ উক্ত অনিয়মৰ তদন্তত বিডি’ মজুমদাৰক সহায় কৰিবলৈ কোৱা হৈছিল যদিও তেওঁ কোনো নথি–পত্র দেখুওৱাবলৈ নিবিচাৰে৷ ইয়াৰ ফলতে কালি জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া এলদাদ এল ফাইৰিয়েমে কাটিগড়া আৰক্ষী থানাত বিডিঅ’ৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে৷ গোচৰ ৰুজু হোৱাৰ পাছত কাটিগড়া আৰক্ষীয়ে অভিযান চলাই বিডিঅ’ মজুমদাৰক গ্রেপ্তাৰ কৰে৷ তেওঁ কয়– দীর্ঘদিন ধৰি কাটিগডাৰ বিডিঅ’ মজুমদাৰ, অভিযন্তা আৰু জি আৰ এছ এফৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছে৷

দায়িত্বত থকা বিষয়া–কর্মচাৰীসক কাটিগডাৰ উন্নয়ন খণ্ডৰ বিভিন্ন গাঁও পঞ্চায়তত ছিণ্ডিকেট বাহিনীৰ সৈতে গোপনে বুজাবুজি কৰি সাধাৰণ মানুহৰ জবকার্ডৰ ধনৰ অপব্যৱহাৰ কৰিছিল৷ জিলা পৰিষদৰ দ্বাৰা তদন্তৰ সময়ত চৰকাৰী ধনৰ ব্যয় আৰু প্রকৃত কামৰ সৈতে ধন মিলা নাছিল৷ অমিতাভ ৰয়ে কয়– কাছাৰৰ আৰু বিভিন্ন উন্নয়ন খণ্ডত এই অভিযান চলোৱা হ’ব৷

You might also like