কাবুল বিমানবন্দৰ দখলৰ যুঁজ তালিবানৰ
এয়াৰ ডিফেঞ্চ ছিষ্টেম স্থাপনঃ কান্দাহাৰৰ পৰা ভাৰতীয় কূটনীতিকক প্রত্যাহাৰ
নিয়মীয়া বাৰ্তা ১২ জুলাইঃ পুনৰ তালিবানৰ দখললৈ যোৱাৰ দিশে আগবাঢ়িছে আফগানিস্তান৷ প্রায় দুটা দশক ধৰি যুদ্ধ–সংঘর্ষত বিধ্বস্ত হৈ থকা দেশখনৰ পৰা আমেৰিকা আৰু নাটো বাহিনীয়ে গৃহভূমিলৈ প্রত্যাৱর্তন কৰিবলৈ লোৱাৰ লগে লগে অশান্ত হৈ পৰিছে আফগানিস্তানৰ পৰিস্থিতি৷ মাত্র দুটা সপ্তাহৰ ভিতৰতে দেশখনৰ বহু গুৰুত্বপূর্ণ অঞ্চল দখল কৰিছে তালিবানে৷ এই অঞ্চলসমূহৰ পৰা চৰকাৰী বাহিনীয়ে পলায়ন কৰিছে৷ শেহতীয়াকৈ আফগানিস্তানৰ কাবুল আন্তর্জাতিক বিমানবন্দৰ তালিবানৰ ৰকেট আক্রমণৰ পৰা ৰক্ষা কৰিবলৈ এয়াৰ ডিফেঞ্চ ছিষ্টেম অথবা বিমান প্রতিৰক্ষা ব্যৱস্থা স্থাপন কৰা হৈছে৷ কাবুল আন্তর্জাতিক বিমানবন্দৰ তালিবানৰ দখললৈ গ’লে সমগ্র দেশখনতেই সন্ত্রাসবাদী সংগঠনটোৰ নিয়ন্ত্রণ সাব্যস্ত হ’ব পাৰে৷ গতিকে এই বিমানবন্দৰ ৰক্ষা কৰাটো চৰকাৰী বাহিনীৰ বাবে প্রধান কাম হৈ পৰিছে৷
উল্লেখনীয় যে আমেৰিকা আৰু অন্যান্য বিদেশী সেনাই আফগানিস্তানৰ পৰা প্রত্যাহ্বান কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে তালিবানে আক্রমণ তীব্রতৰ কৰি তুলিছে৷ সন্ত্রাসবাদী সংগঠনটোৱে দাবী কৰা অনুসৰি দেশখনৰ ৮৫ শতাংশ অঞ্চলত ইতিমধ্যে নিয়ন্ত্রণ সাব্যস্ত হৈছে৷ অর্থাৎ আফগানিস্তানৰ মূল ভূ–খণ্ডৰ ৮৫ শতাংশ অঞ্চল ইতিমধ্যে তালিবানে দখল কৰিছে৷ অৱশ্যে চৰকাৰে এই দাবীক অগ্রাহ্য কৰি আহিছে৷ বিগত কেইটামান সপ্তাহৰ ভিতৰত তালিবানৰ অভাৱনীয়ভাৱে শক্তি বৃদ্ধি হোৱাৰ উপৰি কট্টৰ ইছলামিষ্ট সংগঠনটোৰ হাতত বাৰে বাৰে পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে চৰকাৰী বাহিনীয়ে৷ গতিকে আমেৰিকা আৰু নাটোক আফগানিস্তানৰ পৰা প্রত্যাৱর্তনৰ সময়সীমা পিছুৱাই দিবলৈ চৰকাৰে অনুৰোধ জনাই আহিছে৷ ইফালে, তালিবানে বিভিন্ন অঞ্চল দখল কৰি থকাৰ মাজতে ভাৰতে আজি দেশখনৰ কান্দাহাৰত থকা কূটনৈতিক কার্যালয়ত ৫০গৰাকী কর্মী তথা নিৰাপত্তাৰক্ষীক গৃহভূমিলৈ ওভতাই আনিছে৷ ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে এই কর্মীসকলক ওভতাই অনা হৈছে৷