নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেৰামতিৰ অভাৱত বন্ধ কলমণি জলসিঞ্চন আঁচনি কৃষকৰ মাজত হাহাকাৰ

নিয়মীয়া বাৰ্তা ১২ জুলাইঃ মহানগৰীৰ পশ্চিম প্রান্তৰ আজাৰা ৰাজহ চক্র এলেকাৰ পানীৰ অভাৱত বহু খেতিপথাৰত কঠীয়া সিঁচিব নোৱৰাত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উপায়হীন হৈ এলেকাটোৰ একাংশ কৃষকে আগবাঢ়ি আহিছে জলসিঞ্চনৰ নলা পৰিষ্কাৰ কৰি মোকলোৱাৰ বাবে৷ আজাৰা ৰাজহ চক্র এলেকাৰ কাঁহিকুছি গাঁও পঞ্চায়তৰ এন ই চি পথৰ পশ্চিম দিশৰ বৃহৎ এলেকাৰ খেতিপথাৰত বছৰ বছৰ ধৰি কৃষকসকলে খেতি কৰি আহিছে৷ প্রায় সাত হাজাৰ বিঘা খেতিমাটিত শালি, আইজোং, বর্ণি, জহা আদিৰ খেতি কৰি আহিছে যদিও শেহতীয়াকৈ কেইবছৰমান পূর্বৰে পৰা জলসিঞ্চনৰ নলাটো সম্পূর্ণ বন্ধ হৈ পৰিছে৷

ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ ‘কালমণি জলসিঞ্চন আঁচনি’ নামেৰে থকা জলসিঞ্চন আঁচনিৰ নলাটো বিভাগীয়ভাৱে চোৱাচিতা তথা মেৰামতিৰ অভাৱত একেবাৰে বন্ধ হৈ পৰিছে৷ এলেকাটোৰ আজাৰা, কাঁহিকুছি, মির্জাপুৰ, যোগীপাৰা, জবে, পানীচান্দা, ৰাইবৰী,বঙৰা আদি অঞ্চলৰ একাংশ কৃষকে এই বিষয়ে বিভাগীয় কর্তৃপক্ষক অৱগত কৰাৰ পিছতো আজিলৈকে কোনো সুফল নাপালে৷ ফলত এলেকাটোৰ একাংশ কৃষকে পৰিত্যক্ত নলাটো পৰিষ্কাৰ কৰি মোকলাবলৈ চেষ্টা কৰিছিল৷ পিছে কৃষকসকলৰ এনে প্রচেষ্টাৰ কোনো সুফল নিদিলে৷ এনে অৱস্থাত এলেকাটোৰ কৃষক ক্রমে মহেশ মেধি, নিৰল দাহ, মর্মেশ্বৰ বডো আদি কেইবাগৰাকী কৃষকে তীব্র ক্ষোভ প্রকাশ কৰি সদৰী কৰে যে চৰকাৰে জলসিঞ্চনৰ বাবে বিয়াগোম বিভাগ এটা স্থাপন কৰি বিষয়া–কর্মচাৰীক দৰমহা দিয়াই নহয়, আঁচনি মেৰামতিৰ বাবে বছৰে বছৰে চৰকাৰী ধন খৰচ কৰি থকা দেখুৱাইছে যদিও কৃষক উপকৃত হোৱা নাই৷

You might also like