নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চোৰ’ হ’ব লাগে ইমৰান খানৰ নির্বাচনী প্রতীক

নিয়মীয়া বাৰ্তা ১২ জুলাইঃ পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানৰ বিৰুদ্ধে ক্ষুৰধাৰ মন্তব্য আগবঢ়াইছে পাকিস্তান মুছলিম লীগ–নৱাজ (পিএমএল–এন)ৰ নেত্রী মৰিয়ম নৱাজে৷ নেত্রীগৰাকীয়ে উল্লেখ কৰিছে যে প্রধানমন্ত্রী ইমৰান খানৰ নির্বাচনী প্রতীক ক্রিকেট বেটৰ পৰিৱর্তে ‘চোৰ’ হোৱা উচিত৷ পি এম এল–এনৰ উপ–সভানেত্রী মৰিয়মে উল্লেখ কৰে যে ২০১৮ চনত ইমৰান খান দেশখনৰ সমগ্র নির্বাচনী প্রক্রিয়াটোক চুৰি কৰিছে৷ জিঅ’ নিউজৰ সৈতে হোৱা সাক্ষাৎকাৰত মৰিয়মে এই বুলিও মন্তব্য কৰে যে ইমৰান খানৰ বাবেই এতিয়া দেশৰ জনসাধাৰণে জীয়াতু ভুগিবলগীয়া হৈছে৷

সাধাৰণ প্রজাৰ ভোকৰ ভাত ইমৰান খানে কাঢ়ি খোৱা বুলি অভিযোগ কৰে নেত্রীগৰাকীয়ে৷ জনসাধাৰণে এতিয়া দেশখনত ময়দা আৰু চেনি লাভ কৰাটো জটিল হৈ পৰিছে৷ ময়দা–চেনিৰ বাবে দিনটো দীঘলীয়া শাৰী পাতিও জনসাধাৰণ শূন্য হাতে ঘৰলৈ উভতিবলগীয়া হৈছে৷ বয়োজ্যেষ্ঠ লোকসকলক পৰিয়াল চলাবলৈ ইমৰান খানে মাহত মাত্র ডেৰ কিলোগ্রাম চেনি প্রদান কৰিছে৷ উল্লেখনীয় যে পাক অধিকৃত কাশ্মীৰৰ শ্বার্দা চহৰত শেহতীয়াকৈ এক গণ সমাৱেশত ভাষণ দি মৰিয়ম নৱাজে ইমৰান খানৰ শাসনৰ শীঘ্রে পতন নঘটিলে পাকিস্তানত জনসাধাৰণ অধিক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি মন্তব্য কৰিছে৷ লক্ষণীয়ভাৱে প্রথমবাৰলৈ ইমৰানৰ বিৰুদ্ধে এনে অভব্য মন্তব্য কৰিছে মৰিয়মে৷

You might also like