সৰুক্ষেত্রীৰ দীঘলডোঙাত গুৰুত্বপূর্ণ পথ শ্রমদান কৰি মেৰামতি ৰাইজৰ
নিয়মীয়া বাৰ্তা ১২ জুলাইঃ লোকনির্মাণ বিভাগৰ অধীনৰ জৰাজীর্ণ এটা পথে জলাকলা খুৱাইছে সৰুক্ষেত্রী সমষ্টিৰ পাকা মৌজাৰ ৰাইজক৷ পাকা মৌজাৰ দীঘলডোঙাবাসীয়ে দেওবাৰে কেইবাবছৰ ধৰি যাতায়াতৰ নামত যমৰ যাতনা ভুগি থাকিবলগীয়া হৈছে৷
উল্লেখ্য যে সৰুক্ষেত্রী সমষ্টিৰ অন্তর্গত তথা সর্থেবাৰী ৰাজহ চক্রৰ অন্তর্গত বালাপাৰা বজাৰৰ পৰা দীঘলডোঙা হৈ সর্থেবাৰী সংযোগী অতি গুৰুত্বপূর্ণ লোকনির্মাণ বিভাগৰ এই পথটোৰে এটা সময়তবাছ চলাচল কৰিছিল৷ পৰৱর্তী সময়ত পথটোত থকা কাঠৰ দলং ভাগি জহি–খহি যোৱাত পথটোৰে যাতায়াত বন্ধ হৈ পৰে৷ আজিও পথটোৰে গধুৰ বাহন বা চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈ আছে৷ অতি প্রয়োজনীয় এই পথটো নির্মাণ কৰাৰ ক্ষেত্রত লোকনির্মাণ বিভাগৰ বিষয়া–কর্মচাৰীৰ লগতে সৰুক্ষেত্রীৰ বিধায়কে আজিলৈকে কোনো পদক্ষেপ গ্রহণ নকৰিলে৷
স্থানীয় ৰাইজৰ নিজা প্রচেষ্টাত পথটোৰে কোনোমতে দুচকীয়া বাহন চলাচল কৰিব পৰা হৈ আছে৷ ইয়াৰ মাজতে পথটোৰ এছোৱা ছিগি যোৱাৰ লগতে পথটো জৰাজীর্ণ হৈ যাতায়াতৰ বাবে অনুপযোগী হৈ পৰাত আজি দীঘলডোঙাৰ গঞা ৰাইজে মিলি পথটোত শ্রমদান কৰে৷ ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰে পথ৷ ইয়াৰ লগতে সৰুক্ষেত্রীৰ সংগ্রামী নেতা ধর্মেশ্বৰ ৰয় আৰু বডো নেতা তথা বডো স্বায়ত্তশাষিত পৰিদৰ কার্যবাহী সদস্য মহিপাল বডোৰ পৰামর্শমর্মে অন্য ঠাইৰ পৰা হিউমপাইপ আনি এটা কালভার্ট নির্মাণ কৰে৷ ৰাইজৰ লগতে দুই সংগ্রামী নেতা ধর্মেশ্বৰ ৰয় আৰু মহিপাল বডোৱে শ্রমদান কৰি পথটোৰে কোনোমতে যাতায়াত কৰিব পৰাৰ ব্যৱস্থা কৰাৰ লগতে পানী নিষ্কাশনৰ ব্যৱস্থা গ্রহণ কৰে৷
অঞ্চলটোৰ ৰাইজৰ দীর্ঘদিনীয়া এই জ্বলন্ত সমস্যা সমাধানৰ বাবে দ্বিতীয় কার্যকালৰ বাবে নির্বাচিত সৰুক্ষেত্রীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ লগতে লোকনির্মাণ বিভাগে কোনো গুৰুত্ব নিদিয়াত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷