নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন এক অন্ধকাৰ অধ্যায় উন্মোচনঃ বন্ধন বেংকৰ ঋণ পৰিশোধ-আর্থিক সংকটতে কিডনী বিক্রী

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ ‘বন্ধন বেংকৰ লোন, আর্থিক দুৰৱস্থা, মোৰ বাবে অসহনীয় হৈ পৰিছিল আৰু তেনে অৱস্থাতে মোক টুটু দাসে কৈছিল কিড্নী বিক্রী কৰিলে প্রায় চাৰে তিনি লাখ টকা পাবি আৰু তাৰ পাছতে মোৰ যোগাযোগ হৈছিল বৰঘাতৰ ৰমেন মেধিৰ সৈতে৷ তিনি মাহ পূর্বে কলকাতাত মই কিড্নী বিক্রী কৰি আহিছেছা৷ মোৰ উপায় নাছিল৷ মই তিনি লাখ টকা পালোঁ, মোৰ কিছু সমস্যাৰ সমাধান হ’ল৷’ –মৰিগাঁৱৰ পূব ধৰমতোলৰ টেপনিবৰীৰ মুনু গোৱালাৰ ভয়ংকৰ স্বীকাৰোক্তি এয়া৷

দৰিদ্রতা অভিশাপস্বৰূপ হৈ পৰা একাংশ লোকৰ বাবে কিড্নী বিক্রিয়েই চৰম উপায় হৈ পৰা মৰিগাঁও জিলাৰ বৃহত্তৰ ধৰমতুল অঞ্চলৰ এই খবৰে ইতিমধ্যে ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰিছে৷ এক দীঘলীয়া তালিকা বুল দাস, কৃষ্ণা দাস, সুমন্ত দাস, বাবুল দাস, জনতা দাস, মুনু গোৱালা আদিৰ দৰে গাঁওখনৰ অলেখজন এতিয়া শৰীৰত এটা কিড্নী লৈ জীয়াই আছে ভাগ্যক ধীয়াই৷

উল্লেখ্য যে ‘নিয়মীয়া বার্তা’ৰ চৰজমিন তদন্তত প্রকাশ পাইছে বিস্ফোৰক তথ্য, যাৰ আধাৰত জানিব পৰা গৈছে যে এই গাঁওখনৰ ৰেণু দাস, নিতু মণ্ডল, গুৰুচৰণ বৈৰাগীকে ধৰি আন কেইবাটাও পৰিয়াল বর্তমান দালাল চক্রৰ প্রলোভনত পৰি কলকাতাত বাহৰ পাতি আছে কিড্নী বিক্রীৰ বাবে৷ ৰেণু দাসৰ কন্যাই ‘নিয়মীয়া বার্তা’ৰ সাংবাদিকৰ যোগেদি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কঠোৰ প্রদক্ষেপ গ্রহণ কৰি তেওঁৰ মাতৃসহ আনসকলক উদ্ধাৰ কৰাৰ বাবে আহ্বান জনাইছে৷ এই তিনিওটা পৰিয়াল আজি তিনি মাহ ধৰি অন্তর্ধান হৈ আছে গাঁওখনৰ পৰা৷

আনহাতে, এই সমস্ত কাণ্ড পোহৰলৈ অনাত বিশেষ ভূমিকা গ্রহণ কৰা স্থানীয় সচেতন যুৱক হিত্য দলৈ, অজিত দাস, ৰিতুন দাস আৰু নৰেন দাসে কয় যে এই ঘৃণনীয় কাণ্ডৰ সৈতে জডিত প্রতিজন লোককে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিব লাগে আৰু এইক্ষেত্রত ৰাজ্যৰ মুখ্যমন্ত্রী ড০ শর্মাক কঠোৰ প্রদক্ষেপ গ্রহণৰ আহ্বান জনাইছে৷ উল্লেখ্য যে এই চক্রৰ অন্যতম দালাল নিতু দাস, প্লাৱন বৰঠাকুৰ আৰু ৰাজেশ বর্তমান পলাতক৷ আনহাতে আজি মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপর্ণা নটৰাজনে সংবাদ মাধ্যমৰ আগত কয় যে এই কিড্নী বিক্রী চক্রৰ সৈতে জডিত এগৰাকী মহিলা ওদালগুৰিৰ লিলিমাই বডো আৰু তেওঁৰ গাডীচালকক গ্রেপ্তাৰ কৰা হৈছে আৰু কেইবাজনো ব্যক্তি পলাতক হৈ আছে৷ আৰক্ষীয়ে ইতিমধ্যে ব্যাপক অনুসন্ধান আৰম্ভ কৰিছে৷

কিডনী কাণ্ডৰ অন্যতম অভিযুক্ত ৰমেন মেধিৰ আত্মসমর্পণ

ৰাজ্য কঁপোৱা মৰিগাঁৱৰ কিড্নী কাণ্ডৰ অন্যতম অভিযুক্ত ৰমেন মেধিয়ে সোমবাৰে নিশা ৮ বজাত মৰিগাঁৱৰ ধৰমতুল আৰক্ষী থানাত আত্মসমর্পণ কৰে৷ উল্লেখ্য যে নিজকে নির্দোষী বুলি দাবী কৰা ৰমেন মেধিয়ে এই সমস্ত কাণ্ডৰ সৈতে প্লাৱন বৰঠাকুৰ নামৰ এজন লোক জডিত থকা বুলি প্রকাশ কৰিছে৷

You might also like