নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্দোৰত আজি দ্বিতীয় টি–২০

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত যোৱানিশা বৰষুণৰ বাবে প্রথম টি–২০ পৰিত্যক্ত হোৱাৰ পিছত আজি ইন্দোৰত দ্বিতীয় টি–২০ত মুখামুখি হ’ব ভাৰত–শ্রীলংকা৷ প্রথমখন মেচৰ ফলাফল নোলোৱাৰ পিছত ইন্দোৰৰ দ্বিতীয় টি–২০ৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে৷

কিয়নো, এই মেচখনত জয়ী হোৱা দলটোৱে শৃংখলাত অগ্রগতি লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে শৃংখলাত পৰাস্ত নোহোৱাটো নিশ্চিত কৰিব পাৰিব৷ ইফালে, গুৱাহাটীত প্রত্যাৱর্তনৰ বাবে সাজু হোৱা তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহ আৰু অ’পেনাৰ শিখৰ ধাৱনৰ আজিহে প্রত্যাৱর্তন নিশ্চিত হ’ব৷

উল্লেখ্য যে ৰোহিত শর্মাৰ অনুপস্থিতিত ধাৱনে মূল একাদশত স্থান লাভ কৰিছে যদিও ৰোহিতৰ আগমনৰ পিছত তেওঁৰ স্থান দলত একপ্রকাৰ অনিশ্চিত হৈ পৰিব৷ কিয়নো, ২০১৯ বর্ষত লোকেশ ৰাহুলে দুর্দান্ত বেটিঙেৰে টীম ইণ্ডিয়াত স্থান নিগাজি কৰিবলৈ সক্ষম হৈছে৷

ইফালে, ইন্দোৰৰ উইকেটৰ প্রতি লক্ষ্য ৰাখি অধিনায়ক কোহলিয়ে দ্বিতীয় টি–২০ত য়ুজবেন্দ্র ছাহাল আৰু ৰবীন্দ্র জাদেজাক মূল একাদশত অন্তর্ভুক্ত কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ আনহাতে, লাছিথ মালিংগা নেতৃত্বাধীন শ্রীলংকায়ো ভাৰতক হৰুৱাই অঘটনৰ লক্ষ্যৰে খেলপথাৰত নামিব৷

খেলৰ সময়ঃ সন্ধিয়া ৭ বজা

You might also like