অনুশীলনত নামিল বিৰাট ব্রিগেড
নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পিছত প্রথমবাৰৰ বাবে ইংলেণ্ডত অনুশীলনত নামিল বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়া৷ ২০ দিনৰ বিৰতিৰ অন্তত ভাৰতীয় দলটোৱে শনিবাৰে ডাৰহামত অনুশীলন চলায়৷ যোৱা ১৪ জুলাইত ডাৰহামত উপস্থিত হোৱা টীম ইণ্ডিয়াই অহা ২০ জুলাইৰ পৰা কাউণ্টী ছিলেক্টৰ বিপক্ষে এখন তিনিদিনীয়া প্রস্তুতিমূলক মেচত অংশগ্রহণ কৰিব৷ ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ পূর্বে কাউণ্টী ছিলেক্টৰ বিপক্ষে খেলিবলগীয়া প্রস্তুতি মেচখনৰ বাবে বর্তমান ভাৰতীয় দলটোৱে অনুশীলন আৰম্ভ কৰিছে৷
দলটোৰ অধিনায়ক বিৰাট কোহলিৰ লগতে তাৰকা বেটছমেন ৰোহিত শর্মা, শ্বেটেশ্বৰ পূজাৰা, মায়ংক আগৰৱাল আৰু কে এল ৰাহুলে অধিক সময় ধৰি নেটত বেটিং অনুশীলন চলায়৷ ইফালে, সতীর্থ ঈশান্ত শর্মা, ৰবিচন্দ্রন অশ্বিন, মহম্মদ ছিৰাজ আৰু মহম্মদ ছামিয়ে অধিক সময় বলিঙৰ অনুশীলন কৰে৷ ভাৰতীয় দলটোৱে কৰা অনুশীলনৰ ফটো ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে টুইটাৰত আপলোড কৰিছে৷ ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া তিনিদিনীয়া প্রস্তুতিমূলক মেচখন বিনা দর্শকৰ উপস্থিতিত খেলোৱা হ’ব৷ ক’ৰোনাৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি প্রস্তুতিমূলক মেচখন বন্ধ ষ্টেডিয়ামত খেলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’র্ডে৷ উল্লেখ্য যে টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ প্রথমখন টেষ্ট ৪ আগষ্টৰ পৰা ট্রেণ্ট ব্রীজত খেলোৱা হ’ব৷