নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নহৰুৰ দুটা ফুটাই আপোনাৰ ধনৰ সমস্যাৰ পৰা মুক্ত কৰিব পাৰে….

নিয়মীয়া বাৰ্তা ২১ জুলাইঃ যদিও নহৰু খাদ্যৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয় আৰু লগতে ই বহুতো ৰোগও আৰোগ্য কৰে। কিন্তু আপুনি জানিলে আচৰিত হ’ব যে নহৰুৱে আপোনাৰ ভাগ্যও সলনি কৰিব পাৰে। বাস্তু শাস্ত্ৰৰ মতে, আপোনাৰ জীৱনত থকা সমস্যাবোৰ আঁতৰাবলৈ নহৰু ব্যৱহাৰ কৰিব পাৰি।

ধন সম্পৰ্কীয় সমস্যাবোৰ আঁতৰি যায়
নহৰুৰ ফুটাই ধন সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ দিব পাৰে। শনিবাৰে পাৰ্চত নহৰুৰ এটা ফুটা ৰাখিব লাগে। প্ৰতি শনিবাৰে ইয়াক সলনিও কৰিব পাৰে। এনে কৰিলে কেতিয়াও ধনৰ অভাৱ নহয়।

যদি হাতত টকা নাথাকে এই উপায় অৱলম্বন কৰক
যদি আপোনাৰ লগত নাথাকে বা পইচা হাতত অহাৰ লগে লগে খৰচ হয়, তেতিয়া আপোনাৰ ঘৰ বা দোকানত থকা যিকোনো সুৰক্ষিত লকাৰত  নহৰুৰ ফুটা এটা কাপোৰত  মেৰিয়াই দিব লাগে। এনে কৰিলে , আপুনি টকা ৰাহি হব।

যদি আপোনাৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে, নহৰুৰ দুটা ফুটা ৰঙা কাপোৰত বান্ধি এটা পাত্ৰ তৈয়াৰ কৰক আৰু তাৰ পিছত পাত্ৰটো মাটিত পুতি থৈ দিব লাগে। ই আৰ্থিক সমস্যা আঁতৰ কৰিব।

ব্যৱসায়ৰ লোকচানৰ পৰা ৰক্ষা কৰিব
যদি ব্যৱসায়ত লোকচান হয়, তেতিয়া ৫টা বা ৭ টা নহৰু চফা কাপোৰত বান্ধি আৰু সেইবোৰ দোকান, কাৰ্যালয় বা য’তেই আপুনি কাম কৰে তাৰ মুখ্য দুৱাৰত ওলোমাই থব। ই ব্যৱসায়টো দ্ৰুত কৰিব আৰু আপোনাৰ ধনৰ সমস্যা সমাধান কৰিব।

You might also like