নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ জুলাইত পৃথিৱীৰ কাষেৰে পাৰ হ’ব ফুটবল ষ্টেডিয়াম সম বিশাল গ্রহাণু

নিয়মীয়া বাৰ্তা ২১ জুলাইঃ পৃথিৱী অভিমুখে আহি আছে এখন ফুটবল ষ্টেডিয়ামৰ সম আয়তনৰ এটা গ্রহাণু৷ ২০০৮ জি অ’ ২০ হিচাপে নামকৰণ কৰা এই গ্রহাণুটো ঘণ্টাত ১৮ হাজাৰ মাইল বেগেৰে আহি আছে বুলি নাছাৰ জ্যোতির্বিজ্ঞানীয়ে সদৰী কৰিছে৷ অৱশ্যে আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই পৃথিৱীবাসীৰ বাবে আশংকাৰ কাৰণ নাই বুলি ঘোষণা কৰিছে৷

নাছাৰ বিজ্ঞানীসকলৰ মতে পৃথিৱীক এই গ্রহাণুটোৱে ২৪ জুলাইত অতিক্রম কৰিব৷ ই পৃথিৱীত আঘাত কৰাৰ কোনো সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দিছে নাছাই৷ স্মর্তব্য যে মহাকাশ সন্দর্ভত অনুসন্ধিৎসু লোকসকলৰ বাবে গ্রহাণু এতিয়াও ৰহস্যৰ বিষয় হৈ আছে৷ পৃথিৱীৰ পৰা ৩৭,১৮,২৩২ মাইল আঁতৰেদি এই গ্রহাণুটোৱে অতিক্রম কৰিব যদিও ইয়াক পৃথিৱীৰ সমীপৱর্তী গ্রহাণু বুলি চিহ্ণিত কৰা হৈছে৷

You might also like