নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূলসুঁতিলৈ উভতিল দুর্ধর্ষ বাথা–বকোঃ গৃহমন্ত্রী অমিত শ্বাহৰ ভ্রমণৰ পূর্বে বিটিআৰত শান্তি স্থাপনৰ আন এক খোজ

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ  বড়োভূমিত দীর্ঘদিনে চলি অহা অস্ত্র–শস্ত্রৰ জন্জননি অৱশেষত সম্পূর্ণৰূপে স্তব্ধ হৈ পৰাৰ পথ মুকলি হ’ল৷ বড়োভূমিৰ লগতে সমগ্র অসমত শান্তিৰ পৰিৱেশ প্রতিষ্ঠাৰ বাবে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে গ্রহণ কৰি অহা পদক্ষেপৰ বাবে বি টি আৰত সূচনা হ’ল আন এক নতুন অধ্যায়ৰ৷ প্রায় ১০ মাহ পূর্বে এন ডি এফ বিৰ পৰা ফালৰি কাটি গৈ গঠন কৰা নেচনেল লিবাৰেচন ফ্রণ্ট অৱ বড়োলেণ্ড (এন এল এফ বি) নামৰ উগ্রবাদী সংগঠনটো বৃহস্পতিবাৰে উভতি আহিল মূলসুঁতিলৈ৷ এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষ এম বাথা ওৰফে বিনোদ মোছাহাৰী, সংগঠনটোৰ উপ–মুখ্য সেনাধ্যক্ষ বকো ওৰফে ভবেন বসুমতাৰীসহ ২৩জন দুর্ধর্ষ সদস্যই আত্মসমর্পণ কৰিলে অসম আৰক্ষীৰ ওচৰত৷

অৰুণাচল প্রদেশৰ ঘন জংঘলৰ পৰা আহি মাজবাট আৰক্ষী থানাৰ অন্তর্গত তথা লালপানী আৰক্ষী চকীৰ অধীনস্থ ৩৭নং ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ চিকাৰীদাংগা গাঁৱত আত্মসমর্পণ কৰে উগ্রবাদীৰ দলটোৱে৷ গাঁওখনৰ গির্জাৰ ওচৰতে আত্মসমর্পণৰ বাবে অহা উগ্রপন্থীৰ দলটোক আদৰণি জনায় বি টি আৰপ্রধান প্রমোদ বড়ো, ৰাজ্য চৰকাৰৰ মন্ত্রী পীয়ূষ হাজৰিকা, বি টি আৰৰ উপ–মুখ্য কার্যবাহী গোবিন্দ বসুমতাৰী, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, আৰক্ষী মহাপৰিদর্শক পার্থসাৰথি মহন্তৰ লগতে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়ববীয়াসকলে৷ দুপৰীয়া প্রায় দুই বজাত আহি লালপানী থানাত উপস্থিত হোৱা বিদ্রোহী নেতা আৰু সদস্যসকলে তেওঁলোকে লগত লৈ অহা অস্ত্র–শস্ত্র আৰক্ষীৰ ওচৰত জমা দিয়ে৷ প্রাপ্ত তথ্য অনুসৰি এন এল এফ বিৰ সভাপতি আই বি বংথিগড়া, মুখ্য সেনাধ্যক্ষ এম বাথা আৰু উপ–মুখ্য সেনাধ্যক্ষ বকো বসুমতাৰীৰ নেতৃত্বত অহা এই দলটোৱে তিনিটা এ কে–৫৬, এটা এ কে–৪৭, এটা ৯ এম এম পিষ্টল, দুটা এছ বি এইচ এল, ৫০৭ ৰাউণ্ড গুলী, ১০খন খুকুৰী আৰু ৭টা মেগজিন আৰক্ষীৰ ওচৰত জমা দিয়ে৷

উল্লেখ্য যে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত এন ডি এফ বিৰ পৰা ফালৰি কাটি গৈ এই এন এল এফ বি গঠন হৈছিল৷ এন ডি এফ বিৰ আটাইকেইটা গোটে বি টি আৰ চুক্তিৰ জৰিয়তে মূলসুঁতিলৈ উভতি অহাৰ পাছত বড়োভূমিত স্থায়ী শান্তি উভতি আহিব বুলি আশা কৰা হৈছিল৷ ইয়াৰ মাজতে এম বাথাৰ নেতৃত্বত গঠন হোৱা এন এল এফ বিয়ে পুনৰ বড়োভূমিত অশান্তিৰ সৃষ্টি কৰিব নেকি, তাক লৈও শংকাৰ সৃষ্টি হৈছিল৷ অৱশ্যে এন ডি এফ বিৰ পৰা ফালৰি কাটি গৈ নতুন উগ্রবাদী সংগঠনৰ জন্ম দিয়া বাথা অত্যন্ত শক্তিশালী নাছিল বুলি আগতীয়াকৈ প্রকাশ কৰিছিল অসম আৰক্ষীয়ে৷ তৎসত্ত্বেও এই নতুনকৈ গঠন হোৱা উগ্রবাদী সংগঠনটোক মূলসুঁতিলৈ ওভতাই আনিবলৈ ৰাজ্য চৰকাৰে অহৰহ প্রচেষ্টা চলাই আহিছিল৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্রমণৰ প্রাক্ক্ষণত এন এল এফ বিয়ে আত্মসমর্পণ কৰা কার্যই যথেষ্ট তাৎপর্য বহন কৰিছে৷  

কালি বাথাৰ নেতৃত্বত ২৩জন কেডাৰহে মূলসুঁতিলৈ উভতি আহিছে যদিও এতিয়াও অৰুণাচল প্রদেশৰ ঘন জংঘলত বাহৰ পাতি আছে আন একাংশ কেডাৰ৷ আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি পৰৱর্তী সময়ত আন ১৪০জন সদস্যই আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিব বুলি জানিব পৰা গৈছে৷ এন এল এফ বিৰ গোটটো মূলসুঁতিলৈ উভতি অহাৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

টুইটাৰযোগে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে মূলসুঁতিলৈ উভতি আহিবলৈ এন এল এফ বিয়ে গ্রহণ কৰা সিদ্ধান্তত চৰকাৰৰ নীতিৰ ওপৰত ৰাইজৰ আস্থা প্রতিফলিত হৈছে৷ আত্মসমর্পণকাৰী উগ্রবাদীসকলক আদৰণি জনাই তেওঁ পুনৰ আশ্বাস প্রদান কৰে যে বড়োভূমিৰ সর্বাত্মক উন্নতিৰ লগতে বড়ো লোকসকলৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিচয় সুৰক্ষিত কৰিবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ৷

ইপিনে বিদ্রোহীসকলক আদৰণি জনাই ৰাজ্য চৰকাৰৰ মন্ত্রী পীয়ূষ হাজৰিকাই কয়– ‘বিদ্রোহী সদস্যসকল মূলসুঁতিলৈ উভতি আহি শান্তি প্রতিষ্ঠাৰ বাবে কাম কৰিব বিচৰাটো আদৰণীয়৷’ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে আলোচনা কৰি সংগঠনটোৰ সৈতে হ’বলগীয়া বার্তালাপ সন্দর্ভত পৰৱর্তী পর্যায়ত অৱগত কৰা হ’ব বুলিও সদৰী কৰে৷ অনুষ্ঠানত উপস্থিত থকা বি টি আৰপ্রধান প্রমোদ বড়োৱে কয় যে এন ডি এফ বিৰ চাৰিওটা গোট মূলসুঁতিলৈ উভতি অহাৰ পাছত পুনৰ উগ্রবাদী সংগঠন জন্ম দিয়া এম বাথাসহ কেডাৰসকল মূলসুঁতিলৈ উভতি অহাটো অত্যন্ত ভাল খবৰ৷ ভাৰতবর্ষৰ দৰে এখন ৰাষ্ট্রত ১০০–২০০ সদস্যৰে জংঘলত থাকি কোনো কাম কৰিব নোৱাৰিব বুলি তেওঁলোকে উপলব্ধি কৰিছে৷

আনহাতে, ৰক্তাক্ত পৰিৱেশৰ সূচনা নকৰাকৈ মূলসুঁতিলৈ এই বিদ্রোহীসকলক ওভতাই অনাৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাক তেওঁ ধন্যবাদ জ্ঞাপন কৰে৷ এন এল এফ বি মূলসুঁতিলৈ উভতি অহাৰ লগে লগে অস্ত্রৰ জন্জননী চিৰদিনলৈ অন্ত পৰাৰ লগতে বড়োভূমি তথা অসমত সুন্দৰ পৰিৱেশৰ সূচনা হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে৷ নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়োৱে মূলসুঁতিলৈ উভতি অহা উগ্রবাদী সদস্যসকলক আদৰণি জনোৱাৰ লগতে এইক্ষেত্রত সক্রিয় ভূমিকা গ্রহণ কৰা মুখ্যমন্ত্রী ড০ শর্মাক ধন্যবাদ জ্ঞাপন কৰে৷ উগ্রবাদীসকলে আত্মসমর্পণ কৰা এই কার্যসূচীৰ অন্ত পৰাৰ পাছতে তেওঁলোকক গুৱাহাটীলৈ লৈ অহা হয়৷ জানিব পৰা মতে, কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাত তেওঁলোকক ৰখা হ’ব৷ লক্ষণীয় যে এই বিদ্রোহী সংগঠনটোক মূলসুঁতিলৈ ওভতাই অনাৰ ক্ষেত্রত যোগসূত্রকাৰী হিচাপে ভূমিকা পালন কৰিছিল পৃথ্বি নাৰায়ণ মেছে৷ বিদ্রোহী সংগঠনটোৰ বিভিন্ন সমস্যা তথা তেওঁলোকৰ মনৰ ইচ্ছাৰ কথা গৃহ বিভাগক মেছে সদৰী কৰি আহিছিল৷

হঠাৎ কেনেকৈ মন কুমলিল এম বাথাৰ?

দীর্ঘদিনে অসম আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা দুর্ধর্ষ এম বাথাৰ মন কেনেকৈ কুমলিল? আজি বাথাই আত্মসমর্পণ কৰাৰ লগে লগে স্বাভাৱিকতে উত্থাপিত হৈছে এনে বহু প্রশ্ণৰ৷ প্রায় ২৫ বছৰৰ অন্তত বিগত বর্ষৰ ২৭ জানুৱাৰীত এন ডি এফ বিৰ আন কেডাৰৰ সৈতে মূলসুঁতিলৈ উভতি আহিছিল এম বাথা৷ কিন্তু মূলসুঁতিলৈ উভতি অহাৰ পাছতো প্রায় ১০ মাহ পাছত একাংশ অনুগতক লৈ হঠাৎ অন্তর্ধান হৈছিল ছার্প শ্বুটাৰ বাথা৷ ২০২০ চনৰ ১২ অক্টোবৰত বাথাই জন্ম দিলে এন এল এফ বি৷ অত্যাধুনিক মাৰণাস্ত্র চুৰি কৰি নিয়া বাথাই আৰম্ভ কৰে ধন দাবী৷ ইয়াৰ মাজতে গুৱাহাটীত কৰায়ত্ত হয় এন এল এফ বিৰ চাৰিজন সদস্য৷

তদুপৰি যোৱা ১১ জুলাইৰ নিশা মাজবাট থানাৰ অন্তর্গত ডিমাচাঙত এনকাউণ্টাৰত নিহত হয় সংগঠনটোৰ এজন এৰিয়া কমাণ্ডাৰ৷ এই নিহত কমাণ্ডাৰজনৰ পৰা উদ্ধাৰ কৰা বিভিন্ন নথিপত্রৰ পৰা আৰক্ষীৰ বিশেষ শাখাই বাথাই আত্মগোপন কৰি থকা স্থানৰ সম্ভেদ লাভ কৰে৷ একে সময়তে বাথাই কেডাৰসহ আশ্রয় লৈ থকা ঘন জংঘলত ক্রমাৎ বৃদ্ধি পাবলৈ আৰম্ভ কৰে হাতীৰ উপদ্রৱ৷ তদুপৰি এন এল এফ বি সন্মুখীন হয় খাদ্য সংকটৰ৷ সমান্তৰালভাৱে নৱগঠিত উগ্রবাদী সংগঠনটোৰ চাল–চলন নিৰীক্ষণ কৰি আহিছে অসম আৰক্ষীয়ে৷ এনে পৰিস্থিতিত অৱশেষত আত্মসমর্পণেই বাথাৰ সন্মুখত একমাত্র পথ হিচাপে বিবেচিত হয়৷

লক্ষণীয় যে বৃহস্পতিবাৰে আত্মসমর্পণৰ বাবে উভতি অহাৰ সময়ত বাথাসহ দলটোক বাধা প্রদান কৰে এটা হাতীৰ জাকে৷ আনকি শূন্যলৈ গুলীচালনা কৰিহে হাতীৰ আক্রমণৰ পৰা তেওঁলোক ৰক্ষা পাবলৈ সক্ষম হয়৷ প্রথম অৱস্থাত এয়া এক এনকাউণ্টাৰ বুলি সকলোৱে আশংকা কৰিছিল যদিও পৰৱর্তী সময়ত হাতীৰ জাকটো খেদি পঠিওৱাৰ বাবেহে তেওঁলোকে গুলীচালনা কৰিছিল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বোমা নির্মাণৰ সময়ত এখন হাত হেৰুৱাইছিল বাথাই৷

You might also like