ভাৰত–শ্রীলংকাৰ আজি অন্তিম এদিনীয়া
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ ভ্রমণকাৰী দল টীম ইণ্ডিয়া আৰু শ্রীলংকাৰ মাজত তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন মেচ আজি কলম্বোত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে প্রথম দুখন মেচত বিজয় সাব্যস্ত কৰি শৃংখলা দখল কৰা শিখৰ ধাৱন নেতৃত্বাধীন ভাৰতীয় দলটোৱে আজিৰ মেচখনত বিজয় সাব্যস্ত কৰি শৃংখলাটো ক্লীন শ্বুইপ কৰাৰ লক্ষ্য লৈছে৷
আজিৰ মেচখনত ভাৰতীয় দলটোৰ মূল একাদশত কিছু সালসলনি হোৱাৰ সম্ভাৱনা আছে৷ সঞ্জু ছেমছনৰ লগতে ঋতুৰাজ গাইকোৱাড আৰু দেৱদত্ত পাৰিকালে আজিৰ মেচখনত ভাৰতীয় দলটোৰ মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি ভাৰতীয় দলটোৰ সহঃ অধিনায়ক ভুবনেশ্বৰ কুমাৰে কয় যে দ্বিতীয়খন মেচত ভাৰতীয় দলৰ জয়ত মুখ্য ভূমিকা লোৱা দীপক চহৰক আজি মেচখনত বিশ্রাম দিয়াৰ চিন্তা–চর্চা কৰি আছে৷
অৱশ্যে মিডল অর্ডাৰত মনীষ পাণ্ডে আৰু সূর্য কুমাৰ যাদৱক লোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে সহঃ অধিনায়কগৰাকীয়ে৷ ইফালে শৃংখলাটোৰ অন্তিমখন মেচত বিজয় সাব্যস্ত কৰি পৰাজয়ৰ ব্যৱধান ২–১লৈ হ্রাস কৰাৰ লক্ষ্য লৈছে ঘৰুৱা দল শ্রীলংকাই৷
খেলৰ সময়- বিয়লি ৩ বজা৷