নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধিৰ বিৰোদ্ধে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

তিনি শতাধিক ছাত্ৰ কৰ্মীয়ে চাইকেল ৰেলীৰে কপালে মৰিগাঁৱৰ ৰাজপথ

নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ ইন্ধনজাত সামগ্ৰী, পেট্ৰল ডিজেল আৰু মিঠাতেল দাইলকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱাৰ পৰিপেক্ষিতত মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ সম্পাদক ৰূপ জ্যোতি মেধি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি উৎপল শৰ্মাৰ নেতৃত্বত তিনি শতাধিক আছু কৰ্মীয়ে আজি বৃহৎ চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ন কৰে ।
প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী হুচিয়াৰ, অত্যাবশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক, ইন্ধনজাত সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ হুচিয়াৰ ইত্যাদি শ্লগানেৰে মৰিগাঁও চহৰৰ ৰাজপথ উত্তাল কৰি তুলে।
প্ৰতিবাদী কাৰ্য্যসূচীত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি উৎপল শৰ্মাই ক্ষোভ উজাৰি কয় যে কৰণাই বিধ্বস্ত কৰা দুখীয়া মানুহে যেনেতেনে দুবেলা দুমুঠি খাই জীয়াই আছিল তাৰ পাছত মূল্যবৃদ্ধিৰ যি মাধমাৰ হব ধৰিছে দুখীয়া মানুহৰ বাবে জীৱন নিৰ্বাহ কৰাতো অসম্ভবপ্ৰায় হৈ পৰিছে। চৰকাৰে ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ দিয়া বন্ধ কৰি স্কটী দিয়া আৰম্ভ কৰিছে কিন্তু দিনহাজিৰা কৰা দেউতাক এজনে স্কুটীত ৯৭ টকা লিটাৰৰ মূল্য পেট্ৰল ভৰাব নে ঘৰ খনলৈ ১৫৫ টকা লিটাৰৰ মিঠাতেল কিনি আনিব বুলিও অ‍াছু নেতা জনে প্ৰশ্ন উত্থাপন কৰে।
জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে কয় যে চৰকাৰ খনে কলা বেপাৰী আৰু চিণ্ডিকেট ৰাজ বন্ধ কৰাত ব্যৰ্থ হৈছে বাবেই মূল্যবৃদ্ধি দিনক দিনে বাঢ়ি গৈ আছে। চৰকাৰে ইয়াৰ বিপক্ষে পদক্ষেপ গ্ৰহন কৰিব লাগে আৰু দুখীয়া মানুহক সকাহ দিব লাগে । কভিডৰ ভয়াবহতাৰ বাবে দ্বিতীয় বাৰৰ বাবে মৰিগাঁও জিলা কণ্টেইনমেন্ট জ’ন কৰা হল, গাৱঁৰ ৰাইজৰ খবৰ লওক সৰু সৰু দোকানী ঠেলাৱালা ৰিস্কাৱালাৰ পৰিয়ালে নাখাই নবয় দিন অতিবাহিত কৰিছে পথাৰত পানী নাই চিৰাল ফাট মেলিছে কৃষকৰ খবৰ লওতা কোনো নাই , চৰকাৰ আছেনে নাই ৰাইজে প্ৰশ্ন কৰিছে, কৃষক ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা, সৰ্বসাধাৰণ ৰাইজৰ কথা চৰকাৰে চিন্তা কৰক আৰ্থিক সাহায্য প্ৰদান কৰক ।
অনাগত দিনত চৰকাৰ খনে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হলে পুনৰ ধাৰাবাহিক ভাবে আন্দোলন কৰি যোৱাৰ হুংকাৰ দিয়ে জিলা সভাপতি সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিয়ে ।

You might also like