নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰা পান কৰোতে কেতিয়াও নাখাব এইবোৰ চাকনা নহলে হ’ব পাৰে বিপদ…

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ বৰ্তমান সময়ত সুৰাপান বহু মানুহৰ প্ৰিয় পনীয়। সুৰা নহলে বিয়া, জন্মদিনকে ধৰি যেন একো উদযাপন নহয়। প্ৰায়ে মানুহে সুৰাৰ লগত কিবা ভজা বস্তু অন্যথা বহুলোকে ফলৰ সংমিশ্ৰণো খায়। কিছুমানে নিমখীয়া খাবলৈ ভাল পায় আনহাতে কিছুমানে সুৰাৰ সৈতে মাংস খাবলৈ ভাল পায়। সুৰা স্বাস্থ্যৰ বাবে অতি বিপদজনক, কিন্তু কেতিয়াবা এই মিশ্ৰণবোৰে স্বাস্থ্যৰ অধিক ক্ষতি কৰে। ইয়াৰে এনে কিছুমান খাদ্য আছে যিবোৰ কেতিয়াও সুৰাৰ সৈতে খাব নালাগে।

বাদাম আৰু কাজুঃ বেছিভাগ মানুহে সুৰাৰ সৈতে বাদাম আৰু ভজা কাজুবাদাম খাবলৈ পছন্দ কৰে। কিন্তু জানিলে আচৰিত হ’ব যে এই দুয়োটা বস্তু সুৰাৰ সৈতে খোৱা উচিত নহয়। দৰাচলতে, এইবোৰ যথেষ্ট কলেষ্টেৰল থাকে যি আমাৰ ভোক নাইকিয়া কৰে আৰু সুৰা পান কৰাৰ পিছত গধুৰ অনুভৱ কৰে।

চকলেটঃ বহুলোকে সুৰাৰ সৈতে চকলেট খাবলৈ পছন্দ কৰে। কিন্তু সুৰা আৰু চকলেটৰ সংমিশ্ৰণে এচিডিটি হ’ব পাৰে।

চিপচঃ বহুলোকে সুৰাৰ সৈতে চিপচ খায়। কাৰণ ই সস্তা আৰু যিকোনো ঠাইত ইয়াক সহজে বিচাৰি পোৱা যায়। কিন্তু চিপচ খোৱাৰ পিছত সুৰাপায়ী সকলৰ বহুত পিয়াহ অনুভৱ কৰোৱায়। ইয়াৰ কাৰণে মানুহে অধিক সুৰাপান কৰিবলৈ বাধ্য কৰোৱায়। সেইবোৰে আপোনাৰ শৰীৰত পানীৰ পৰিমাণো হ্ৰাস কৰে।

ব্ৰেড আৰু বিয়েৰঃ ব্ৰেড আৰু বিয়েৰ হৈছে এক ক্ষতিকাৰক সংমিশ্ৰণ। ব্ৰে়ড খোৱাৰ ফলত পেট ফুলাৰ লগতে আপোনাৰ শৰীৰক ডিহাইড্ৰেট কৰিব। যদি আপুনি অত্যাধিক বিয়েৰ আৰু ব্ৰেড খায় তেন্তে বমিও হ’ব পাৰে।

নেমু আৰু আঙুৰঃ সুৰা পান কৰোঁতে কেতিয়াও নেমু আৰু আঙুৰৰ দৰে ফল খাব নালাগে। সেইবোৰ পেটলৈ গৈ কফলৈ পৰিৱৰ্তিত হয়, যাৰ ফলত চৰ্দি, কাহ আৰু হ’ব পাৰে।

You might also like