নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রদেশ কংগ্রেছৰ উদ্ভট কাণ্ডঃ শ্বহীদ পিয়লি ফুকনৰ পৰিৱর্তে নটসূর্য ফণী শর্মাৰ প্রতিচ্ছবিত মাল্যার্পণ

নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ  শ্বহীদ পিয়লি ফুকনক শ্রদ্ধাঞ্জলি জনাবলৈ গৈ নটসূর্য ফণী শর্মাক শ্রদ্ধাঞ্জলি জ্ঞাপনৰ উদ্ভট কাণ্ড সংঘটিত কৰিলে কংগ্রেছে৷ প্রদেশ কংগ্রেছৰ দুই কার্যকৰী সভাপতি ৰাণা গোস্বামী আৰু কমলাক্ষ দে’ পুৰকায়স্থই সোমবাৰে শ্বহীদ পিয়লি ফুকনৰ মৃত্যুদিৱস উপলক্ষে ৰাজীৱ ভৱনত মহান নেতাগৰাকীক শ্রদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰে৷

পিছে অতি আশ্চর্যকৰভাৱে তেওঁলোকে শ্বহীদ পিয়লি ফুকনৰ পৰিৱর্তে নটসূর্য ফণী শর্মাৰ প্রতিচ্ছবিতহে মাল্যার্পণ কৰি শ্রদ্ধা নিবেদন কৰে৷ কংগ্রেছৰ এই কাণ্ডই ৰাইজৰ মাজত বিৰূপ প্রতিক্রিয়া সৃষ্টি কৰিছে৷ এই সম্পর্কত নটসূর্য ফণী শর্মাৰ জ্যেষ্ঠ পুত্র অজিত শর্মাই সংবাদ মাধ্যমৰ আগত তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয়– এই ঘটনাত আমি অত্যন্ত দুখ পাইছোঁ৷ তেওঁলোকে যদি শ্বহীদ পিয়লি ফুকন আৰু নটসূর্য ফণী শর্মাক চিনি নাপায়, তাতকৈ দুখৰ কথা একো হ’ব নোৱাৰে৷

উল্লেখ্য যে পিয়লি ফুকন নামৰ চলচ্চিত্রখনৰ পৰিচালক আছিল নটসূর্য ফণী শর্মা৷

You might also like