নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ এটা আটাইতকৈ ভয়ানক জনজাতি মুর্চি জনজাতি

- দিপ্তাশ্রী গগৈ

সময়ৰ পৰিৱর্তনৰ লগে লগে মানুহৰ জীৱন ধাৰণ প্রণালীও সলনি হোৱা দেখিবলৈ পোৱা যায়৷ সময়ৰ লগত খোজ মিলাই যাবলৈ পৃথিৱীৰ প্রত্যেকটো বস্তু, জাতি–জনগোষ্ঠীয়ে উন্নত হোৱা দেখা যায়৷ কিন্তু আজিৰ এই বিজ্ঞান–প্রযুক্তিবিদ্য্ যুগতো পৃথিৱীত এনে কিছুমান জনজাতিয়ে বাস কৰে, যিয়ে পৌৰাণিক কিছুমান ভয়ানক আৰু অদ্ভুত ৰীতি–নীতি আৰু অন্ধবিশ্বাসৰ মাজত তেওঁলোকৰ জীৱন প্রণালী অতিবাহিত কৰি আছে৷

পূব আফ্রিকাৰ ইথি’পিয়া Ethiopia)ত বাস কৰা এনে এটা ভয়ানক জনজাতি হৈছে মুর্চি Mursi) জনজাতি৷ মুর্চি জনজাতিৰ মতে– ‘কোনো অন্য ব্যক্তিক হত্যা নকৰাকৈ জীয়াই থকাতকৈ ভাল নিজেই নিজক হত্যা কৰা৷’ এই জনজাতিটোৱে যিখন অৰণ্যত বসবাস কৰে, সেই অৰণ্যখনৰ ওপৰত তাৰ চৰকাৰৰো নিয়ন্ত্রণ নচলে৷ মুর্চি জনজাতিৰ কিছুমান অদ্ভুত পৰম্পৰা আছে৷ তেওঁলোকৰ AK ৪৭ৰ দৰে কিছুমান আধুনিক অস্ত্র ব্যৱহাৰ কৰাৰ চখ আছে আৰু তেওঁলোকৰ অঞ্চলত বাহিৰৰ কোনো ব্যক্তিয়ে ভৰি ৰখাৰ লগে লগে তেওঁৰ হত্যা হোৱাৰো সম্ভাৱনা আছে৷

তেওঁলোকৰ অস্ত্রসমূহ চুবুৰীয়া ৰাষ্ট্র ছুডান আৰু ছোমালিয়াৰ পৰা যোগান ধৰা হয়৷ ইয়াৰ উপৰি মুর্চি জনজাতিৰ লোকসকলে কিছুমান বৰ আচৰিতজনক ৰীতি–নীতিও পালন কৰে৷ তেওঁলোকে যিকোনো ধৰণৰ যুদ্ধলৈ যাবৰ সময়ত গৰুৰ তেজ ভক্ষণ কৰে৷ তেওঁলোকৰ বিশ্বাস গৰুৰ তেজ ভক্ষণ কৰাৰ লগে লগে তেওঁলোক অত্যধিক শক্তিশালী হৈ পৰে আৰু লগতে সন্মানৰ সৈতে জীয়াই থাকিব পাৰে৷ এই জনজাতিৰ লোকসকলে মহিলাক কু–দৃষ্টিৰ পৰা ৰক্ষা কৰিবৰ কাৰণে শৰীৰ পৰিৱর্তন প্রক্রিয়াত কিছুমান এনে অদ্ভুত কাণ্ড কৰে, যিবোৰ শুনা বা দেখাৰ লগে লগে সাধাৰণ জনতাৰ আত্মা কঁপি উঠিব৷ মুর্চি জনজাতিৰ মহিলাসকলে তেওঁলোকৰ ওঁঠৰ তলৰ অংশত মাটিৰে নির্মিত কিছুমান প্লেট পৰিধান কৰে৷

তেওঁলোকৰ ছোৱালীবোৰৰ বয়স ১৫ বছৰ হোৱাৰ লগে লগে ছোৱালীৰ মাক আৰু অন্য মহিলাসকলে লগ হৈ জীয়েকৰ ওঁঠৰ তলৰ অংশ কাটি দিয়ে৷ যেতিয়া এই ঘা পকি যায় তেতিয়াই ওঁঠত প্লেট পিন্ধাই দিয়া হয় আৰু তেওঁলোকৰ ছোৱালীৰ সৌন্দর্য এই লিপ প্লেটৰ ওপৰত নির্ভৰ কৰা হয়৷ যদি প্লেটৰ আকাৰ সৰু হয় তেন্তে ছোৱালীজনীৰ সৌন্দর্য কম আৰু প্লেটৰ আকাৰ ডাঙৰ হ’লে ছোৱালীজনীৰ সৌন্দর্য বেছি বুলি বিশ্বাস কৰা হয়৷ ইয়াৰ উপৰি মুর্চি জনজাতিৰ পুৰুষসকলে মহিলাৰ কাৰণে নিজৰ মাজতে লাঠীৰে যুদ্ধ আৰম্ভ কৰে৷ তেওঁলোকৰ মতে– ‘যিজন পুৰুষে যুদ্ধত বিজয়ী হয়, তেওঁ এগৰাকী সুন্দৰ পত্নীৰ গৰাকী হয়৷’ মুর্চি জনজাতিৰ লোকসকলৰ পৰম্পৰাগত সাজপাৰ ছাগলীৰ ছালৰ পৰা নির্মাণ কৰা হয়৷ আৰু বর্তমানেও তেওঁলোকৰ মহিলাসকলক চামৰাৰ কাপোৰ পিন্ধা দেখা যায়৷ মুর্চি জনজাতিৰ লোকসকলে বাহিৰৰ পৃথিৱীৰ সৈতে সম্পর্ক ৰখাটো পছন্দ নকৰে৷ যদি সেই ঠাইলৈ পর্যটক যোৱা হয়, তেন্তে আগতীয়াকৈ বিশেষ অনুমতি লোৱাটো অত্যন্ত প্রয়োজন৷ তাৰ অবিহনে এই ঠাইলৈ যোৱাটো বিপদৰ পৰা মুক্ত নহয় আৰু লগতে এজন পর্যটক নির্দেশিকা আৰু নিৰাপত্তাৰক্ষী হোৱাটো অত্যন্ত প্রয়োজনীয়৷

A young couple of the Mursi Tribe, Omo Valley, Ethiopia
You might also like