নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ পৰা হেৰাই যাব পাৰে মানৱ সমাজ

১৯৭২ৰ এমআইটিৰ সতর্কবাণীক পুনৰ দোহাৰিলে গায়া হেৰিংটনে

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ পৃথিৱীত মানৱ সমাজ আগন্তুক দুটা দশকৰ ভিতৰত ধ্বংস হৈ যাব পাৰে৷ ১৯৭২ চনতে আমেৰিকাৰ মাছাছুছেটছ প্রযুক্তি প্রতিষ্ঠান (এম আই টি)য়ে চলোৱা এক অধ্যয়নত এই সতর্কবাণী কৰিছিল৷ অধ্যয়নত উল্লেখ কৰা হৈছিল যে মানৱ সমাজৰ বৃহৎ অংশ ধ্বংসৰ মুখত পৰিব৷ শেহতীয়াকৈ কে পি এম জি ইণ্টাৰনেচনেলৰ এগৰাকী বিশেষজ্ঞ তথা গৱেষিকা গায়া হেৰিংটনে উল্লেখ কৰিছে যে এম আই টিৰ সতর্কবাণী সত্য প্রমাণিত হোৱাৰ সম্ভাৱনাই অধিক৷ গায়া হেৰিংটন হৈছে নেদাৰলেণ্ডৰ এক বহুজাতিক নেটৱর্ক কে পি এম জি ইণ্টাৰনেচনেলৰ গৱেষিকা৷

এম আই টিৰ অধ্যয়নৰ তথ্য কিমান সঁচা হ’ব পাৰে তাক লৈ নতুন গৱেষণা চলাইছিল গায়াই৷ এই অধ্যয়নত ১০টা গুৰুত্বপূর্ণ বিষয়ক ভিত্তি হিচাপে বাছি লৈছিল গৱেষিকাগৰাকীয়ে৷ এই বিষয়বোৰৰ ভিতৰত আছে জনসংখ্যা, ঔদ্যোগিক উৎপাদন, মানুহৰ উর্বৰা শক্তি, খাদ্য উৎপাদন, প্রদূষণৰ পর্যায় আদি গুৰুত্বপূর্ণ উপাদানবোৰ৷ এই সকলো উপাদান শেহতীয়াকৈ মানুহৰ কল্যাণৰ বিপক্ষে থিয় দিয়া বুলি উল্লেখ কৰিছে গায়া হেৰিংটনে৷

You might also like