আত্মবিশ্বাস হৈছে এক শক্তি৷ এই শক্তিক যেতিয়াই মানুহে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিব, তেতিয়াই জীৱনে এক নতুন মাত্রা লাভ কৰিব৷
আত্মবিশ্বাসকে সমল হিচাপে লৈ বহু নতুন প্রজন্মই এতিয়া ব্যৱসায়ত মনোনিৱেশ কৰিছে৷ নতুন নতুন কৌশল অৱলম্বন কৰি নিজ জ্ঞান আৰু দক্ষতাৰে সমাজত ইতিবাচক প্রভাৱ পেলাব পৰাকৈ বহুজনে কাম কৰি আছে৷ তেনে বহুজনৰ ভিতৰত এজন হ’ল গুৱাহাটীৰ বিদ্যুৎ জ্যোতি কলিতা৷ আত্মবিশ্বাসক শক্তি হিচাপে লৈ আৰু সেই শক্তিক বিশ্বাস কৰি বিদ্যুতে ব্যৱসায়ত মনোনিৱেশ কৰিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উত্তীর্ণ হৈ প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে প্রস্তুতি চলাই যোৱাৰ সমান্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ছাউথ ইষ্ট এছিয়ান ষ্টাডিজত প্রায় ডেৰ বছৰ কাল সহায়ক হিচাপে কাম কৰিছিল৷ ২০১৯ চনৰ ১১ ডিচেম্বৰত অসমৰ পিঠা–পনা, লাড়ু, জলপান আৰু চাহক বিশ্বৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে গুৱাহাটীৰ চানমাৰিত আৰম্ভ কৰিছিল ‘ভুৰুকা’৷ ফাষ্টফুডৰ তুলনাত অসমৰ এই থলুৱা লঘু খাদ্যসমূহ যথেষ্ট স্বাস্থ্যসন্মত৷ অসমৰ এই লঘু খাদ্যসমূহে যাতে অন্য খাদ্যসমূহৰ সৈতে ফেৰ মাৰিব পাৰে, সেই লক্ষ্য আৰু উদ্দেশ্য লৈয়ে আৰম্ভ কৰিছিল ‘ভুৰুকা’৷ ‘ভুৰুকা’ এতিয়া গুৱাহাটীৰ অধিকাংশ লোকৰেই চিনাকি নাম৷ পিঠা–পনা বিক্রীৰে অসমক চিনাকি কৰাই দিয়াৰ মানসিকতাৰে গঢ় লোৱা ‘ভুৰুকা’লৈ দৈনিক বহুজন গ্রাহক যায়৷ কিন্তু ক’ভিড পৰিস্থিতিয়ে আন বহুতৰ দৰে ‘ভুৰুকা’লৈও সংকট নমাই আনিলে৷ ক’ভিডৰ প্রথম আৰু দ্বিতীয় ৱেভৰ মাজৰ সময়ছোৱাত ‘ভুৰুকা’ ভালকৈয়ে চলিছিল যদিও বর্তমান অৱস্থা সন্তোষজনক নহয়৷ বর্তমান ‘ভুৰুকা’ই Sweetilife নামেৰে নতুন ব্রেণ্ড এটা মুকলি কৰিছে৷ উদ্দেশ্য হ’ল স্বাস্থ্যসন্মত পেকেজিং খাদ্য প্রস্তুত কৰা৷ বিশেষকৈ স্নেক্ছ জাতীয় খাদ্য৷ Jaggery Chips নামেৰে ইয়াৰ প্রথমবিধ খাদ্যবস্তু ‘ভুৰুকা’ই বজাৰত মেলি দিছে৷ ‘ভুৰুকা’ত মাজে মাজে চাহমেলৰ লগতে ভিন্ন অনুষ্ঠানো অনুষ্ঠিত হয়৷ ভুৰুকাত উপলব্ধ পিঠা–পনাবোৰ তেওঁলোকে দোকানতে প্রস্তুত কৰে৷
বিদ্যুতৰ এই যাত্রাই গতি লাভ কৰক৷ বিদ্যুতক সামগ্রীবোৰ প্রস্তুত কৰাৰ ক্ষেত্রত মাতৃ বীণা কলিতাই যথেষ্ট সহায়–সহযোগ কৰে৷ বিদ্যুতে আমাক জানিবলৈ দিয়ে যে নতুন প্রজন্মইConcept Based ব্যৱসায়লৈ অহাটো খুবেই প্রয়োজন৷ সেয়েহে আগ্রহীসকলে এই দিশত চিন্তা–চর্চা কৰিব লাগে৷ শেষত আমি আশা কৰিছোঁ ‘ভুৰুকা’ই যাতে আগন্তুক সময়ত নিজেই সংস্থাপিত হোৱাৰ উপৰি আন ১০জনকো পেটৰ ভাতমুঠি দিব পাৰে৷ বিদ্যুৎ জ্যোতি কলিতা সফল হওক৷ তেওঁ নৱপ্রজন্মৰ আদর্শ হৈ ৰওক৷