নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ অন্যতম মেধাৱী শিক্ষার্থী ভাৰতীয় মূলৰ নাটাছা পেৰী

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ আমেৰিকা যুক্তৰাষ্ট্রৰ এখন শীর্ষস্থানীয় বিশ্ববিদ্যালয়ে ভাৰতীয় মূলৰ ১১ বছৰীয়া নাটাছা পেৰীক বিশ্বৰ অন্যতম মেধাৱী শিক্ষার্থী হিচাপে স্বীকৃতি দিছে৷ নিউ জার্ছী থেলমা এল ছেণ্ড মেয়াৰ এলিমেণ্টৰী স্কুলৰ বিদ্যার্থী নাটাছা পেৰীয়ে স্কোলাষ্টিক এছেছমেণ্ট টেষ্ট (এছ এ টি) আৰু আমেৰিকান কলেজ টেষ্টিং (এচিপি)ত ব্যতিক্রমী প্রদর্শন আগবঢ়োৱাৰ বাবে বিশ্ববিদ্যালয়খনে পেৰীক বিশ্বৰ অন্যতম মেধাৱী শিক্ষার্থী হিচাপে স্বীকৃতি প্রদান কৰিছে৷ জনছ হপকিংছ চেণ্টাৰ ফৰ টেলেণ্টেড য়ুথ টেলেণ্ট (চিটিৱাই)ৰ অংশ হিচাপে আয়োজন কৰা এছ এ টি আৰু এ চি টিত পেৰীয়ে অনবদ্য প্রদর্শন আগবঢ়াইছে৷ বিশ্বৰ ৮৪খন দেশৰ ১৯ হাজাৰ শিক্ষার্থীয়ে এই পৰীক্ষাত অংশ লৈছিল৷

You might also like