এক কোটি টকা মূল্যৰ ১৯খন সোণৰ বিস্কুট জব্দ, ধৃত দুই
নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ কামৰূপৰ দদৰা আৰক্ষী থানাৰ নিয়মীয়া তালাচীত বুধবাৰে পুৱা প্রায় এক কোটি টকা মূল্যৰ চোৰাং সোণ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷
উল্লেখ যে প্রতিদিনৰ দৰে কালিও দদৰাৰ আৰক্ষীয়ে পুৱা তালাচী অভিযান চলাই থকাৰ সময়তে এ এছ–০১ ই জি–৩৪২৭ নম্বৰ আই টেন চাৰিচকীয়া বাহনখনত তালাচী চলাওঁতেই উক্ত পৰিমাণৰ সোণখিনি উদ্ধাৰ হয়৷ তালাচীত প্রায় এক কোটি টকা মূল্যৰ ১৯খন সোণৰ বিস্কুট জব্দ কৰা হয়৷
দদৰা আৰক্ষী চকীৰ এ এছ আই কুমুদ তালুকদাৰ আৰু ইউ বি কনিষ্টবল টানুক চন্দ্র দাসে এই তালাচী অভিযান চলাই আছিল৷ নবাব আলী আহমেদ আৰু আব্দুছ চুবুৰুদ্দিন নামৰ দুই চোৰাং সোণ সৰবৰাহকাৰীয়ে এই সোণখিনি বৰপেটাৰ পৰা গুৱাহাটীলৈ আনিছিল৷
আৰক্ষী বিষয়া আৰু কনিষ্টবলক সোণখিনি উৎকোচ দি গ্রেপ্তাৰ নকৰিবলৈ আহ্বান জনাইছিল দুই চোৰাং ব্যৱসায়ীয়ে৷ কিন্তু দুয়োজন আৰক্ষীয়ে সোণৰ লোভ পৰিহাৰ কৰি ১ কোটি মূল্যৰ সোণ উৎকোচ হিচাপে গ্রহণ নকৰি ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ দাসক খবৰ দিয়াত তেওঁ ততালিকে ঘটনাস্থলীত উপস্থিত হৈ দুই সোণ সৰবৰাহকাৰী নবাব আলী আহমেদ আৰু আব্দুছ চুবুৰুদ্দিনক গ্রেপ্তাৰ কৰাৰ লগতে জব্দ কৰে উদ্ধাৰ হোৱা সোণখিনি৷
দদৰা আৰক্ষী চকীৰ আই এ এছ কুমুদ তালুকদাৰ আৰু কনিষ্টবল টানুক চন্দ্র দাসৰ এনে মহৎ কার্যক সকলোৱে আদৰণি জনাইছে আৰু খাকী পোছাকৰ সন্মান অটুট ৰখাত দুয়োগৰাকী আৰক্ষীক ধন্যবাদ জনাইছে৷