চিৰস্মৰণীয় গোপীনাথ বৰদলৈ
১৯৫০ চনৰ ৫ আগষ্টত ইহলীলা সম্বৰণ কৰিছিল ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈয়ে৷ বছৰটো অসমবাসীয়ে এটা কাৰণৰ বাবে কেতিয়াও পাহৰিব নোৱাৰে৷ সেয়া হ’ল বৰভূঁইকঁপ৷ বৰভূঁইকঁপটোৱে অসমৰ অবর্ণনীয় ক্ষতি কৰিছিল৷ তাতোকৈ ডাঙৰ কথা, পৰৱর্তীকালৰ অসমে সন্মুখীন হোৱা বহু প্রাকৃতিক বিপর্যয়ৰো অন্যতম কাৰণ বৰভূঁইকঁপটো৷ গোপীনাথ বৰদলৈয়ে ভাবীকালৰ অসমক তেনে বৰভূঁইকঁপ এটাৰ পৰা ৰক্ষা কৰিছিল৷ যাৰ বাবে এইটো ভূখণ্ডৰ জনসাধাৰণে চিৰদিন ভাৰতৰত্ন বৰদলৈৰ ওচৰত কৃতজ্ঞ হৈ থকা উচিত৷ তেওঁ অসমৰ বাবে কি কৰি থৈ গ’ল, সেইটোৰ গভীৰতা উপলব্ধি কৰিবলৈ হ’লে পাকিস্তান আৰু বাংলাদেশৰ বর্তমান আৰু অতীতৰ দিনবোৰ খুঁচৰি চাব লাগিব৷ জন্মলগ্ণৰে পৰা পাকিস্তান আৰু বাংলাদেশ অমুছলমান বিশেষকৈ হিন্দুৰ কাৰণে এখন ভয়ংকৰ ৰাষ্ট্র হিচাপে পৰগণিত হৈ আহিছে৷ ৰাষ্ট্র দুখনত ধর্মীয় সংখ্যালঘুৰ জীৱন কেনে যন্ত্রণাদায়ক আৰু অস্তিত্বৰ প্রতি প্রত্যাহ্বানমূলক, সেই কথা আজি কাৰোৰেই অগোচৰে থকা নাই৷ তাত আন ধর্মৰ সেৱাৰ থলী সুৰক্ষিত নহয়৷ কন্যা সুৰক্ষিত নহয়৷ যেতিয়াই–তেতিয়াই অপহৰণ কৰি নি বলপূর্বক ধর্ম পৰিৱর্তন কৰা হয়৷ গ্রামাঞ্চলত জীৱন আৰু কষ্টকৰ৷ তেনে ৰাষ্ট্রৰ অন্তর্ভুক্ত হৈ থাকিলে অসমৰ জনগণৰ অৱস্থা কেনে হ’লহেঁতেন, তাৰ কল্পনাও কষ্টকৰ৷ অসমৰ বৈষ্ণৱ সংস্কৃতি, জনজাতীয় কৃষ্টি–সংস্কৃতিৰ সমাধিস্থলত পৰিণত হ’লহেঁতেন এই ভূমিখণ্ড৷ অসম তথা উত্তৰ–পূবত অবৈধ বাংলাদেশীয়ে খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ অস্তিত্বৰ প্রতি সংকট কঢ়িয়াই আনিছে৷ এই অঞ্চলটো যদি তেতিয়াৰ পাকিস্তান নাইবা আজিৰ বাংলাদেশৰ অন্তর্ভুক্ত হৈ থাকিলহেঁতেন এইটো কাৰণৰ বাবে অসমৰ জনসাধাৰণে লোকপ্রিয় গোপীনাথ বৰদলৈক শ্রদ্ধাৰে স্মৰণ কৰি থাকিব৷
গোপীনাথ বৰদলৈয়ে গ্রুপিংবিৰোধী অসমৰ নেতাসকলক নেতৃত্ব দিছিল৷ তেওঁ মহাত্মা গান্ধীক অসমৰ জীৱন–মৰণৰ সমস্যাটোক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল৷ সেইবাবেও তেওঁ অসমখনত তদানীন্তন পাকিস্তানৰ অন্তর্ভুক্ত হোৱাৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হৈছিল৷ যাৰ বাবে আজি লাভলীনা বৰগোহঁায়ে অসম দুহিতা হিচাপে ভাৰতক প্রতিনিধিত্ব কৰি সকলোৰে মান বঢ়াবলৈ সক্ষম হৈছে৷ অসমক গ্রুপিঙৰ পৰা নবচোৱাহেঁতেন পৰৱর্তীকালত এই ভূখণ্ডৰ ইতিহাসেই সলনি হৈ পৰিলেহেঁতেন৷ মহম্মদ আলী জিন্নাৰ উর্দু ভাষা জাপি দিয়াৰ চক্রান্ত, লাখ লাখ মহিলাক পাকিস্তানী সেনাৰ ধর্ষণ, মুক্তি বাহিনী, ইছলামিক বাংলাদেশৰ গঠন আদিত পিষ্ট হৈ গ’লহেঁতেন এটা সমৃদ্ধিশালী জাতি৷ লোকপ্রিয় গোপীনাথ বৰদলৈয়ে তাৰ আগেয়ে আন এটা গুৰুত্বপূর্ণ কাম কৰি থৈছিল৷ স্বৰাজোত্তৰ ভাৰতৰ ইতিহাস জনাসকলে এটা কথা ভালদৰে জানে যে ১৯৪৬ চনৰ সাধাৰণ নির্বাচন দেশখনৰ বাবে কিমান গুৰুত্বপূর্ণ আছিল৷ নির্বাচনটো পাকিস্তান গঠনৰ বাবে একপ্রকাৰৰ গণভোট আছিল৷ নির্বাচনটো অসমৰ বাবে অস্তিত্বৰক্ষাৰ যুঁজ আছিল৷ নির্বাচনৰ প্রাক্মুহূর্তত বিৰোধী নেতা ছাদুল্লাই গোপীনাথ বৰদলৈক ভয় খুৱাবলৈ কৈছিল– ‘গোপী তুমি কেনেকৈ কংগ্রেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি কল্পনা কৰিছা? মোৰ হাতৰ মুঠিত ৩৪জন মুছলমান, ৯জন ইউৰোপিয়ান, ৫জন মজদুৰ, ৭জন জনজাতীয় নেতা আছে৷ তাৰ উপৰি তোমালোকৰ বিভীষণবিলাক যেনে– প্রমোদ দত্ত, হৰেন্দ্র চক্রৱর্তী, মহেন্দ্র শইকীয়া, চোমেন বুঢ়াগোহঁাই, নৱকুমাৰ দত্ত আছে৷ গতিকে তোমাৰ সংখ্যাগৰিষ্ঠতাৰ অংকটো সম্পূর্ণ ভুল৷’ গোপীনাথ বৰদলৈ তেতিয়া নীৰৱে আছিল৷ নির্বাচনত ১০৮খন আসনৰ বিপৰীতে কংগ্রেছে ৫৮খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ তাকে লৈ মহেন্দ্র মোহন চৌধুৰীয়ে লিখিছিল– ‘১৯৪৬ চনৰ সাধাৰণ নির্বাচনত কংগ্রেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে অসমক যে পাকিস্তানৰ ৰাহুৱে গ্রাস কৰিলেহেঁতেন তাত কোনো ভুল নাই আৰু সেইটো সম্ভৱ হৈছিল গোপীনাথ বৰদলৈৰ বুদ্ধিমত্তা আৰু জনপ্রিয়তাৰ কাৰণে৷’ ড০ প্রফুল্ল মহন্তই ‘অসমীয়া মধ্যবিত্ত শ্রেণীৰ ইতিহাস’ত লিখিছে– এই জয়লাভৰ কাৰণ প্রব্রজন, অসমৰ ভূমি সমস্যা, অসমক পাকিস্তানত অন্তর্ভুক্তিৰ পৰা ৰক্ষা কৰা আদি প্রতিশ্রুতি৷ লোকপ্রিয় গোপীনাথ বৰদলৈয়ে অসমৰ কাৰণে কৰি থৈ যোৱা কামবোৰৰ তালিকাখন দীঘল৷ কিন্তু অসমক পাকিস্তানৰ অন্তর্ভুক্ত হোৱাৰ পৰা ৰক্ষা কৰাটো আছিল গোপীনাথ বৰদলৈয়ে স্বাধীন ভাৰতৰ অংগৰাজ্য অসমলৈ দিয়া শ্রেষ্ঠতম উপহাৰ৷ উপহাৰটো ভাৰতৰ বাবেও অতুলনীয়৷ দেশে তেওঁক ভাৰতৰত্ন সন্মান দিছে৷ অসম চৰকাৰে এইটো বছৰৰ পৰা তেওঁৰ মৃত্যুবার্ষিকীটো কর্মচাৰী দিৱস হিচাপে পালন কৰিবলৈ লৈছে৷ এয়া তেওঁৰ কর্মৰ প্রতি সঁচা শ্রদ্ধার্ঘ্য৷