নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় হকীৰ স্বর্ণিল অধ্যায়

 লাভলীনা বৰগোহাঁয়ে টকিঅ’ অলিম্পিকত বক্সিঙত ব্রঞ্জৰ পদক জিনি অসমৰ নাম স্বর্ণিল ইতিহাসত খোদিত কৰা ঘটনাৰ পিছত সমগ্র দেশবাসী উল্লসিত হৈ পৰিছে অন্য এক সুখবৰক লৈ৷ সেয়া হৈছে দেশৰ হকীৰ বর্ণিল ইতিহাস টকি’ অলিম্পিকত পুনৰ জীপাল হৈ পৰিছে৷ সুদীর্ঘ ৪১ বছৰ পিছত ভাৰতে হকীত অলিম্পিক পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ জার্মানীক ৫–৪ গ’লৰ ব্যৱধানত পৰাভূত কৰি ভাৰতে হকীত ব্রঞ্জৰ পদক লাভ কৰাৰ লগে লগে সমগ্র দেশজুৰি আনন্দৰ বন্যা উঠলি উঠিছে৷ ৰাষ্ট্রপতি–প্রধানম পৰা আৰম্ভ কৰি ক্রীড়া তাৰকাসকলে ভাৰতৰ এই চমকপ্রদ সাফল্যক উষ্ম প্রশংসা কৰিছে৷ কিংবদন্তি বক্সাৰ মহম্মদ আলীয়ে কৈছিল– অসম্ভৱ বুলি একোৱেই নাই৷ আজি যেন ভাৰতীয় হকী দলৰ তাৰুণ্য শক্তিয়ে সেই কথাকেই প্রমাণ কৰি দিলে৷ ১–৩ ব্যৱধানত শক্তিশালী জার্মানীৰ সৈতে পিছ পৰি থাকিও ৫–৪ গ’লত বিজয় সাব্যস্ত কৰি অলিম্পিকত দেশবাসীক গর্বিত কৰিবলৈ সক্ষম হ’ল ভাৰতীয় পুৰুষ হকী দলটোৱে৷

লক্ষণীয়ভাৱে টকিঅ’ অলিম্পিকত মাত্র দুখন খেলত ভাৰতীয় হকী দলটো পৰাভূত হ’বলগীয়া হৈছিল৷ এই দল দুটা হৈছে অষ্ট্রেলিয়া আৰু বেলজিয়াম৷ দুয়োটা শক্তিশালী দলেই ইতিমধ্যে চূড়ান্ত খেলৰ বাবে যোগ্যতা অর্জন কৰিছে৷ দশকৰ পিছত দশক ধৰি ভাৰতীয় হকী দলত চলি আছিল কেৱল ব্যর্থতা৷ কিন্তু সেই ব্যর্থতাক ওফৰাই সমগ্র দেশবাসীৰ স্বপ্ণক সাকাৰ কৰিবলৈ সক্ষম হৈছে খেলুৱৈসকলে৷ লক্ষণীয়ভাৱে এইক্ষেত্রত প্রথমেই নাম ল’ব লাগিব ওড়িশা চৰকাৰৰ৷ ওড়িশাৰ নবীন পাটনায়ক চৰকাৰে দেশৰ পুৰুষ আৰু মহিলা উভয় হকী দলৰ স্প’নছাৰ হিচাপে কাম কৰি আছিল৷ ওড়িশা চৰকাৰে হকীক নতুন তেজ দিবলৈ যথেষ্ট চেষ্টা চলাই আহিছে৷ তাৰেই সুফল আজি দেশবাসীয়ে লাভ কৰিবলৈ সক্ষম হৈছে৷

লক্ষণীয়ভাৱে অলিম্পিকত ভাৰতীয় হকীৰ আছিল এক বর্ণিল অধ্যায়৷ এই মেগা টুর্নামেণ্টত হকীত আঠটাকৈ সোণৰ পদক জিকি ভাৰতে অভিলেখ গঢ়ি থৈছে৷ ১৯৮০ চনত অন্তিমবাৰৰ বাবে মস্কো অলিম্পিকত সোণৰ পদক লাভ কৰিছিল ভাৰতে৷ কিন্তু মস্কো অলিম্পিকৰ পিছৰ পৰা হকীত শূন্য হাতে উভতিবলগীয়া হৈছিল ভাৰতীয় হকী দল৷ এই ব্যর্থতাক সফলতালৈ সলনি কৰাৰ মূলতে আছে খেলুৱৈসকলৰ নিৰলস প্রচেষ্টা তথা ক্রীড়াসুলভ মানসিকতা৷ অলিম্পিকৰ দ্বিতীয় গ্রুপত ভাৰতে চাৰিখনকৈ খেলত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল৷ নিউজিলেণ্ডক ৩–২ গ’লৰ ব্যৱধানত পৰাভূত কৰাৰ পিছত শক্তিশালী স্পেইনক ৩–০ গ’লৰ ব্যৱধানত পৰাস্ত কৰিছিল ভাৰতে৷ আর্জেণ্টিনাক ৩–১ গ’লৰ ব্যৱধানত হৰুৱাৰ পিছত ঘৰুৱা দল জাপানক ৫–৩ ব্যৱধানত পৰাভূত কৰিছিল তৰুণ তাৰকাৰ দলটোৱে৷ অৱশ্যে অষ্ট্রেলিয়াৰ হাতত ১–৭ ব্যৱধানত পৰাভূত হ’বলগীয়া হয় ভাৰত৷ কোৱার্টাৰ ফাইনেলত ব্রিটেইনক ৩–১ গ’লৰ ব্যৱধানত পৰাভূত কৰি ছেমি ফাইনেললৈ যোগ্যতা অর্জন কৰে ভাৰতীয় দলটোৱে৷ অৱশ্যে ছেমিফাইনেলত থমকি ৰয় ভাৰতীয় হকী দলৰ অলিম্পিকৰ সোণৰ পদক জয়ৰ স্বপ্ণ৷ ছেমিফাইনেলত বেলজিয়ামৰ হাতত ২–৫ গ’লৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰি তৃতীয় স্থানৰ খেলৰ বাবে শক্তিশালী জার্মানীৰ বিৰুদ্ধে অৱতীর্ণ হয়৷

অতি উত্তেজনাপূর্ণ খেলখনত বিজয় সাব্যস্ত কৰি ভাৰতীয় হকী দলটোৱে প্রমাণ কৰি দিছে যে দেশৰ হকীক এতিয়াও স্বর্ণিল যুগৰ দিশে আগবঢ়াই নিব পৰা ক্ষমতা খেলুৱৈসকলৰ আছে৷ হকীৰ যাদুকৰ ধ্যানচাঁদৰ দেশ ভাৰত৷ বিশ্বৰ বিভিন্ন দেশত ধ্যানচাঁদক হকীৰ ঈশ্বৰ ৰূপে গণ্য কৰা হয়৷ আজি সেই ঈশ্বৰৰ দেশ পুনৰ অলিম্পিকত জিলিকিছে৷ মূল কথাটো হৈছে দেশৰ হকীক পুনৰ জীপাল কৰি তুলিবলৈ হ’লে খেলবিধক লৈ চৰকাৰৰ থাকিব লাগিব বিশেষ আঁচনি৷ নতুন প্রতিভাধৰসকলক আগবঢ়াই নিয়াৰ ক্ষেত্রত দেশৰ চৰকাৰৰ থাকিব লাগিব বাস্তৱসন্মত ক্রীড়া নীতি৷ হকীৰ পুৰণি গৌৰৱোজ্জ্বল ইতিহাস বিশ্লেষণ কৰিয়েই খেলবিধত অধিক মনোনিৱেশ কৰিব লাগিব৷ অকল উৎসাহ আৰু অনুপ্রেৰণাৰে খেল এবিধত সফলতা অর্জন কৰিব নোৱাৰি৷ তাৰ বাবে থাকিব লাগিব ক্রীড়া আন্তঃগাঁথনি৷ খেলুৱৈসকলৰ থাকিব লাগিব সঠিক প্রশিক্ষণ৷

ক্রীড়া শিতানত খৰচ কৰিব লাগিব অধিক ধন৷ ৰুছ বিপ্লৱৰ পিছত লেনিনে এটা কথা ঘোষণা কৰিছিল যে ৰাছিয়াক এক শক্তিশালী দেশ হিচাপে গঢ়ি তুলিবলৈ হ’লে তৰুণ প্রজন্মৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব৷ ইয়াৰ বাবে লাগিব শিক্ষা, স্বাস্থ্য আৰু ক্রীড়াক্ষেত্রত অধিক মনোনিৱেশ৷ লেনিনে ভবা ধৰণেই ৰাছিয়াক শক্তিশালী দেশ হিচাপে গঢ়িবলৈ তৰুণ প্রজন্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ অতি কম দিনৰ ভিতৰতে বিপ্লৱোত্তৰ ৰাছিয়া হৈ পৰিছিল বিশ্বৰ ক্রীড়াক্ষেত্রত এক অদম্য শক্তি৷ ভাৰতেও এই দিশত গুৰুত্ব প্রদান কৰিব লাগিব৷ অন্যথা কেৱল আন্তর্জাতিক ক্রীড়াক্ষেত্রত পদক লাভৰ সপোন দেখাটো হ’ব পর্বতত কাছ কণী বিচৰাৰ লেখিয়া৷ ভাৰতীয় হকী দলৰ চমকপ্রদ সাফল্যই আজি দেশবাসীক গর্বিত কৰিছে৷ উল্লসিত হৈছে সমগ্র দেশ৷ এই উল্লাস–আনন্দক দীর্ঘস্থায়ী ৰূপ দিয়াৰ ব্যৱস্থা গ্রহণ কৰাৰ সিংহভাগ দায়িত্ব চৰকাৰৰ৷

You might also like