নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত ১৯ পদ

ভাৰত চৰকাৰৰ যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রালয়ৰ অধীনস্থ এটি স্বতন্ত্র সংস্থা ভাৰতীয় ক্রীড়া প্রাধিকৰণত খালী হৈছে সহকাৰী সঞ্চালকৰ ১৯টা পদ৷ মুঠ পদৰ ভিতৰত এছ চিৰ ২টা, এছ টিৰ ১টা, অ’বিচিৰ ৩টা, অসংৰক্ষিত ১০টা আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীৰ বাবে ৩টা পদ থাকিব৷ খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– এথেলেটিকছ, আর্চাৰী, বেডমিণ্টন, বক্সিং, হকী, ৱেটলিফটিং, শ্বুটিং, ৰেষ্টলিং, ছুইমিং, ৰয়িং, টেবুল টেনিছ, জুডো, চাইক্লিং আৰু ফেন্সিং৷ প্রার্থী ইউপিএছচিৰ দ্বাৰা অনুষ্ঠিত অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীর্ণ হোৱা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই আকর্ষণীয় দৰমহা লাভ কৰিব৷ বয়স আবেদন গ্রহণৰ অন্তিম দিনলৈ সর্বোচ্চ ৩৫ বছৰ৷ আগ্রহীসকলে নিযুক্তিবিষয়ক সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://sportsauthorityofindia.nic.in/saijobs লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৮ জানুৱাৰী, ২০২০৷

You might also like