পশ্চিম বৰাগাঁৱত ডাম্পিং গ্রাউণ্ড স্থাপন
নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ সেউজ ন্যায়াধিকৰণৰ নির্দেশনা উলংঘাৰে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই পুনৰ পশ্চিম বৰাগাঁৱত ডাম্পিং গ্রাউণ্ড স্থাপনৰ যো–জা চলাইছে৷ ইক’ছেনছিটিভ জ’নৰ ভিতৰত থকা পশ্চিম বৰগাঁৱৰ বেলৰআলিত প্রায় ৬০ বিঘা মাটিত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে পৌৰ নিগমে৷ ইয়াৰ বাবে চৰকাৰী নির্দেশনা লাভ কৰা নাই যদিও জি এম চি কর্তৃপক্ষই হাউছফেডৰ প্রায় ৬০ বিঘা মাটিত আজিৰে পৰা আৱর্জনা পেলোৱাৰ কাম আৰম্ভ কৰিছে৷
সেউজ ন্যায়াধিকৰণৰ নির্দেশনা মানি দীপৰ বিলৰ কাষতে থকা বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত অলপতে তলা ওলমাইছিল পৌৰ নিগমে৷ ইয়াৰ পিছৰে পৰা গুৱাহাটীত প্রতিদিনে ওলোৱা ৫৫০ টনৰো অধিক আৱর্জনা পেলাবলৈ ঠাই বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল জি এম চিয়ে৷ অৱশেষত হাউছফেডৰ ৬০ বিঘা মাটিত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰিবলৈ বাধ্য হয় পৌৰ নিগম কর্তৃপক্ষ৷ পশ্চিম বৰাগাঁৱৰ বেলৰআলি মেৰামতি কৰি আজিৰে পৰা আৱর্জনা পেলোৱাৰ কাম আৰম্ভ কৰে পৌৰ নিগমে৷
উল্লেখ্য যে এন জি টিৰ নির্দেশনা অনুসৰি পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড চন্দ্রপুৰলৈ স্থানান্তৰ কৰিছিল৷ পৌৰ নিগমে চন্দ্রপুৰত আৱর্জনাৰ পৰা শক্তি উৎপাদন প্রকল্প স্থাপন কৰি আৱর্জনা পেলোৱাৰ পিছতে ইয়াৰ বিৰুদ্ধে চন্দ্রপুৰবাসীয়ে ধাৰাবাহিক প্রতিবাদ অব্যাহত ৰাখিছে৷ ৰাইজৰ প্রতিবাদ নেওচি আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চন্দ্রপুৰত আৱর্জনা পেলাই আহিছে পৌৰ নিগমে৷
লক্ষণীয় যে গুৱাহাটী মহানগৰীত প্রতিদিনে ওলোৱা ৫৫০ টন আৱর্জনা পেলাবলৈ জি এম চিৰ ঠাইৰ অভাৱ হোৱাত আজি পৌৰ নিগমৰ আৱর্জনা কঢ়িওৱা গাড়ীৰে বিগত কেইবাদিন ধৰি নিশাৰ ভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাইপাছত গাড়ীগাঁও সংযোগী মূল পথৰ দাঁতিত আৱর্জনা পেলাই থৈ যোৱাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে অজি বিয়লি প্রায় ৩ বজাত এ এছ ০১ চি চি ৩৫৩৪ নম্বৰৰ গাড়ীখনে পুনৰ গাড়ীগাঁও সংযোগী মূল পথৰ দাঁতিত আৱর্জনা পেলাই থৈ যায়৷ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ কাষতে ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত পৌৰ নিগমে আৱর্জনা পেলাই পূতিগন্ধময় পৰিৱেশৰ সৃষ্টি কৰিব বিচৰা কার্যক সকলোৱে একমুখে গৰিহণা দিছে৷