বিধানসভাত গৃহীত গো–সুৰক্ষা বিধেয়কঃ ৰাজ্যত নিষিদ্ধ গো–মাংস বিক্রী–সৰবৰাহ
- ‘দ্য আছাম কেটেল প্রিজাৰভেচন বিল–২০২১’ৰ আওতাৰ পৰা বাদ পৰিল ম’হ
- বৈধ অনুমতি অবিহনে অসমৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিব নোৱাৰিব গৰু
- হিন্দু–জৈন–শিখ–গো মাংস নোখোৱা আন সম্প্রদায় অধ্যুষিত অঞ্চলত গো হত্যা–মাংস বিক্রীত নিষেধাজ্ঞা
- মন্দিৰ–সত্র–হিন্দু ধর্মাৱলম্বীৰ আন ধর্মীয় স্থানৰ ৫ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত সম্পূর্ণৰূপে নিষিদ্ধ গো–মাংস বিক্রী
- বাধা–নিষেধ উলংঘাকাৰীক ৩ৰ পৰা ৫ লাখ টকা জৰিমনাসহ ৮ বছৰ পর্যন্ত কাৰাদণ্ড
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ ভাৰত মাতা কী জয়–জয় শ্রীৰাম ধ্বনিৰ মাজেৰে শুকুৰবাৰে অসম বিধানসভাৰ মজিয়াত গৃহীত হ’ল বহুচর্চিত গো–সুৰক্ষা বিধেয়কখন৷ ইয়াৰ লগে লগে বৈধ অনুমতি অবিহনে অসমৰ মাজেৰে বাহিৰলৈ পশুধনৰ সৰবৰাহ আৰু গো–মাংস তথা ইয়াৰ দ্বাৰা উৎপাদিত সামগ্রীৰ ক্রয়–বিক্রয় নিষিদ্ধ হোৱাৰ পথ প্রশস্ত হৈ পৰিল৷
বিধানসভাৰ বাজেট অধিৱেশনৰ প্রথম দিনাই যোৱা ১২ জুলাইত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ‘দ্য আছাম কেটেল প্রিজাৰভেচন বিল, ২০২১’ উত্থাপন কৰাৰ পাছত শুকুৰবাৰে সদনৰ মজিয়াত বিধেয়কখন বিবেচনাৰ বাবে লোৱা হয়৷
লক্ষণীয়ভাৱে প্রধান বিৰোধী দল কংগ্রেছৰ লগতে এ আই ইউ ডি এফ আৰু চি পি আই (এম)ৰ তৰফৰ পৰা বিধেয়কখনৰ বিপৰীতে ৭৬টাকৈ সংশোধনীৰ প্রস্তাৱ আনি জাননী জাৰি কৰা হৈছিল৷ এনে অৱস্থাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সংশোধনী প্রস্তাৱৰ জাননী জাৰি কৰা বিৰোধী পক্ষক বক্তব্য দাঙি ধৰাৰ বাবে আহ্বান জনায়৷ বিৰোধী দলপতি দেৱব্রত শইকীয়া, বিধায়ক আমিনুল ইছলাম (জ্যেষ্ঠ), মনোৰঞ্জন তালুকদাৰ, ৰকিবুল হুছেইন, ৰফিকুল ইছলাম, কমলাক্ষ দে’ পুৰকায়স্থ, আমিনুল ইছলাম (কনিষ্ঠ) আৰু ছিদ্দিক আহমেদে আজিয়েই বিধানসভাত বিধেয়কখন গৃহীত কৰাৰ পৰিৱর্তে ছিলেক্ট কমিটীলৈ প্রেৰণৰ বাবে দাবী উত্থাপন কৰে৷ বিৰোধীৰ এই দাবীৰ উত্তৰ দি বিধেয়কখন ছিলেক্ট কমিটীলৈ প্রেৰণৰ বিষয়টো সদনে নির্ণয় কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সংবিধান প্রণয়নৰ সময়ত ইয়াৰ ৰচয়িতাসকলে আমাৰ দেশখন মূল্যবোধৰ ওপৰত চলাৰ কথা কৈছিল৷ বিৰোধী দলপতিয়ে সাংবিধানিক বিধানসভাত বিতর্কৰ প্রসংগ উল্লেখ কৰিছে৷ কিন্তু সাংবিধানিক বিধানসভাতো তাৰ সদস্যসকলে মূল্যবোধৰ ৰাজনীতি–সভ্যতাৰ মূল্যৰ পৰা আঁতৰি গৈ ভাৰতে দেশ হিচাপে কেতিয়াও বিশ্বৰ বুকুত প্রতিষ্ঠা হ’ব নোৱাৰে বুলি কৈছিল৷ আমাৰ সংবিধানৰ ২১ আৰু ২৫নং অনুচ্ছেদত মৌলিক অধিকাৰৰ কথা কোৱা হৈছে৷ সংবিধানৰ আটাইতকৈ ডাঙৰ অনুচ্ছেদটোৱেই হৈছে ৰাষ্ট্র পৰিচালনাৰ নির্দেশাত্মক নীতি৷ যিসকলে ৰাজনীতি বিজ্ঞান পঢ়িছে, তেওঁলোকে এটা কথা অনুভৱ কৰিব যে দেশ এখন কেনেকৈ চলিব, সেইটোক মৌলিক অধিকাৰে নকয়৷ মৌলিক অধিকাৰে দেশ এখনৰ দর্শন–আদর্শ–মূল্য কথা নকয়৷ মৌলিক অধিকাৰে আমাৰ ব্যক্তিগত অধিকাৰৰ কথাহে কয়৷ ভাৰত এখন ৰাষ্ট্র, যিয়ে কৈছে মই ব্যক্তিগত অধিকাৰতকৈ ওপৰত৷ মই মূল্যবোধক বিশ্বাস কৰোঁ, সংস্কৃতি–সভ্যতাক বিশ্বাস কৰোঁ৷ এই প্রসংগত উচ্চতম ন্যায়ালয়ত ইতিপূর্বে কেইবাটাও গোচৰ ৰুজু হোৱাৰ কথাও তেওঁ উল্লেখ কৰে৷
মুখ্যমন্ত্রী ড০ শর্মাই উচ্চতম ন্যায়ালয়ৰ উদ্ধৃতিৰে কয় যে মৌলিক অধিকাৰতকৈ ৰাষ্ট্র পৰিচালনাৰ নির্দেশাত্মক নীতিয়েহে অগ্রাধিকাৰ পাব৷ সংবিধানৰ ৪৮নং অনুচ্ছেদত ৰাষ্ট্র পৰিচালনাৰ নির্দেশাত্মক নীতিৰ কথা উল্লেখ আছে৷ ভাৰত পাঁচ হাজাৰ বছৰৰ সংস্কৃতিৰে বিৰাজমান৷ আমি আজি ইছলাম–খ্রীষ্টান–হিন্ বিশ্বাস কৰোঁ বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট প্রশ্ণ– আমাৰ পূর্বপুৰুষসকল কোন আছিল? আমি এটা সভ্যতাত বাস কৰিছোঁ৷ পিছে আমি হিন্দু হোৱা, মুছলমান হোৱা কিমান দিন হৈছে? গো–সুৰক্ষা বিধেয়কখনৰ বিৰোধিতা কৰি বিৰোধী শিবিৰে উত্থাপন কৰা অর্থনীতিৰ দিশটোৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই ড্রাগ্ছৰ বিৰুদ্ধে চলোৱা অভিযানৰ অৱতাৰণা কৰে৷
তেওঁ কয় যে কালি আমি দুই কিলোগ্রাম হেৰ’ইন ধৰিছোঁ৷ এনেদৰে হেৰ’ইন আহিবলৈ দিলে অসমৰ অর্থনীতি হয়তো বহু বাঢ়ি গ’লহেঁতেন৷ কংগ্রেছে আজি অর্থনীতিৰ কথা কৈছে৷ মহাত্মা গান্ধীয়ে অর্থনীতি–দর্শনৰ কথা নাজানিছিল নেকি? কংগ্রেছৰ সদস্যসকলে যি অর্থনীতিৰ বিষয়টোক লৈ প্রশ্ন তুলিছে, তাৰ উত্তৰ মই দিব নালাগে৷ গান্ধীজীয়েই দিছিল৷ ‘ইয়ং ইণ্ডিয়া’ত গান্ধীজীয়ে লিখি থৈ গৈছে– এজন হিন্দুৱে তিলক কিমান ডাঙৰকৈ পিন্ধিছে, মন্ত্র কিমান ডাঙৰকৈ উচ্চাৰণ কৰিছে, সেইটো ডাঙৰ নহয়৷ এজন হিন্দুৰ মনত প্রমূল্য নির্ণয় হ’ব গো–মাতাক কিমান সুৰক্ষা দিব পাৰে৷ হিন্দুত্বৰ কেন্দ্রীয় দর্শনটোৱে হৈছে গো–সুৰক্ষা৷ মোৰ দৃষ্টিত মানৱ বিৱর্তনৰ সর্বোত্তম বিৱর্তনৰ পৰিঘটনাটোৱে হৈছে গো–সুৰক্ষা৷ ভাৰতত গো প্রজাতি আছিল মানুহৰ পৰম মিত্র৷ গৰুক লৈ ৰাজ্যৰ ২০ হাজাৰ কোটি টকাৰ অর্থনীতি নির্ভৰ কৰা বুলি দাবী কৰা বিৰোধী শিবিৰক চোকা সমালোচনা কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই সন্দর্ভত তেওঁ কয় যে আজি গৰু বিক্রী হোৱা নাই, ৰাতিয়ে–দিনে চুৰি হৈ আছে৷ বৰাক উপত্যকা–নামনি অসমত যদি বেছি সাম্প্রদায়িক সংঘর্ষ হৈছে, তেন্তে সেয়া গো–মাংসৰ কাৰণে৷ পশুপালনৰ লগত গো–হত্যাৰ কি সম্পর্ক আছে? আমাৰ চৰকাৰখন পশুপালনৰ বিৰোধী নহয়৷ পশুপালনৰ লগত গৰুৰ কচাইখানাৰ কি সম্পর্ক আছে? মানুহ কিমান অকৃতজ্ঞ হ’ব পাৰে সেয়া প্রতিটো গো–হত্যাই প্রমাণ কৰে৷ বর্তমান ট্রেক্টৰ–পাৱাৰটিলাৰ অহাৰ কাৰণেই গো–হত্যা হ’ব লাগে, এইটো যুক্তি হ’ব পাৰে নেকি? আজি নেপালীসকলৰ কথা কোৱা হৈছে৷ কিন্তু নেপালীসকলৰ অর্থনীতি যদি বেয়াই হ’লহেঁতেন, ইমানদিনে তেওঁলোকক ষষ্ঠ দফাৰ অধীনত সুৰক্ষা দিব লাগিছিল৷ ডি ভোটাৰৰ গোচৰ চলি থাকিব নালাগিছিল৷ ১৯৫০ চনতে তদানীন্তন মুখ্যমন্ত্রী গোপীনাথ বৰদলৈয়ে ‘দ্য আছাম কেটেল প্রিজাৰভেচন এক্ট, ১৯৫০’ অনাৰ বিষয়টো তেওঁ গুৰুত্ব সহকাৰে উল্লেখ কৰে৷
মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, দেশৰ ভিতৰতে অসমে প্রথম এনেকুৱা এখন আইন আনিছিল৷ গুজৰাট আদি ৰাজ্যসমূহে পাছতহে এনেধৰণৰ আইন প্রৱর্তন কৰে৷ পিছে এতিয়া কংগ্রেছেই অনুৰূপ এখন বিধেয়কৰ বিৰোধিতা কৰা কার্যক তেওঁ সমালোচনা কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ কয় যে গোপীনাথ বৰদলৈয়ে তেওঁৰ আইনত কৈছিল– ১৪ বছৰলৈকে নামাৰিবা৷ আমি এতিয়া ১৪ বছৰ হ’লেও নামাৰিবলৈ কৈছোঁ৷ কংগ্রেছে গোপীনাথ বৰদলৈৰ আইনখন পঢ়া নাই৷ গৰুৰ সৰবৰাহ হ’ব নালাগে, এইক্ষেত্রত আমি সকলোৱে একমত৷ য’ত হিন্দু, বৌদ্ধ, জৈন, শিখ আদি ধর্মাৱলম্বী লোক আছে, তাত গৰু খোৱাটো প্রয়োজনীয় নেকি? কোনোবাই যদি খাব খোজে হিন্দু, বৌদ্ধ, জৈন, শিখ থকা ঠাইত নাখাব৷ মন্দিৰ–সত্র থকা ঠাইত নাখাব৷ ইয়াকে কয় আনৰ প্রতি সন্মান জনোৱা৷ ইয়াক যদি আমি নামানো, তেন্তে তাৰ পৰাই সংঘাতৰ পোখা মেলে৷ এই প্রসংগতে বিধেয়কখনে খাদ্যৰ অধিকাৰত হস্তক্ষেপ নকৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ বিধেয়কখনৰ ক্ষেত্রত ইছলাম ধর্মাৱলম্বী বিধায়কসকলক তেওঁ উদাৰ হ’বলৈ আহ্বান জনায়৷
মুখ্যমন্ত্রী ড০ শর্মাৰ মতে তেতিয়াহে অসমখনে এটা নতুন দিশলৈ গতি কৰিব৷ তেওঁ পুনৰ কয় যে ৫ কিলোমিটাৰৰ ব্যৱধানৰ ঠাইত আজি এ আই ইউ ডি এফৰ তৰফৰ পৰা ৬ কিলোমিটাৰৰ কথা আহিব লাগিছিল৷ তেতিয়াহে অসমখন সুন্দৰ হোৱাৰ এটা সুন্দৰ বার্তা আহিলহেঁতেন৷ যদি আমাৰ সাম্প্রদায়িক সম্প্রীতি সুদৃঢ় হ’ব লাগে, তেন্তে হিন্দু–মুছলমান উভয়ে পৰস্পৰক সন্মান জনাব লাগিব৷ মুখ্যমন্ত্রী ড০ শর্মাই নিজ বক্তব্যত প্রসংগক্রমে ৰাজ্যত বছৰি ২ লাখ গৰুৰ বিজ্ঞানসন্মতভাৱে প্রজননৰ পৰিকল্পনা গ্রহণ কৰাৰ কথা উল্লেখ কৰি অহা বছৰৰ পৰাই ইয়াক কার্যকৰী কৰা হ’ব আৰু এই ব্যৱস্থাৰে গাইহে জন্ম হ’ব বুলি উল্লেখ কৰে৷ বিধেয়কখনৰ আওতাৰ পৰা ম’হ শব্দটো বাদ দিয়া বুলি মুখ্যমন্ত্রী ড০ শর্মাই সদনত সদৰী কৰে৷ লগতে মন্দিৰ আদিৰ বিষয়টো ইয়াৰ বিধিয়ে সু–নির্দিষ্ট কৰিব বুলি উল্লেখ কৰি বিধেয়কখন ছিলেক্ট কমিটীলৈ প্রেৰণৰ বাবে বিৰোধীয়ে উত্থাপন কৰা দাবীৰ বিৰোধিতা কৰে তেওঁ৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এনে স্থিতিত বিৰোধী শিবিৰে সদন ত্যাগ কৰে৷
লক্ষণীয়ভাৱে মুখ্যমন্ত্রী ড০ শর্মাৰ বক্তব্যৰ আৰম্ভণিতে সদন ত্যাগ কৰিছিল নির্দলীয় বিধায়ক অখিল গগৈয়ে৷ বিৰোধীৰ সদন ত্যাগৰ পাছত উপস্থিত আটাইৰে ধ্বনি ভোটত সর্বসন্মতিক্রমে বিধানসভাত গৃহীত হয় এই বহুচর্চিত বিধেয়কখন৷
উল্লেখ্য যে বিধানসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যপালৰ অনুমোদন পালেই বিধেয়কখন আইনলৈ ৰূপান্তৰিত হ’ব৷ বিধেয়কখনৰ আওতাৰ পৰা ম’হক বাদ দিয়াৰ পাছত এতিয়া ইয়াৰ আওতাত থাকিব ষাঁড়, দমৰা, গাই, চেউৰী আৰু গৰু পোৱালি৷ এই বিধেয়কখন আইনলৈ পৰিৱর্তন কৰাৰ লগে লগে বৈধ অনুমতি অবিহনে কোনো লোকেই যিকোনো বহিঃৰাজ্যৰ পৰা অসমৰ মাজেৰে আন বহিঃৰাজ্যলৈ গৰুৰ সৰবৰাহ কৰিব নোৱাৰিব৷ তদুপৰি অসমৰ কোনো স্থানৰ পৰা বহিঃৰাজ্যলৈ গো–মাংস নিব নোৱাৰিব৷ অৱশ্যে নির্দিষ্ট জিলাসমূহৰ ভিতৰত পশুপালন বা কৃষিকর্মৰ বাবে গৰু সৰবৰাহত কোনোধৰণৰ অনুমতিৰ প্রয়োজন নহ’ব৷ একেদৰে এখন জিলাৰ ভিতৰত থকা পঞ্জীভুক্ত পশু বজাৰত গৰুৰ ক্রয়–বিক্রয়ৰ বাবেও অনুমতি নালাগিব৷ বিধেয়কখনৰ ৮নং ধাৰাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কর্তৃত্বশীল কর্তৃপক্ষই অনুমতি দিয়া নির্দিষ্ট স্থানৰ বাদে আন ঠাইত কোনো ব্যক্তিয়ে প্রত্যক্ষ বা পৰোক্ষভাৱে গো–মাংস আৰু ইয়াৰ দ্বাৰা উৎপাদিত সামগ্রী ক্রয়–বিক্রয় কৰিব নোৱাৰিব৷ হিন্দু, জৈন, শিখ আৰু গো–মাংস নোখোৱা অন্য সম্প্রদায়ৰ অধ্যুষিত অঞ্চলত এনেধৰণৰ অনুমতি দিয়া নহ’ব বুলি বিধেয়কখনত স্পষ্ট কৰি দিয়া হৈছে৷ লগতে মন্দিৰ, সত্র অথবা হিন্দু ধর্মাৱলম্বীৰ আন ধর্মীয় স্থান তথা কর্তৃত্বশীল কর্তৃপক্ষই নির্ধাৰণ কৰি দিয়া যিকোনো অনুষ্ঠান তথা অঞ্চলৰ ৫ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত গো–মাংস বিক্রী কৰিব নোৱাৰিব৷ বিধেয়কখনৰ জৰিয়তে ১৪ বছৰ বয়স নোহোৱালৈকে গৰু বধ–বিক্রীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ এনেধৰণৰ বাধা–নিষেধ ভংগ কৰাসকলৰ ক্ষেত্রত শাস্তিৰ বিধানো উল্লেখ কৰা হৈছে বিধেয়কখনত৷ ১৩নং ধাৰাত উল্লেখ কৰা অনুসৰি বাধা–নিষেধ উলংঘাকাৰীসকলক জৰিমনাসহ নূ্যনতম তিনি বছৰৰ পৰা ৮ বছৰ পর্যন্ত কাৰাদণ্ড বিহা হ’ব৷ জৰিমনা নূন্যতম ৩ লাখ টকা হোৱাৰ উপৰি এই পৰিমাণ ৫ লাখলৈ বৃদ্ধি হ’ব পাৰে৷