মাত্র ১০০ আলোকবর্ষ দূৰত্বত আৱিষ্কাৰ পৃথিৱী সদৃশ গ্রহ ‘টি’আই–৭০০ডি’
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ পৃথিৱীৰ পৰা ১০০ আলোকবর্ষ নিলগতেই মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাই আৱিষ্কাৰ কৰিছে এটা গ্রহ ৷ পৃথিৱীসদৃশ এই গ্রহটোৰ নাম ৰখা হৈছে টি’আই–৭০০ডি ৷ এই গ্রহটোৰ পৃথিৱীৰে যথেষ্ট সাদৃশ্য থকা বুলি দাবী কৰিছে নাছাৰ বিজ্ঞানীসকলে ৷ আনকি গ্রহটোত জীৱৰ বসবাসৰ উপযোগী অঞ্চল থাকিব পাৰে বুলিও আশা কৰা হৈছে ৷ জুলীয়া স্তৰতেই পানীৰ উপস্থিতি গ্রহটোত থাকিব পাৰে বুলি ধাৰণাও কৰিছে কেইবাগৰাকী বিজ্ঞানীয়ে ৷ উল্লেখনীয় যে মহাবিশ্বত গ্রহৰ অনুসন্ধানৰ বাবে প্রেৰণ কৰা কৃত্রিম উপগ্রহ টিইএছএছে নতুন গ্রহটোৰ অৱস্থান নিশ্চিত কৰিছে ৷ হাৱাইৰ ৰাজধানী হন’লুলুত অনুষ্ঠিত আমেৰিকাৰ জ্যোতির্বিজ্ঞান সমাজৰ বার্ষিক সমাৱেশত নাছাৰ জেড প্র’পালচন পৰীক্ষাগাৰে এই কথা ঘোষণা কৰিছে ৷ মহাকাশ গৱেষণা সংস্থাটোৰ জ্যোতিৰ পদার্থ বিজ্ঞান বিভাগৰ সঞ্চালক প’ল হার্টজে উল্লেখ কৰা অনুসৰি টিইএছএছে কেবল নক্ষত্রক প্রদক্ষিণ কৰি থকা পৃথিৱীসদৃশ গ্রহৰ সন্ধান কৰি আছে ৷ এই অভিযানতেই নতুন গ্রহটোৰ অৱস্থান নিশ্চিত কৰিছে টিইএছএছে ৷