নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ অলিম্পিকত চতুর্থ স্থানপ্রাপ্তলৈ উপহাৰ টাটা মটর্ছৰ

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ সদ্যসমাপ্ত টকিঅ’ অলিম্পিকত পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা ভাৰতীয় খেলুৱৈসকলক সম্বর্ধনা জনোৱাত সকলো ব্যস্ত থকাৰ সময়তে ভাৰতৰ আগশাৰীৰ বাহন নির্মাণকাৰী প্রতিষ্ঠান টাটা মটর্ছে ব্যতিক্রমী পদক্ষেপ হাতত লৈছে৷

বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত অতি কম ব্যৱধানৰ বাবে পদক হেৰুৱাই চতুর্থ স্থান লাভ কৰা খেলুৱৈসকলক টাটা মটর্ছে এখনকৈ এল্ট্র’জ বাহন উপহাৰ হিচাপে আগবঢ়াব৷ এক বিবৃতিত প্রতিষ্ঠানটোৱে শুকুৰবাৰে প্রকাশ কৰিছে যে পদকজয়ী খেলুৱৈসকলৰ সমান্তৰালকৈ চতুর্থ স্থানত থকা খেলুৱৈসকলেও উৎকৃষ্ট প্রদর্শনেৰে দেশবাসীক গৌৰৱান্বিত কৰিছে৷ তেওঁলোকৰ প্রচেষ্টাকো আমি স্বীকৃতি দিয়া উচিত৷

উল্লেখ্য যে দেওবাৰে অন্ত পৰা টকিঅ’ অলিম্পিকত ভাৰতীয় মহিলা হকী দলটোৰ লগতে মল্লযুঁজাৰু দীপক পুনিয়া আৰু গ’ল্ফাৰ অদিতি অশোকে দর্শনীয় প্রদর্শনেৰে অনুৰাগীৰ মন জয় কৰে যদিও চতুর্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়৷

ইফালে টকিঅ’ অলিম্পিকত ঐতিহাসিক স্বর্ণ জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰা তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রালৈ টাটা মটর্ছে পাঁচ লাখ টকাৰ পুৰস্কাৰ আগবঢ়াইছে৷

You might also like